abhilasha

reaching to the sky

মন

মাজনিশা তোমাৰ ভায়‘লিনৰ সুৰৰ ঝংকাৰত কঁপি উঠে মোৰ হৃদয়,  দুনয়ন আৰু ওঠ। উন্মুক্ত দুবাহুৱে আলিঙ্গনৰ বাবে বাট চাই আছে অতি হেপাহেৰে । মাজে মাজে সাৰ পাই উঠে মোৰ সত্বা । কি বুলিনো ক‘ম তোমাক মোৰ হৃদয়ৰ কথাবোৰ । ক‘লেও দেখোন কেতিয়াবা নুবুজা তুমি যদিহে নকও মই তোমাক ভাল পাওঁ বুলি !!! আহ সঁচাই বিৰম্বনা ! কষ্ট হয় মোৰ তুমি বিহীন নিশাবোৰ কটাবলৈ । বুকুত সাৱতি ধৰো মৌৰ সুকোমল দেহা । তাতেই পাওঁ পৰম শান্তি । বুকুভৰি ভাল পাওঁ তোমাক । পলে পলে অনুভৱ কৰো মোৰ কাষত তোমৰ উপস্থিতি। পিছে কি হ‘ব ? তুমি যে মোৰ পৰা বহু যোজন আঁতৰত !!!! চুই চাম বুলিও চুব পৰা নাই তোমাৰ দুবাহু । শুই চাম বুলি ভাৱিও শুৱ পৰা নাই তোমাৰ বুকত ।

নিশাবোৰ গভীৰৰ পৰা গভীৰহৈ যেতিয়া পৰে মই সাৰ পাই উঠো তোমাৰ বাবে । দুচকু মেলি চাওঁ কিজানিবা তোমাক দেখা পাওঁ ! নাই ক‘তো তোমাক দেখা নাপাও  আকৌ চকু মুদি ভাৱত বিলীন হওঁ তোমাৰ বাবেই । আহিবাচোন এদিন মোৰ খিড়িকীমুখলৈ , দিবাচোন এবাৰ মোক তোমাৰ শৰীৰটো চুই চাবলৈ । তাতকৈ আৰু একো নালাগে । তাতেই পাম মই মোৰ মনৰ প্ৰশান্তি ।

Leave a comment »

জাহ্নৱী- প্ৰৱাহিত শব্দৰ গংগা

যুগৰ যুগুতি বুলি ইংৰাজী ভাষাক বৰপীৰা পাৰি দি নিজ মাতৃভাষাক অৱহেলা কৰা লোকৰ সংখ্যাটো বাঢ়ি অহাৰ সময়ত কিছুলোকে নিস্বাৰ্থভাৱে মাতৃভাষাৰ বাবে কাম কৰি আহিছে। ই-বিশ্বই আগবঢ়োৱা অপাৰ সুবিধা গ্ৰহণ কৰি ব্যক্তিগতভাৱে লগ নোপোৱাকৈয়ে একোটা সামূহিক  প্ৰকল্পৰ বাবে বহুলোকে কাম কৰিবলৈ ধৰিছে। আমাৰ অসম মুলুকতো তেনে লোকৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা হ’লেও, একেবাৰে নাই বুলি ক’ব নোৱাৰি। অসমীয়া ভাষাক ভাল পোৱা একুৰিমান উৎসাহী লোকৰ প্ৰচেষ্টাত ফেচবুকৰ বুকুত আজিৰ পৰা চাৰিমাহমান আগতে জন্ম পাইছিল তেনে এটি সামূহিক প্ৰকল্পই যাৰ নাম “জাহ্নৱী- প্ৰৱাহিত শব্দৰ গংগা”। উদ্দেশ্য আছিল বৰ্ণাশুদ্ধিৰ প্ৰতি থকা ভয়ৰ বাবে যিকেইজনে অসমীয়া লিখিবলৈ ইচ্ছা কৰিও ন যযৌ ন তস্থৌ অগা পিছা ভৰিটিৰ দৰে হোঁহকা পিছলা কৰি থাকে অন্ততঃ সেইকেইজনক কিছু সহায় কৰা। আমাৰ বিশ্বাস আছিল যদি এনে এটা সঁজুলি তৈয়াৰ কৰিব পৰা যায় য’ত আখৰ লিখাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে শব্দৰ নিৰ্দেশনা আহি যায় আৰু লেখাসমূহৰ বৰ্ণাশুদ্ধি চাব পাৰি, তথা দ্ৰুততাৰে লিখিবৰ বাবে কিছু কায়দাৰ সৃষ্টি কৰিব পৰা যায় তেতিয়া সকলোকে নোৱাৰিলেও যি সকলৰ এতিয়াও মাতৃভাষাৰ প্ৰতি টানটো এগৰাকী অনাৰ পাছত পিতৃ-মাতৃক পাহৰি যোৱা পুত্ৰৰ দৰে নাইকিয়া হৈ যোৱা নাই, অন্ততঃ তেখেতলোকৰ প্ৰতি কিছু উপকাৰ কৰা হ’ব।

ইতিমধ্যে জাহ্নৱীৰ প্ৰথম সংস্কৰণ ডাউনল’ডৰ বাবে উপলব্ধ হৈছে http://www.jahnabi.org এই ই-ঠিকনাত। প্ৰথমটো সংস্কৰণত উপলব্ধ জাহ্নৱীৰ সুবিধা সমূহ হৈছে-(অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ বাবে প্ৰযোজ্য):-

১) স্বয়ংক্ৰিয় শব্দৰ নিৰ্দেশনা

২) বৰ্ণাশুদ্ধি চাব পৰা ব্যৱস্থা বা স্পেল চেকাৰ

৩) দ্ৰুততাৰে লিখিবৰ বাবে ছৰ্টকাট বা Abbreviation ৰ ব্যৱস্থা

৪) ইউনিক’ড ভিত্তিক কিছু পুৰণি সঁজুলিৰে ভুলকৈ লিখা লেখাসমূহ শুধৰোৱাৰ ব্যৱস্থা

৫) অসমীয়াত লিখিবৰ বাবে ইউনিক’ড ভিত্তিক কী-ব’ৰ্ড

৬) সকলোবোৰ তৃতীয় পক্ষৰ ইউনিক’ড ভিত্তিক কী-ব’ৰ্ডৰ লগত কাম কৰাৰ সক্ষমতা

১) স্বয়ংক্ৰিয় শব্দৰ নিৰ্দেশনা আৰু স্পেল চেকাৰ:- জাহ্নৱী মূলতঃ Microsoft Word ৰ দৰে এক ৱৰ্ড প্ৰচেছৰ। কিন্তু ইয়াৰ উপৰঞ্চি সুবিধা হৈছে লিখি গৈ থাকোতে দিয়া শব্দৰ নিৰ্দেশনা আৰু বৰ্ণাশুদ্ধিৰ ইংগিত। সহজ ভাষাত ক’বলৈ গ’লে আপুনি যদি জাহ্নৱীৰ ৱিনড’খনত “ক” বুলি লিখে তেন্তে ই আপোনাক “ক”ৰে আৰম্ভ হোৱা শব্দ, যেনে— কংকণ, কংকাল, কংকালতন্ত্ৰ, কইনা, কওঁতা, কওঁতাক আদিৰ এখন তালিকা তাৎক্ষণিকভাৱে দেখুৱাব। এতিয়া আপুনি যদি “ক” ৰ লগত “ম” অৰ্থাৎ “কম” বুলি লিখে তেন্তে তালিকাখন “কম” ৰে আৰম্ভ হোৱা শব্দ, যেনে— কমকৈ, কমতা, কমতাপুৰ, কমতাপুৰলৈ, কমাৰ, কমিটি, কমিটিখন আদিৰে ভৰি পৰিব। তালিকাখনৰ পৰা আপুনি দৰকাৰী শব্দটো ENTER কী হেঁচি চয়ন কৰিব পাৰিব। যিসকল লোকে বানান ভুল হ’ব বুলি ভয় কৰি থাকে তেখেতলোকৰ বাবে এই সুবিধাটো কামত আহিব। আপুনি লিখি যোৱা কোনো শব্দৰ যদি বানান ভুল হয় তেন্তে ই আপোনাক শব্দটোৰ তলত আঁচ মাৰি ইংগিত দিব। সেই শব্দটোৰ ওপৰত সোঁ-ক্লিক কৰিলে জাহ্নৱীয়ে আপোনাক সম্ভাব্য শব্দৰ এখন তালিকা দেখুৱাব। তালিকাখনৰ পৰা আপুনি দৰকাৰী শব্দটো বাওঁ ক্লিক কৰি চয়ন কৰিব পাৰিব।  সঁজুলি এটাৰ লগত ব্যৱহাৰকাৰী এজন যেনেদৰে সময়ৰ লগে লগে অভ্যস্ত হৈ পৰে তেনেদৰে সঁজুলিটোও ব্যৱহাৰকাৰীজনৰ লগত অভ্যস্ত হ’ব পৰাৰ ব্যৱস্থা কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে জাহ্নৱীৰ দ্বিতীয় সংস্কৰণৰ এলগৰিদমবোৰত( এলগৰিদম মানে কোনো এটা সমস্যা সমাধান কৰাৰ প্ৰণালীবদ্ধ উপায়) উপলব্ধ কৰোৱা হ’ব।

২) দ্ৰুততাৰে লিখিবৰ বাবে ছৰ্টকাট বা Abbreviation ৰ ব্যৱস্থা:-  আমি সততে কিছু বাক্যাংশ পৌনঃপৌনিকভাৱে ব্যৱহাৰ কৰি থাকোঁ। উদাহৰণস্বৰূপে -“মই ক’ব খুজিছোঁ যে” -এই বাক্যটো আমি লেখাৰ মাজত প্ৰায়ে ব্যৱহাৰ কৰোঁ। গোটেই বাক্যটো বাৰে বাৰে লিখি থকাতকৈ যদি “মকবয” বা তেনেধৰণৰ ছৰ্টকাট বা Abbreviation ৰ দ্বাৰা লিখিব পৰা যায় তেন্তে সময় ৰাহি হয়। সেই উদ্দেশ্য আগত ৰাখি জাহ্নৱীত নিজস্ব ছৰ্টকাট সৃষ্টিৰ সুবিধা দিয়া হৈছে। আপুনি “মকবয” দৰে ছৰ্টকাট শব্দটো জাহ্নৱীৰ ৱিনড’ত লিখি CONTROL+ENTER হেঁচিলে সম্পূৰ্ণ বাক্যাংশটো চয়ন হ’ব।

৩) অসমীয়াত লিখিবৰ বাবে ইউনিক’ড ভিত্তিক কী-ব’ৰ্ড:- এই সুবিধাটোৰ বিষয়ে কোৱাৰ আগতে ইউনিক’ডনো কি তাক কোৱা উচিত হ’ব। ইউনিক’ডৰ সম্পৰ্কে বিভিন্ন সময়ত বিভিন্ন লোকে লিখা মেলা কৰি আহিছে। সেইবাবে আমি যিসকলে এই সম্পৰ্কে এতিয়াও বুজি উঠা নাই তেখেতলোকৰ বাবেহে এই কথাখিনি লিখিবলৈ লৈছোঁ। কম্পিউটাৰৰ কী-বৰ্ডখনলৈ চালে দেখিম যে কী-বোৰত কেৱল ইংৰাজী ভাষাৰ বৰ্ণসমূহহে দিয়া আছে। ইংৰাজীৰ বাদে বেলেগ ভাষাত লিখিবলৈ হ’লে স্বাভাৱিকতে এটা সমস্যা হয়। ইউনিক’ড( ই আচলতে এটা ষ্টেণ্ডাৰ্ড বা বিভিন্ন ভাষা কম্পিউটাৰত অন্তৰ্ভুক্তিৰ বাবে তৈয়াৰ কিছু নিয়মাৱলী আৰু একে নামৰ এটা সংস্থা) অহাৰ আগতো কম্পিউটাৰত ইংৰাজীৰ বাদে বেলেগ ভাষা লিখা গৈছিল। একেবাৰে সহজ উদাহৰণ হৈছে আমাৰ অসমীয়া ভাষাৰ বাবে বহুল ব্যৱহৃত লিপ অফিছ বা ৰামধনুৰ দৰে ছফ্টৱেৰ। পিছে এনে পদ্ধতিৰ অসুবিধা হৈছে উক্ত ছফ্টৱেৰে ব্যৱহাৰ কৰা ফ’ণ্ট( মানে আখৰৰ আৰ্হি) ইনষ্টল নথকা কম্পিউটাৰত এনে লেখাসমূহ দেখিবলৈ পোৱা নাযায়। সেইবাবে এই অসুবিধাসমূহ দূৰ কৰিবলৈ ইউনিক’ড নামৰ এটা সংস্থাই পৃথিৱীৰ সকলোবোৰ ভাষাক সামৰি লোৱাকৈ কিছু নিয়মাৱলী প্ৰস্তুত কৰি উলিয়ালে। উক্ত নিয়মাৱলী অনুসৰণ কৰি বিভিন্ন কম্পিউটাৰ আৰু  অপাৰেটিং ছিষ্টেম তৈয়াৰ কৰা প্ৰতিষ্ঠানসমূহে ছফ্টৱেৰসমূহ তৈয়াৰ কৰি উলিয়ালে। এই একে নিয়মাৱলী অনুসৰণ কৰি অসমীয়া ভাষাত লিখিবৰ বাবে জাহ্নৱীতো এখন কী-বৰ্ড( ছফ্টৱেৰ কী-বৰ্ড) সংযুক্ত কৰা হৈছে। এই কী-বৰ্ডৰ দ্বাৰা অসমীয়াত লিখা অতি সহজ আৰু অভ্যস্ত হৈ পৰিবৰ বাবে বেছি সময়ৰ প্ৰয়োজন নহয়। উল্লেখযোগ্য যে Adobe InDesign CS6 ( PageaMaker ৰ উন্নত সংস্কৰণ) আৰু Adobe Photoshop CS6 এই দুয়োটাই ইউনিক’ডৰ নিয়মাৱলী অনুসৰণ কৰি তৈয়াৰ কৰা; সেইবাবে আপুনি জাহ্নৱীৰে ইয়াতো অসমীয়াত লিখিব পাৰিব

অসমীয়া ভাষাৰ বাবে স্পেল-চেকাৰ এটা তৈয়াৰ কৰা মুঠেও সহজ কাম নহয়। অসমীয়া ভাষাৰ প্ৰত্যয়, বিভক্তি, উপসৰ্গ, অনুসৰ্গ ইত্যাদিবোৰৰ বাবে স্পেল-চেকাৰ এটা তৈয়াৰ কৰিবৰ বাবে দৰকাৰ হোৱা সাধাৰণীকৰণ অৰ্থাৎ নিৰ্দিষ্ট নিয়মৰ আওঁতালৈ অনা কাম অত্যন্ত কঠিন কৰি তোলে। সহজ ভাষাত ক’বলৈ হ’লে অসমীয়া ভাষাৰ মূল শব্দখিনিৰ উপৰিও প্ৰত্যয়, বিভক্তি তথা সৰ্গসমূহ লগলাগি হোৱা যৌগিক শব্দবোৰৰ সংখ্যা নগণ্য নহয়; কুৰিজন সদস্যই বিনামূলীয়া শ্ৰমদান কৰি ইতিমধ্যে ২.৫ লাখমান শব্দৰ ভাণ্ডাৰ তৈয়াৰ কৰি উলিয়াইছে। উল্লেখযোগ্য যে জাহ্নৱীৰ শব্দ ভাণ্ডাৰত বৰ্তমান প্ৰায় ৬৬৭ টা মান ফকৰা যোজনাও অন্তৰ্ভুক্ত হৈ আছে। ব্যৱহাৰকাৰীৰ কম্পিউটাৰৰ স্মৃতিৰ(RAM) সীমাৱদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি এই ভাণ্ডাৰটো বেছি ডাঙৰ কৰাৰ পৰা বিৰত থাকিব লগীয়া হৈছে। পিছে স্পেল চেকাৰৰ নিৰ্ভৰযোগ্যতা এই ভাণ্ডাৰৰ ওপৰতে নিৰ্ভৰ কৰে। সেইবাবে স্পেল চেকিঙৰ বহুখিনি দ্বয়িত্ব জাহ্নৱীৰ এলগৰিদমলৈ সলনি কৰা হৈছে। আৰু বহু কাম কৰিবলৈ এতিয়াও বাকী আছে। নতুন সদস্য আগবাঢ়ি আহিলে সেইখিনি পৰ্যায়ক্ৰমে দ্বিতীয় সংস্কৰণৰ বাবে কৰা হ’ব। দ্বিতীয় পৰ্যায়ত এখন পূৰ্ণাংগ অফলাইন ডিজিটেল অভিধানো জাহ্নৱীৰ সতে সংযুক্ত কৰা হ’ব

পথভ্ৰষ্ট বুলি আজিৰ যুৱ প্ৰজন্মক গালি পাৰি থাকিলেও তাৰ মাজতে বহুলোকে নীৰৱে কিছু কাম কৰিছে বা কৰিবলৈ চেষ্টা কৰি আহিছে। পিছে সঠিক পথ নিৰ্দেশনা আৰু উপযুক্ত নেতাৰ অভাৱত এনে ধৰণৰ বহু অভিলাষী প্ৰকল্পই নিৰ্বাচনৰ সময়ত আমাৰ নেতাসকলে স্থাপন কৰা আধাৰশিলাবোৰৰ দৰে আধৰুৱা হৈ ৰয়। আমাৰ বিশ্বাস সকলোবোৰ এতিয়াও শেষ হৈ যোৱা নাই। ৰাজনৈতিক দলবোৰে ওপৰৰ পৰা জাপি দিয়া নেতাবোৰৰ দৰে নহৈ হাতে-কামে দেখুৱাব পৰা প্ৰকৃত নেতা পালে আমাৰ যুৱ প্ৰজন্মই অসাধ্য সাধন কৰিবলৈ সক্ষম হ’ব। সাম্প্ৰতিক পৰিস্থিতিলৈ চালে বিশ্বাস কৰিবলৈ টান লাগে যে এনে এটা দিনো আছিল যে অৰুণাচলী মানুহে অসমীয়া মানুহ মাত্ৰেই ভাল মানুহ বুলি ভাবিছিল আৰু অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰি লৈছিল (ইন্দিৰা মিৰিৰ দৰে আত্মত্যাগী এচাম অসমীয়াৰ প্ৰচেষ্টাত)। কিন্তু আজি অৰুণাচলহে নালাগে নিজ মাতৃভূমিতে মাতৃভাষা এলাগী হ’ল। নতুন প্ৰজন্মই ইংৰাজী শিকক, গোলকীয় নাগৰিক হওক, তাত কাৰো আপত্তি নাই বা থকা উচিত নহয়; কিন্তু নিজ ভাষাক এলাগী কৰি নহয়। আমি পাহৰি যোৱা উচিত নহয় অসমী আইৰ শ্ৰেষ্টতম গোলকীয় নাগৰিকজন— সকলোৰে মৰমৰ ভূপেন হাজৰিকাই কিন্তু নিজ ভাষা, সাহিত্য, সংস্কৃতিৰ চৰ্চা কৰিয়েই নজহা নপমা কিৰীতি ৰাখি থৈ গৈছে। কাকো আমি অসমীয়া শিকিবই লাগিব বুলি বাধ্য কৰাব নোৱাৰো। কিন্তু অসমীয়া ভাষা শিকিবলৈ আগ্ৰহ জন্মাব পৰা কাৰক কিছুমানৰ সৃষ্টি কৰিব পাৰো। তেনে এটা কাৰক হৈ উঠক বুলিয়েই “জাহ্নৱী”ৰ জন্ম। অহা জানুৱাৰীৰ পৰা জাহ্নৱীৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰা হ’ব। আপুনি যদি উৎসাহী, অসমীয়া ভাষাক মৰি পৰি ভাল পোৱা, দৈনিক অলপ হ’লেও সময় দিব পৰা, তিতা কেঁহা মিঠাকে আদি কৰি সৰ্ব্বপ্ৰকাৰৰ ৰসগ্ৰাহী লোক তেন্তে জাহ্নৱীৰ এই যাত্ৰাৰ অংশীদাৰ হ’বৰ বাবে আপোনাক স্বাগতম। আহক তেন্তে http://facebook.com/groups/jahnabi.soft এই গোটত পষ্ট আকাৰে নাইবা jahnabi.soft@gmail.com এই ই-ঠিকনালৈ পত্ৰ প্ৰেৰণ কৰি জাহ্নৱীৰ প্ৰৱাহিত শব্দৰ অলকানন্দাখনি বোৱাই ৰখাত ৰাইজে নখ জোকাৰি সহায় কৰক।Jahnabi jahnabi logo jahnobilogo1

Leave a comment »

ইফটাৰ

আজি ময়ো আছো লঘোণে ,
যদিও মই মুছলমান নহয়
নহয় খ্ৰীষ্টান ,
অঁকা আছে মোৰ কপালত
হিন্দুত্বৰ নাম।
পিছে ক‘তা ?
মই দেখোন নিজকে ক‘তো
বিচৰিকে নেপাও !
পাওঁ ক‘ত জানা ?
মোৰ বুকুত খোদিত কৰা
প্ৰতিজন মানৱৰ ৰঙা তেজৰ
দাগ লগা মনবোৰৰ মাজত।
সেয়েহে আজি ভাৱিছো মনতে
দুয়ো বঢ়িম একেলগে
সন্ধিয়া ইফটাৰতে ।

অঞ্জনা তামুলী

গুৱাহাটী/২০/০৭/২০১৩

Leave a comment »

নদীৰ প্ৰেমত মই

বাৰিষা তুমি বলিয়া হ‘লেও
ভাল লাগে তোমাক মোৰ;
কিয় জানা ?
তুমি যে নিজস্ব গতিৰে বৈ থাকা
নিৰবচিন্ন ভাৱে,
য‘ত থাকে তোমাৰ আত্ম-অহংকাৰ,
আৰু থাকে উঠন বুকৰ
প্ৰেমৰ মদিৰা ভৰা লুকা-ভাকু
লগত থাকে তোমাৰ বোৱতি
সুঁতিৰ লাজুকি চকু।

অঞ্জনা তামুলী

গুৱাহাটী /১৯/০৭/২০১৩

Leave a comment »

হীৰু দালৈ শ্ৰদ্ধাৰ্ঘ

আজি ইংৰাজী ৪ জুলাই ২০১৩ তাৰিখ। মোৰ শ্ৰদ্ধাৰ প্ৰিয় কবি হীৰেন ভট্টাচাৰ্য্যৰ প্ৰথম মৃত্যু বাৰ্ষিকীত তেখেতলৈ সহস্ৰ প্ৰণিপাত জনাইছোঁ।

হীৰু দা, তুমি য‘তেই আছা
শান্তিৰে আছা,
আৰু আমি তুমি এৰি যোৱা
পথাৰখনৰ কোনোবা পথিক হৈ
আৰু কোনোবা খেতিয়ক হৈ
জীয়াই আছোঁ।
কিন্তু কি জানা ?
এতিয়া এই পথাৰখনত
খেতি কৰিবলৈ এজনো
ভাল খেতিয়ক নাইকীয়া হ‘ল ।
সেয়েহে পথাৰখন চন পৰিয়ে ৰ‘ল।

অঞ্জনা তামুলী

গুৱাহাটী, ৪/০৭/২০১৩

Leave a comment »

দামিনীলৈ শ্ৰদ্ধাঞ্জলি

দামিনী, এজনী ২৩ বছৰীয়া গাভৰুৰ মৃত্যু হ‘ল । মৃত্যু বাৰু ইমান সহজ নে ? এৰা , সঁচাই আজিকালি মৃত্যুটো বৰ সুলভ হৈ পৰিছে। ৰাতিপুৱা অন্যদিনাৰ দৰেই আজিও পুৱাৰ বাতৰি চাম বুলি টিভিটো অন কৰাৰ লগে লগে যি দেখিলো সেয়া যেন বিশ্বাস কৰিবলৈ মোৰ বহু দেৰী লাগিল ।বহুতৰে দৰে ময়ো ভাৱিছিলো দামিনী সুস্থ হৈ আহিব । কিন্তু তাই সুস্থ হৈ নাহে মানে তাইৰ দেহাটোহে আছে প্ৰাণটো হেৰাই গৈছে।

পুৱাৰ ব্ৰেকিঙ নিউজটো দেখিয়ে সৰ্বশৰীৰ শিৰশিৰাই উঠিছিল । চকুৰ আগত কাষতে গভীৰ নিন্দ্ৰাত থকা মোৰ ৬ বছৰত ভৰিদিয়া কণমানিজনীলৈ চাই শিঁয়ৰি উঠিছিলো । তাই বা কি ভৱিষ্যৎ লৈ আহিছে। এগৰাকী কন্যা সন্তানৰ মাতৃ হিচাবে মনত বিভিন্ন চিন্তাই জুমুৰি দি ধৰিছেহি । কেনেকৈ সিহঁতক ঘৰৰ বাহিৰলৈ পথাম । তাইৰ দৰে ছোৱালীবোৰো এদিন গাভৰু হ‘ব । বিভিন্ন কাৰণত হয়তো ঘৰৰ পৰা দুৰত থাকিব লাগিব। তেতিয়া একমাত্ৰ ছোৱালী বুলিয়ে যে তাইক বাহিৰলৈ নপথাম তেনেকৈও ভাৱিব নোৱাৰো । বৰ অসহায়বোধ কৰিছো। বৰ আশাৰে বাট চাইছো দামিনীৰ অকাল মৃত্যুৱেই যেন শেষ মৃত্যু হয় । যাতে ভাৰতৰ সকলো নগৰ মহানগৰত প্ৰতিজনী ছোৱালী-বোৱাৰীয়ে নিৰ্ভয়ে ঘুৰা-পকা কৰিব পৰা হয় । প্ৰতিজন দোষীয়ে যেন উচিত শাস্তি পায় তাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চালো।

2 Comments »

ককাইদেউলৈ চিঠি

মৰমৰ ককাইদেউ,

মৰম ল‘বি । বৌক মোৰ মৰম দিবি । বাবু আৰু মাইনাৰ খৱৰ নোপোৱা এমাহেই হ‘ল । সিহঁতকো মোৰ মৰম জনাবি । আমি ইয়াত নেদেখাজনৰ কৃপাত ভালে আছো বুলিয়ে ধৰিবি ।যদিও নেদেখাজনৰ প্ৰতি আস্থা হেৰাই যোৱাৰ উপক্ৰম হৈছে তথাপি বিশ্বাস হেৰুৱা নাই। তোৰ কামৰ বোজা বিলাক কিছু কমিছেনে বাৰু ? নে আগতকৈও বাঢ়িছেহে ? কি কৰিবি কৰ্মই ধৰ্ম বুলি ধৰি লৈ কৰি যাবি কৃপনালি নকৰিবি।

কি লিখো বাৰু ? বহুত কথা আছে অ লিখিবলৈ । আজি অলপ স্বাৰ্থপৰ হ‘বলৈ মন গৈছে । মানে তোক মোৰ কিছুমান কথা কোৱাৰ হেপাহ হৈছে । মা আৰু পিতাইৰ কথা সংক্ষেপে ক‘বলৈ হ‘লে দুয়ো ভালে আছে । মাজে মাজে আজিকালি দুয়োকে ফুৰিবলৈ যাবলৈ দিওঁ । যোৱা সপ্তাহত কণখুড়াৰ ঘৰলৈ গৈছিল দুয়ো । দুৰাতি থাকিয়ে ঘুৰি আহিল মই মাজু আইতাৰ লগত থাকিবলৈ ভয় কৰিম বুলি । পিছে কি জান- খুড়াৰ ঘৰৰ পৰা অহাৰ পিছত মন কৰিলো মাৰ মনটো কিছু ফৰকাল । সেয়ে কালি আকৌ দক্ষিণপাৰত থকা মাহীহঁতৰ ঘৰলৈ পথালো মোহাৰ খৱৰ ল‘বলৈ । মোহা আজি কিছুদিন ধৰি বিছনাতে পৰি থকা । আজিও মাজু আইতাৰ লগতে আছো । মা-পিতা ঘৰত নাথাকিলে যদিও বেয়া লাগে ঘৰৰ পৰা উলিয়াই পঠাব পাৰি মোৰ মনত আনন্দও লাগে । আজি ৫/৬ বছৰ মায়ে কাৰো ঘৰত ফুৰিবলৈ যোৱা নাছিল কাৰণ সকলোৱে তোৰ কথা সোধে বাবে । কিমান উত্তৰ দিবনো একেবোৰ কথাকে । তই কিয় মেমনী বিয়া কৰালি ? ঘৰলৈ একেবাৰে নাহ নেকি ইত্যাদি ইত্যাদি । পিছে সময় বাগৰৰা লগে লগে সকলোৱে পাহৰিবলৈ ধৰিলে তোৰ কথা। সেয়ে সেই অবান্তৰ প্ৰশ্নবাণ সমুহৰ পৰাও মা-পিতাই মুক্তি পোৱাৰ দৰেই হ‘ল ফলত অলপ মুকলি মনেৰে ফুৰিব পৰা হ‘ল । ধেৎতেৰি ! তোকনো বাৰু এইবোৰ লিখি পঢ়িবলৈ দিব লাগেনে মই ? আচলতে কি জান ? পাহৰি যাওঁ তোলৈ চিঠি লিখিলে লিখিছো নে তোৰ লগত কথা পাতি আছো। ঐ আজি অলপ আমাৰ কথা শুনচোন । বাদ দেনা সেই যান্ত্ৰিক জগত খনৰ কথা কিছু সময়ৰ বাবে ।

আজি মোৰ কি মণত পৰিছে জান ? আমি যে সোনদাদাহঁতৰ পিছফালৰ চোতালৰ মুৰত থকা  জলফাইজোপাৰ পৰা জলফাই খাবলৈ গৈছিলো সৰুতে, তোৰ বাৰু মণত আছে নে ?  সেইজোপা সিদিনা কাটি পেলালে । কাৰণ আমাৰ সেই বৰমাৰ একমাত্ৰ পুত্ৰ সোনদাদাই আমাক এৰি অকালতে গুছি গ‘ল । সি যে জলফাই খাই বৰ ভাল পাইছিল । তাৰ অসুখতোৰ কথা মই তোক আগতেও জনাইছিলো । আজি আঢ়ৈ বছৰে সি বেমাৰৰ লগত যুঁজি যুঁজি অৱশেষত সিদিনা মানে যোৱা ১৯ নবেম্বৰৰ দিনা সি বেমাৰৰ ওচৰৰ হাৰ মানি চিৰবিদায় ল‘লে । যোৱা বছৰ এনেকুৱা দিনত তাৰ খুব বেছি অসুখ হৈছিল তেতিয়া মই তোৰ লগতো কথা পাতিছিলো তাক অসমৰ বাহিৰৰ ক‘ৰবাত দেখুৱাই আনিব পাৰিম বুলি । পিছে সি এবাৰো মান্তি নহৈছিল ক‘লৈকো যাবলৈ । কাৰণ সি কাকো দিগদাৰ দিব বিচৰা নাছিল । অকলশৰীয়া হোৱা বাবে সদায় বৰদেউতাই তাৰ লগত হস্পিটেলত থাকিছিল । পিছে চাচোন নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস – তাক তেনেকৈয়ে এৰি বৰদেউতায়ে আমাক এৰি গুছি গৈছিল । তাৰ পিছত সি একেবাৰে অলৰ হৈ পৰিছিল। ঘৰতে বহি ফোনৰ দ্বাৰাই ব্যৱসায়িক কাম-কাজ চলাই গৈছিল । আৰু তেনেদৰেই সুকলমে চলি আছিল সিহঁতৰ সৰু সংসাৰখন । যোৱা ৯ নবেম্বৰত বৰদেউতাৰ বছেৰেকীয়া সকাম পাতিবৰ বাবে যো-জা কৰি থাকোতেই ৬ নবেম্বৰৰ দিনা হঠাতে সি অসুস্থ হৈ পৰিছিল ।  লগে লগে ডাঙৰ বৰদেউতাহঁতৰ চুৰেণদাদায়ে তাক মাজে মাজে আনি দেখুৱাই থকাৰ দৰেই তেজপুৰলৈ লৈ আনিছিল । পিছে তেজপুৰত ডাক্তৰে তাৰ পেটটো হানি-খুচি পানী এটুপিও উলিয়াব নোৱাৰি গুৱাহাটীলৈ পঠিয়াই দিলে । তেতিয়া সময় সন্ধ্যা ৭ বাজিছে । মই সিহঁত আহি পোৱাৰ কিছু সময় পিছতে গৈ হস্পিটেল পালোগৈ । কানুনত যিখিনি কাম কৰিব লাগে সেইখিনি কৰি ৰাতি ৯-৩০ বজাত মই ঘৰলৈ ঘুৰি আহিলো । পিছদিনা পুৱা ৬-৩০ বজাতে গৈ আকৌ হস্পিটেল পালোগৈ । ডাক্তৰৰ লগত সাক্ষাৎ কৰি কৰিদিব পৰা সকলো কৰিবৰ বাবে প্ৰস্তুত হ‘লো কাৰণ ডাক্তৰে মোক আৰু চুৰেণদাদাক সকলো খোলাকৈয়ে কৈ দিছিল তাৰ আয়ুসৰ কথা । তাৰ জীৱনটো ইমান ক্ষন্তেকীয়া বুলি জানিব পাৰি মই দুখত ভাগি পৰিলো । ঘৰত ছোৱালীজনীক প্ৰয়োজনীয় সময়খিনিতকৈ কমাই দি বেছি সময় তাক দিলো । শুনি হয়তো বিশ্বাস কৰিবলৈ টান পাবি সেই ১৩ দিন অৰ্থাৎ ৬ নবেম্বৰৰ পৰা ১৮ নবেম্বৰলৈ মোৰ বাবে দিনটোত ২৪ ঘন্টা কিমান কম যেন লাগিছিল । পুৱা ৫-৩০ বজাৰপৰা ৬ টা বজালৈ প্ৰাতঃ ভ্ৰমণৰ পৰা আহি ঘৰত একাপ লালচাহ খাই তাৰ বাবে ৰুটি আৰু চাহ লগতে বৌৰ বাবেও পুৱাৰ আহাৰ গোটাই ৭ টা বজাত গৈ হস্পিটেল পাইছিলোগৈ । পুণৰ ৮ টা বজাত হস্পিটেলৰ পৰা আহি মৌক ৮-৩০ বজাত স্কুললৈ লৈ যোৱা । ৯-৩০ ত ঘৰৰ পৰা যাত্ৰা কৰোঁ অফিচলৈ বুলি গধুলি  ৬-৩০ ত অফিচৰ পৰা ওলাই চিধা হস্পিটেল তাৰ পৰা ৮ টা বজাত আহি ঘৰ পাই ৮-৩০ ৰ পৰা ৯ টালৈকে মৌক পঢ়ুৱাও কাৰণ ১৯ তাৰিখৰ পৰা তাইৰ বছেৰেকীয়া পৰীক্ষা । ৯ তাৰ পৰা ১০ টালৈকে তাইক যিখিনি পাৰো সময় দি মই তাইৰ পৰাও আঁতৰি আহো ফোনটোৰ বাবে । কাৰণ ঘৰৰ মানুহখিনিয়ে আগ্ৰহেৰে বাট চাই থাকে মোৰ ফোনটোৰ বাবে । এনেদৰে ১৩ দিন কেনেকৈ পাৰ হৈছিল মই গ‘মেই নাপালোঁ । লাহে লাহে মই তাক চাব নোৱাৰা হৈ আহিছিলো । হঠাতে মোৰ মনত খেলালে ইটো বেছি দিন নাথাকেই যিকেইদিন থাকে তাক ঘৰলৈকে পঠাই দিও অন্ততঃ বৰমা আৰু ছোৱালীদুজনীৰ লগত কিছুসময় থাককগৈ । সেয়ে ১৮ তাৰিখৰ দিনা আমি ৮ জন মানুহৰ সিধান্ত মৰ্মে তাক হস্পিটেলৰ পৰা উলিয়াই নিয়াৰ সিধান্ত লৈ ৰবিবাৰে তাকেই কৰিলোঁ ।

১৮ তাৰিখৰ দিনা দেওবাৰ । সেয়ে পুৱা ৮-৩০ বজাতে আমাৰ ঘৰলৈ সাতগাওঁত থকা নীলদাদা আহিল আৰু আমি দুয়ো একেলগে হস্পিটেললৈ ৰাওনা হ‘লো । তাত গৈ পোৱাত সকলোৱে ক‘লে সি মোক কেনেকে বিচাৰি আছে । ইফালে ১২ বজাৰ আগত কোনো কাৰণতে আই চি ইউ ত সোমাব নিদিয়ে । মোৰ কিবা মনটোৱে তাক সিদিনা চাব বিচৰা নাই দেখোন । এবাৰ আই চি ইউৰ পৰা কেবিনলৈ ফোন আহিল মোক বিচাৰি । পলম নকৰি লগে লগে তাত পালোগৈ । মোক কাষত দেখিয়ে সি কান্দিবলৈ ধৰিলে – ক‘লে মোক সোনকালে ইয়াৰ পৰা লৈ ব‘ল । তোৰ বাদে মোক কোনেও নিব নোৱাৰে । মই অলপ অস্বস্তিবোধ কৰিলো । কি হ‘ল যিটো ল‘ৰাই মোক প্ৰতিদিনে এষাৰেই কথা কয় – মই বাৰু ৫ বছৰ আৰু জীয়াই থাকিব পাৰিম নে ? তেতিয়া চুমকিয়ে মেট্ৰিক দিব আৰু চিতলিজনীয়ো অলপ ডাঙৰ হ‘ব । সি আজি কিয় যাব বিছাৰিছে ? তাৰ চকুত চকু থৈ কথা পাতিবলৈ মোৰ ভয় লাগিল । তাক হেৰুৱাৰ ভয় । তথাপি তাক শান্তনা দিলো তোক আমি এতিয়াই ইয়াৰ পৰা লৈ যাম । কথামতে কাম । সকলোৱে মিলিজুলি হস্পিটেলৰ যাৱতীয় কামখিনি কৰি আবেলি ৩-৩০ বজাত তাক আমি গুৱাহাটীৰ পৰা বিদায় দিলোঁ । বিদায়ৰ মূহুৰ্তত সি মোক ক‘লে ছোৱালীৰ পৰীক্ষা শেষ কৰি সোনকালে তই আহিবি আমি বহুত কথা আলোচনা কৰিব লগীয়া আছে আৰু জলফাইৰ মিঠা আঁচাৰো বনাব লাগিব । মই তাক হয়ভৰ দি ক‘লো যা – মই ডিচেম্বৰৰ ৩-৪ তাৰিখৰ ভিতৰত গৈ আছোঁ । তাক পঠিয়াই আহি ঘৰ পোৱাৰ লগে লগে ভন্টিয়ে কৈ উঠিল – সি হস্পিটেলতে থাকিলে ভাল আছিল কিজানি আৰি কিছুদিন বাছি থাকিলে হয় ! আৰু কিবা কৈছিল তাই মোৰ কাণত একো সোমোৱা নাছিল। একাপ চাহ খাই বিচনাখনত অলস ভাৱে বাগৰি দিলো। কেতিয়া টোপনি আহিল গ‘ম নাপালো । সাৰ পাই দেখো মৌৱে কাষতে বহি পঢ়ি আছে ।মনটো বৰ দোষী যেন অনুভৱ হ‘ল । পিছদিনাৰ পৰা তাইৰ পৰীক্ষা । উঠি মুখহাত ধুই তাইক পঢ়ুৱাবলৈ বহিলো। ঠিক ৯ বজাৰ লগে লগে ভন্টিয়ে জনালে দাদাৰ গা বেয়া লাগিছে বোলে আৰু যাব নোৱাৰে । আকৌ বিমোৰত পৰিলো কি কৰা যায় । সিহঁতি নগাঁৱতে হোটেল এখনত থকাৰ ব্যৱস্থা কৰিলে । ৰাতিটো শোৱা ন‘হল মোৰ । প্ৰতি আধা ঘন্টাৰ মুৰে মুৰে বৌলৈ ফোন কৰি থাকিলো। পিছদিনা মানে ১৯ তাৰিখে পুৱা ৩-৩০ বজাতে সিহঁতি যাত্ৰা আৰম্ভ কৰিলে । একো বিঘিনি নোহোৱাকৈ গৈ আছিল । ৭ বজাত বৌয়ে ফোন কৰি জনালে তেওঁলোক গৈ ভালে ভালে গহপুৰ পাইছেগৈ । তাতে দাদায়ে একাপ লাল চাহ খালে আৰু বৌক ক‘লে সি শুৱ ঘৰ পালেহে তাক যেন মাতে ।  ময়ো মৌক পৰীক্ষাৰ বাবে সাজু কৰি তাইক স্কুলত থৈ আহিলোঁ । ভাত কেইটা খাই অফিচলৈ আহিবলৈ ধৰোতেই মোৰ দাদায়ে ফোনকৰি জনালে ঘৰত কন্দা-কটা লাগিছে ফোন কৰিব লাগে তাক কোনেও একো কোৱা নাই । মই লগত যোৱা দাদাক ফোন কৰিলো সি কান্দি কান্দি জনালে সোনদাই চকু মেলিব বিচৰা নাই । একো কথাও কোৱা নাই । মই লগে লগে গাঁৱৰ দুজনমানক ক‘লো তঁহতি সোনকালে তাক অক্সিজেন দিয়াৰ ব্যৱস্থা কৰ । পিছে আমি আলোচনা কৰি থাকোতেই হুৱা-দুৱা বেছিকৈহে লাগিলে । ফোনত ব্যস্ত হৈ থাকোতেই এটা ফোন আহিলে সোনদাদাক বাহিৰলৈ উলিয়াইছে । মই লগে লগে বহি পৰিলোঁ । ফোনটো লাইনতে আছিল – কান্দোনৰ বিকট শব্দবোৰে মোক কান্দিবলৈ পাহৰাই পেলাইছিল । কিছু সময়ৰ বাবে মৌন হৈ বহি থাকিলো । মনে মনে ভগৱানক গালি পাৰিলো – ইমান নিষ্ঠুৰ কিয় তুমি ? কিয় তুমি বৰমাক দাদাৰ এষাৰ মাত নুশুনালা ? কিয় তুমি তাক ১২ বছৰীয়া আৰু ৭ বছৰীয়া ছোৱালী দুজনীক এষাৰ মাত মাতিবলৈও নিদিলা ? উত্তৰ একো নাই । এটা শূণ্যৰ বাহিৰে একো দেখা নোপৱা হ‘লো । হঠাৎ মণত পৰিল এওঁলৈ । লগে লগে ফোন কৰি জনালোঁ সোনদাদাৰ কথাটো । সেইদিনা উজনি অসম বন্ধ আছিল বাবে এওঁলোকৰ কাম বন্ধ আছিল । বাইকখন লৈ ৪৮ কিলোমিটাৰ পথ আহি এওঁ সোনদাদাৰ সৎকাৰত ভাগ ল‘লেহি । মনত অলপ স্বস্তি পালো ,মই নাথাকিলেও মোৰ জীৱনৰ এফালজনে অন্ততঃ বৰমা আৰু বৌক এষাৰ মাত দিব পাৰিলে ।

তাৰ পিছতে আকৌ মণত পৰিল সোনদাদাৰ ডাঙৰ ভনীয়েক আৰু জোৱাঁয়েক ইয়াতে গ্লবেল হস্পিটেলত থকাৰ কথা । তাইৰ বা কি অৱস্থা হৈছে ? আগদিনা ভিনদেউৰ গ‘ল্ড ব্লাডাৰৰ অপাৰেচন হৈ গৈছে । ভিনদেউৰো হাই প্ৰেচাৰ আছে । সেয়ে অলপো পলম নকৰি যাত্ৰা কৰিলোঁ গ্লবেল নাৰ্ছিংহোমলৈ । তাত গৈ পোৱাৰ লগে লগে ভিনদেউৰ ভতিজাক জনীয়ে ক‘লে – আপুনিহে মাহী খুড়ীক উঠাব পাৰে নেকি ! তেতিয়াৰ পৰা একেৰাহে কান্দি কান্দি অৱস হৈ পৰিছে তথাপি কান্দিয়ে আছে । মই প্ৰত্যুত্তৰ নিদি চেমি আই চি ইউৰ কোঠালৈ সোমাই গ‘লো । মোক দেখাৰ লগে লগে তাই চিয়ঁৰি চিয়ঁৰি আৰু কন্দিবলৈ ধৰিলে । ভতিজাকে মানা কৰিবলৈ আহবাঢ়ি অহা দেখি মই চকুৰে একো ন‘কবলৈ ইংগিত দিলোঁ । মই মাথো ক‘লো কান্দ হেপাহ পলোৱাই কান্দ তই । প্ৰায় আধাঘন্টা মোৰ কোলাতে মুৰ থৈ কান্দি কান্দি তাই শুই পৰিল । চকুৰে আৰু এটা শূণ্য দেখিলোঁ । একমাত্ৰ ককায়েকক মৃত্যুৰ সময়ত বা মৃত্যুৰ পিছতো নেদেখা ভনীয়েকৰ দুখ কিমান হ‘ব পাৰে উপলব্ধি কৰিলোঁ । এঘন্টাৰ মুৰত তাইক উঠাই মুখ-হাত ধুৱাই একাপ লাল চাহ জোৰ কৰি খুৱাই মই এটা ভাৰাক্ৰান্ত মন লৈ ঘৰ পালোহি । বেয়া লাগিছে কিয় জান ? ডিচেম্বৰৰ ৩/৪ তাৰিখে মই তাৰ লগত কি কথা পাতিম এতিয়া ? তাৰ দেখোন ৪ তাৰিখে শ্ৰাৰ্দ্ধহে । এতিয়া মই কৰ্মৰ খাতিৰত তাৰ শ্ৰাৰ্দ্ধতো উপস্থিত থাকিব নোৱাৰিম ।

আৰে ইমান কি লিখিছো বাৰু মই ? তই জানো পঢ়িবলৈ সময় পাবি ? তহঁতৰ বিদেশৰ ব্যস্ততাবোৰে আমাৰদৰে অন্তৰবোৰৰ বেদনাবোৰ জানো আজিকালি বুজিব পাৰিবি ? চেষ্টা কৰিবি বুজিবি । সোনদাক হেৰুৱাই যি মানসিক আঘাট পাইছো বুজি পাইছ কিজানি ! ঘৰলৈ নাহিলেও তোৰ নামত মা-পিতাৰ বাদেও মই সদায়ে পুৱা ধুপডাল জ্বলাই আহিছো। মনত ৰাখিবি তই য‘তেই নাথাক কিয় মোৰ আত্মাই সদায় তোৰ পিছে পিছে সাৰথি হৈ ঘুৰি ফুৰে । আবেগিক হৈছো নিলিখো আৰু । মন গ‘লে অহা মাহত লিখিম ন‘গলে নিলিখো ।

তোৰ ভনী

গুৱাহাটী

Leave a comment »

ককাইদেউলৈ চিঠি

মৰমৰ ককাইদেউ,

মৰম ল‘বি । তোলৈ চিঠি নিদিয়া এমাহেই হ‘লহি। কি কৰিবি, ঘৰুৱা তথা অফিচৰ কামৰ বোজা বৰ বাঢ়ি গৈছে । সেয়ে মন থাকিলেও কিবা ৰাতি হ‘লেই এলাহে আবৰি ধৰেহি। ঘৰত সকলোৰে ভালেই দে। তোলৈ চিঠি লিখা বুলি গম পাই মায়ে শুকুৱাই থোৱা শেৱালি ফুল অলপ, ভেদাইলতা+মানিমুনি+নৰসিংহ শুকুৱাই একেলগে খুণ্ডি তাৰো অলপ আৰু শুকান থেকেৰা অলপ বান্ধি দিছে । টোপোলাটো সৰু যদিও তাত সুমুৱাই দিয়া বস্তু কেইটা বৰ হেপাহেৰে পথোৱা । গোটেই কেইটা দ্ৰব্যই মাছৰ লগত বনাই খাব পাৰিবি ।

তোক আজি মই মোৰ বান্ধৱী অনামিকাৰ স্বামী ভাস্কৰ ঢুকুৱাৰ পিছত তাইৰ অৱস্থাৰ বিষয়ে জনাম । আমনি নাপাবি । মোৰ মনৰ কিছুমান কথা তোৰ আগতে কৈ পাতলাবলৈ চেষ্টা কৰিছো। কিয় জান ? কাৰণ মই তাইক একো সহায় কৰিব পৰা নাই আজি ছয় বছৰে। ভাস্কৰৰ মৃতদেহ যেতিয়া সৎকাৰৰ বাবে লৈ গৈছিল তায়ো লগত পোনাটোক লৈ শ্মশানলৈ গৈছিল । বহুত অনুৰোধ কৰাৰ পিছত তথা ওচৰ চুবুৰীয়াৰ কথামতে শাহুৱেকে তাইৰ সন্তানক তাৰ হতুৱাই পিতাকৰ মুখাগ্নি কৰিবলৈ দিছিল । তাই পোনাক লৈ মুখাগ্নিৰ পিছতে ঘৰলৈ ঘুৰি আহিছিল । কিন্তু কি জান ? যি গৰাকী মাতৃ পুত্ৰ শোকত জৰ্জৰিত হ‘ব লাগিছিল সেই গৰাকী মাতৃয়ে পুত্ৰৰ মৃত্যুত সামান্যও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল আৰু অনামিকাক দেখাৰ লগে লগেই ঘৰত প্ৰৱেশ কৰিবলৈ নিদি বাহিৰে বাহিৰে তাইক মাকৰ ঘৰলৈ ঘুৰাই পথোৱা হৈছিল। সেই যে তাই ঘুৰি আহিছিল তাৰ পিছত আৰু কোনো দিন শহুৰেকৰ ঘৰলৈ যাব পৰা নাছিল একমাত্ৰ শাহুৱেকৰ ককৰ্থনাৰ বাবে। উপায় নাপায় তাই মাক-দেউতাকৰ ঘৰতে ভাস্কৰৰ মৃত ক্ৰিয়া-কৰ্ম কৰিবলৈ বাধ্য হ‘ল ।

এমাহ দুমাহ কৰি বছৰ পাৰ হ‘ল । তাই যেনে তেনে ভাস্কৰে কাম কৰা অফিচটোতে বৰ মুৰীয়াৰ লগত আলোচনা কৰি চাকৰি এটাৰ যোগাৰ কৰি ল‘লে । পিছে আজি ৫ বছৰেই হ‘ল তাইক ৪০০০ টকা দৰমহাৰ পৰা যেনে-তেনে ৫০০০ টকা হৈছেগৈ। ইতিমধ্যে তাইৰ একমাত্ৰ ভায়েকেও বিয়া পাতিলে । প্ৰথম অৱস্থাত ভাই বোৱাৰীয়েকে তাইক খুব আদৰ কৰিছিল যদিও যোৱা বছৰৰ পৰা তাইক চকু পাৰি দেখিব নোৱাৰা হ‘ল । কাৰণ কি জান, তাইৰ দেউতাক বৰ্তমান শয্যাগত । সেয়েহে সম্পত্তিৰ ভাগ বতৰাৰ কথা ওলোৱাৰ লগে লগে তাইকো দেউতাকো সম্পত্তিৰ চাৰি ভাগৰ এভাগ দিয়াৰ কথা ঘোষণা কৰিছিল। তাতেই লাগিল কেনা । ভাই বোৱাৰীয়েকে তাইক মানসিক ভাৱে নিৰ্যাতন চলাবলৈ ধৰিলে । উপাই নাপায় তাই পোনাক হোষ্টেলত থ‘বলৈ বাধ্য হ‘ল । তাই লাহে লাহে কামত মন বহাবলৈ ধৰিলে । কৰি থকা চাকৰিৰ ধনেৰে তাইৰ ল‘ৰাটোকে পঢ়ুৱাবলৈ নোযোৰে । তাই কিছুমান প্ৰাইভেট কোম্পানীৰ সামগ্ৰী বিক্ৰিকৰি নিজৰ ঘৰ চলোৱাৰ বাবে দৃঢ় প্ৰতিজ্ঞ হ‘ল । ভৱামতেই তাই তিনিটা প্ৰসাধন কোম্পানীৰ লগত চুক্তি কৰিলে বছৰি কমিচন হিচাপত কাম কৰিবৰ বাবে। এনেদৰে অফিচ আৰু তাৰ পিছত এজেন্ট হিচাপে দুমাহ কাম কৰি তাই নিজাকে এটা ঘৰ ভাৰা লৈ তাতে অকলশৰে থাকিবলৈ ল‘লে । তাতো চকু চৰহা ওচৰ চুবুৰীয়া বিলাকৰ চকুৰ পোৰণি উঠিল কাৰণ তাই ছয়মাহ মানত নিজৰ সামৰ্থৰে ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ‘ল। সেয়ে কেইজনমান ওচৰ চুবুৰীয়াই আজি তিনি মাহ মানৰ আগতে তাইক সেই অঞ্চলৰ পৰা ঘৰ এৰি দিবলৈ দাবী জনালে । তাৰ কাৰণ কি জাননে ? শুনিলে আচৰিত হ‘বি । যি কেইজন মানুহে তাইক ঘৰ এৰি আহিবলৈ বাধ্য কৰিছিলে সেই তিনিওজন বিবাহিত পুৰুষ যদিও তাইৰ লগত সংগ সুখ বিচাৰিছিলে । সেই সুখ দিবলৈ অমান্য হোৱাৰ বাবেই তাই তাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ‘ল । পিছে যি হ‘ল ভালেই হ‘ল বুজিছ ।এতিয়া তাই এটা হোষ্টলত থাকে। পোনাক দিবলৈ তাইৰ টকাৰ অভাৱ সিমান নহয় । সি ঘৰলৈ আহিলে তাই তাক শ্বিলঙৰ ফালে ফুৰাবলৈ লৈ যায় । কেইদিনমান ফুৰাই হোষ্টেল কৰ্তৃপক্ষৰ অনুমতি মতে তাকো তাই লগতে ৰাখে। তাৰ স্কুল খুলিলে পুণৰ তাক হোষ্টেলত থৈ আহেগৈ ।

ধেৎতেৰি , চিঠিখন দীঘলীয়াই হ‘লগৈ । ঘৰুৱা কথা একো লিখাই ন‘হল । হ‘ব দে পিছৰ চিঠিখনত লিখিম বাৰু । বৌক মোৰ মৰম/শ্ৰদ্ধা তথা মাইনাহঁতক মোৰ হিয়া ভৰা মৰমৰ লগতে একোটাকৈ চুমা দিলো । ঘৰৰ বাবে চিন্তা নকৰিবি । সকলো ঠিকে আছে । পথাৰৰ ধান বিলাক পকিছে। মাঘ বিহুত আহিবৰ বাবে এতিয়াৰ পৰাই সাজু হ ।

ইতি,

তোৰ ভনী

Leave a comment »

এটা বিৰামহীন যাত্ৰা

জীৱনৰ বিয়লি বেলালৈকে
জীৱনৰে অৰ্থ বিচাৰি ফুৰা
যাযাবৰ পথিকজন
ভূপেন হাজৰিকা।

যি জনক কোনো নদী,

পাহাৰ একোৰে লগতে
তুলনা কৰিব নোৱাৰি।

যাৰ কন্ঠই আকাশ চুমিলে
সেই কন্ঠৰ নাম ভূপেন হাজৰিকা।যাৰ সুধাকন্ঠই এটা জাতিৰ
পৰিচয় ডাঙি ধৰিবলৈ
সক্ষম হ‘ল বিশ্বৰ আগত ।

যাৰ গীতৰ হেজাৰ শ্ৰোতা।
আমি মাথো আজিও
সেই মঞ্চৰ নীৰব দৰ্শক।

সেইজন ভূপেনদাৰ প্ৰথম মৃত্যু
বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছোঁ ।

Leave a comment »

বিয়া নাম

১)

অসমীয়া সমাজত বিয়ানামৰ প্ৰভাৱ

বিয়ানাম অসমীয়া থলুৱা বা লোকগীতৰ এক অন্যতম উপাদান। সঁচা কথা অন্য লোকগীতৰ তুলনাত বিয়া নামৰ সংখ্যাই সৰহ। কাৰণ সময়ে সময়ে এনে লোকগীত সৃষ্টি হৈছিল আৰু আজিও হৈয়ে আছে। বিষয় বস্তু একে হ‘লেও নামৰ ভাষা, সুৰ , শব্দ ব্যঞ্জনাত ভিন্নতা আছে। ই আছিল অনাখৰী অখ্যাত লোকৰ বিখ্যাত ৰচনা। আজিও ঠাইতে সৃষ্টি কৰি সুৰ দি গাব পৰা অনেক শিল্পী আছে।

বিয়া নাম সৃষ্টি হৈ আছে, বিয়াৰ সংখ্যাও বাঢ়িছে। কিন্তু খৰচ কমাবলৈ আৰু সময় বচাবলৈ বিয়া তিনিৰ পৰা দুদিন , দুদিনৰ পৰা এদিনীয়া হ‘ল। তাতকৈ ডাঙৰ কথা অনেক শিক্ষিতাই নাম গাবলৈ লাজ কৰে, সেয়ে নামতীৰো সঙ্গী নোহোৱা হৈছেগৈ । বিয়া নাম একক নহয় , বৃন্দাবন বা সমবেত গীত।

এখন বিয়াত নাম আৰু উৰুলি অবিচ্ছেদ্য অঙ্গ আৰু দুয়োটাই মাঙ্গলিক কাৰ্য। নাম আৰু উৰুলিয়ে বিয়াখন উৎসৱ মুখৰ আৰু সঙ্গীত মুখৰ কৰি ৰাখে।

এই প্ৰৱন্ধত মই মোৰ জন্মস্থান লক্ষীমপুৰ জিলাত প্ৰচলিত বিয়ানামৰ কিছু আভাস দিবলৈ যত্ন কৰিছোঁ ।

জোৰণেৰে বিবাহ কাৰ্যৰ আৰম্ভনি হয়। জোৰণৰ আগদিনা ৰাতি পদুলিমুখত তোৰণ আৰু চোতালত মৰল সজা হয়। জোৰোণ আদৰা কইনা ঘৰৰ প্ৰথম কৰ্তব্য। জোৰণ আদৰিবলৈ শৰাই এখনত আগগুৰি কটা তামোল-পান, মচলা সজাই শৰাই এখন, কাঁহৰ কাঁহি এখনত চাকি-ধূপ, ফুলাম গামোচা আৰু এখন বিচনি লৈ কইনাৰ মাকে দৰাৰ মাকক আদৰি আনি সমাজত বহুৱায়। কইনা বহিবলৈ দলিচা পাৰি দি কইনা বাহিৰলৈ উলিয়াই আনিবলৈ বিয়া নামেৰে অনুৰোধ জনায়। কইনাৰ শিৰত আঙুঠি এটাৰে সেন্দুৰ দি তাৰ পিছত অনামিকা আঙুলিৰে সেন্দুৰৰ ফোঁট দি আ-অলঙ্কাৰ পিন্ধায়। তাৰ পিছিত কইনাক আনি সমাজত আঠু লৈ ৰাইজৰ আৰ্শীবাদ বিচৰা হয় ।

জোৰোণ আদৰিবলৈ যাওঁতে আয়তী সকলে উৰুলি দি বিয়া নাম গায়-

১) ধূপ-ধূনা জ্বলোৱা শৰাইখনি সজোৱা

জোৰোণ আহি ৰৈ আছে

কইনা মাকক উলিওৱা।

২) দুলা আনা দুলীয়া

জাপি আনা লগুৱা,

জোৰণ আহি ৰৈ আছে

আদৰোগৈ ওলোৱা।

৩) ওলাই আহা আইদেৱে

ঐ শশী, দুৱাৰদলীৰ বাজে,

ঘৰতে পিন্ধাব লাগে

ঐ শশী, নকৰিবা লাগে।….

৪) আগৰখন ভাৰতে কি কি আনিছা

ঐ ৰাম চোতালৰ মূৰতে থোৱা হে,

পিছৰখন ভাৰতে কি কি আনিছা

ঐ ৰাম সমাজৰ মাজতে থোৱা হে।

জোৰোণত দৰা ঘৰৰ পৰা অনা গহনা, সাজ-পাৰ কইনাক পিন্ধাই দিয়া হয়। তেতিয়া আকৌ আয়তী সকলে গায়-

৫) মাৰাৰ অলঙ্কাৰ থোৱা কাটি কৰি

ঐ ৰাম দেউতাৰাৰ অলঙ্কাৰ থোৱা হে,

ৰামে দি পঠাইছে সুৱৰ্ণৰ অলঙ্কাৰ

ঐ ৰাম হাতে জোৰে কৰি লোৱা হে ।

৬) সমাজৰ মাজতে বহাহি আহি,

বোৱাৰী সাজেৰে সজাই দিম আমি।

খোপাটো বান্ধি দিম ওখকৈ তুলি,

কাপোৰযোৰ পিন্ধাই দিম ধুনীয়া কৰি।

৭) বাঁহৰ গাজৰ খৰিছা

জীয়াৰী জীৱনৰ সামৰণি মাৰিছা,

জীয়াৰী জীৱনৰ সামৰণি মাৰিছা

বোৱাৰী জীৱনৰ পাতনিহে মেলিছা।

তাৰ পিছত মাজে মাজে উৰুলি দি জোৰোণৰ কাৰ্য সম্পাদন কৰা হয়।

৮)আজি বাইদেউৰ সৌভাগ্যৰ দিন,

শিৰত সেন্দুৰ ল‘লা তুমি সৌন্দৰ্যৰ চিন ।

আজি বাইদেউৰ জোৰোণখনি

কাইলৈ বাইদেউৰ বিয়া,

শিৰত সেন্দুৰ লোৱা দেখি

দেউতাৰ ভাগে হিয়া।

আজি বাইদেউৰ জোৰোণখনি

কাইলৈ বাইদেউৰ বিয়া,

পৰহিলৈ ওলাই যাব

এইখন ঘৰৰ পৰা।

দৰাই কইনালৈ জোৰোণত দি পথোৱা সামগ্ৰী সমুহক লৈ আকৌ কিছুমান যোৰানাম গোৱা হয় ।

৯)গুৱাহাটী মেডিকেল, নেকলেচ দিছে কেমিকেল,

কিনো বাইদেউ আজলি,

কেমিকেলৰ নেকলেচডাল

সোণৰ বুলি পিন্ধিলি।

কল খোৱা বাদুলি,

কাইলৈ ভিনদেউক ৰাখি থ‘ম

নেকলেচ ডালৰ সলনি।

১০) কল খাই পেলালে কলৰে ঘুটি

কাপোৰযোৰ আনিছে আইদেউলৈ চুটি।

সেইযোৰ কাপোৰ বাৰু কেনেকৈ পিন্ধা

ভিনদেউ আহিলে ওভোতাই দিবা।

ৰূপৰ চাকি মলা, সোণৰে গছা

চেণ্ডেলযোৰ আনিছে ভৰিলৈ নটা।

থৈ দে থৈ দে দুৱাৰৰ চুকত

শুদা ভৰিৰে যাবাগৈ ভিনদেউৰ লগত।

১১) ৰাস্তা কাষৰ খাল বাম,

বাইদেউক দিয়া কাপোৰযোৰ

আমি পিন্ধি জকাই বাম।

শেষত কইনাঘৰীয়া আয়তীসকলে দৰাৰ মাকক কইনাৰ বিষয়ে জনাই বিয়ানাম গায় –

আকাশত বগালে আকাশীলতা,

শুনাচোন শাহু আই কেইটামান কথা।

অতি আলসুৱা আমাৰ জীয়াৰী,

দুখ কষ্ট নিদিবা তোমাৰ বোৱাৰী।

সাৰিব নাজানে চোতালৰ জাবৰ,

পেলাব নোৱাৰে গোহালিৰ গোবৰ।

শুনিব নোৱাৰে কেতেৰা মাত,

শুনাব লাগিব শুৱলা মাত।

সকলো কামকে শিকাইহে লবা,

নিজৰ জী নিচিনা মৰম কৰিবা।

তাৰ পিছত ৰীতিমতে কইনাই দৰাঘৰৰ সকলোকে মান ধৰি সেৱা কৰি জোৰোণীয়া ৰাইজক বিদায় দিয়ে । ৰাতিলৈ জোৰোণৰ পানী তোলা হয়।

(ক্ৰমশ)

অঞ্জনা তামুলী দাস

গুৱাহাটী

২)

বিয়াৰ দিনা সমাজত অন্য এক উল্লেখযোগ্য নিয়ম হ‘ল পানী তোলা প্ৰথা। এই প্ৰথা দুয়ো ঘৰতে সমাধা কৰা হয়। পানী তুলিবলৈ যোৱাৰ আগতে দুণৰিত চাকি জ্বলায় । দৰা ঘৰৰ পৰা অনা চাউল দুনৰিত ভৰোৱা হয়। দৰা আৰু কইনাৰ মাকে তামোল-পান,খুচুৰা পইচা আৰু এখন কটাৰী লগত ৰাখে। মৰলৰ ওচৰত মাকে সেৱা লওতে আয়তীসকলে উৰুলি দিব লাগে। পানী তুলিবলৈ যোৱা দৈৱকী আৰু আয়তীসকলৰ আগে আগে ঢুলীয়া যায়। পানী তুলি লগত নিয়া কটাৰীৰে তিনিবাৰ পানী কাটি ঘটটো পানীত তিনিবাৰ ঘূৰাই পানী তোলে। পানী কাটি থাকোতে আয়তীয়ে সুধিব লাগে কাৰ পানী কাটিছা বুলি। তাৰ পিছত পানী ভৰা। পাৰলৈ উঠি আহি প্ৰণাম জনায়। ঘৰলৈ আহি দুৱাৰমুখত চালত পানী ঢালি পিছত মৰলৰ কাষত টেকেলি থোৱাৰ নিয়ম ।

পানী তুলিবলৈ যোৱা নাম-

১)(উৰুলি) মাটি চাকি জ্বলোৱা

দুনৰিটি সজোৱা

পানী তুলিবলৈ দৈৱকীক উলিওৱা।

গংগাৰ জল আনোগৈ – মাটিৰ চাকি জ্বলোৱা,

গয়াৰ জ্বল আনোগৈ- মাটিৰ চাকি জ্বলোৱা,

আৰু জল আনোগৈ কাশীৰ হে,

মাটি চাকি জ্বলোৱা

দুনৰিটি সজোৱা

পানী তুলিবলৈ দৈৱকীক উলিওৱা।

২) সজোৱা দুনৰি ঘট মঙ্গল কৰিয়া,

জ্বলোৱা সহস্ৰ চাকি গন্ধ তেল দিয়া।

কাষে ঘট লোৱা ৰাধা মাথাই লোৱা মালা,

যমুনালৈ যাব লাগে নকৰিবা হেলা।

সেৱা কৰি তুলি লোৱা ধৰমৰ টেকেলি,

সন্ধাতে তুলিব লাগে কিয় এতবেলি।

৩) ৰাম কৃষ্ণ ওলাল জাকি মাৰি

ৰাম কৃষ্ণ আকাশৰ চন্দ্ৰমা

হৰি মোৰ ঐ ওলাল জাকি মাৰি তৰা,

ৰাম কৃষ্ণ ওলাল জাকি মাৰি

ৰাম কৃষ্ণ আমাৰে দৈৱকী

হৰি মোৰ ঐ দেউতাৰ চ‘ৰাৰে পৰা ।

ৰাম কৃষ্ণ পানী তুলিবলৈ

ৰাম কৃষ্ণ ওলাইছে দৈৱকী

হৰি মোৰ ঐ কাঁহৰে কলচি লৈ,

ৰাম কৃষ্ণ আগে পাছে ভৰি

ৰাম কৃষ্ণ গায়ন-বায়ন কৰি

হৰি মোৰ ঐ ঢুলীয়াই ঢাক-ঢোল বজায়।

ৰাম কৃষ্ণ বাটৰে ঢেকীয়া

ৰাম কৃষ্ণ আমাক বাটে দিয়া

হৰি মোৰ ঐ আমি পানী তোলোগৈ ।

ৰাম কৃষ্ণ দূৰৈকৈ পুখুৰী

ৰাম কৃষ্ণ খন্দালা আইদেউ

হৰি মোৰ ঐ বন্ধালা সেন্দুৰী আলি ।

ৰাম কৃষ্ণ আলিৰ চৌপাশে

ৰাম কৃষ্ণ কদম ৰুই গ‘লে

হৰি মোৰ ঐ আছে বকুলৰে শাৰী।

ৰাম কৃষ্ণ অলনি দলনি

ৰাম কৃষ্ণ পকা চপৰাণি

হৰি মোৰ ঐ আমাৰ হাতে ভৰি ভাগে।

ৰাম কৃষ্ণ গাঁৱৰ মাজে মাজে

ৰাম কৃষ্ণ কলৰ শাৰী শাৰী

হৰি মোৰ ঐ বাদুলী পৰীয়া খায়।

ৰাম কৃষ্ণ ৰিণিকি ৰিণিকি

ৰাম কৃষ্ণ দেখিছোঁ যমুনা

হৰি মোৰ ঐ বৈ আছে কদম্বৰ তলে। (উৰুলি)

৪) ওলাই আহা দৈৱকীয়ে ৰজাৰ মহাদৈ,

শুভক্ষণে যাত্ৰা কৰি জলে আনোগৈ ।

ওলাই আহা দৈৱকিয়ে যমুনালৈ যাওঁ,

বাইদেউক নোৱাব জলে দিব গঙ্গা যাওঁ।

৫)ইপাৰৰে চাকনৈয়া সিপাৰৰে ঢৌ।

তামৰে কলচি ৰাধা ভৰিলনে নৌ।।

সিপাৰৰে ঢৌৱে দেখি ৰাধাৰ কম্পে হিয়া।

কাষে নাওঁ চপাই দিয়া অ‘ৰে বিনন্দীয়া।।

আকাশতে জিলিকিছে থুপি থুপি তৰা।

দৈৱকীয়ে পানী তোলে নাছে অপেশ্বৰা।।

তামৰে কলচীত ৰাধা ভৰিলেক পানী।

উজানঘাটৰ পৰা দিলে নৌকা একোখনি।।

গায়নে বায়নে আহে আৰু বাজে ঢোল।

দৈৱকীয়ে পানী তোলে আনন্দৰে ৰোল।।

৬) ফুল চন্দন তুলসী,

ভৰিল নে নভৰিল

ৰাধা তোমাৰ কলসী।

জীৱনে বিচাৰে- ফুল চন্দন তুলসী,

জীৱনৰ লগৰী-ফুল চন্দন তুলসী,

কবিয়ে বিচাৰে ভাষা ঐ

ফুল চন্দন তুলসী,

ভৰিল নে নভৰিল

ৰাধা তোমাৰ কলসী।

ৰাতি পৰে পৰে -ফুল চন্দন তুলসী

কবি ঘুৰি ফুৰে – ফুল চন্দন তুলসী

কবিতা ৰচিবৰ মনে ঐ

ফুল চন্দন তুলসী,

ভৰিল নে নভৰিল

ৰাধা তোমাৰ কলসী।

৭) বাৰী ঢাপৰ কৰদৈ

খোজ দিয়া খৰকৈ

বাইদেউ আছে লঘোণে

ভাত খাব চুৰকৈ ।

অসম চাৰিসীমা- বাৰী ঢাপৰ কৰদৈ

অকোৱা পকোৱা – বাৰী ঢাপৰ কৰদৈ

ভাৰত চাৰিসীমা মেপে ঐ

বাৰী ঢাপৰ কৰদৈ

খোজ দিয়া খৰকৈ

বাইদেউ আছে লঘোণে

ভাত খাব চুৰকৈ ।

এনেদৰে বিয়ানাম গাই আয়তীসকল আহি ৰভাতল পোৱাৰ আগে আগে কইনা আৰু ঢুলীয়াসকলক উদ্দেশ্যিও বিয়া নাম গোৱা হয় । তাৰে দুটামান –

৮) বাইদেউ ওলাই চোৱাহি

গঙ্গাজল আনিছোঁ মাথা দোৱাই লোৱাহি।

ক্ষমিবা আমাকে- বাইদেউ ওলাই চোৱাহি

জলৰে দেৱতা – বাইদেউ ওলাই চোৱাহি

আমি অল্পমতি নাৰী হে

বাইদেউ ওলাই চোৱাহি

গঙ্গাজল আনিছোঁ মাথা দোৱাই লোৱাহি।

৯) গা-ধোৱা চাবোনে এৰি দিয়ক ঢুলীয়া

বাইদেউ আছে লঘোণে

থোকৰ তামোল গোট গোট

আজি আমাক এৰি দিয়ক

কাইলৈ ল‘ব প্ৰতিশোধ।

১০) ঢাপৰ কচু কলীয়া

এই যোৰা ঢুলীয়া বিহু নামত বলীয়া ।

এই ধৰাখনি- ঢাপৰ কচু কলীয়া

কেনেনো শুৱনি- ঢাপৰ কচু কলীয়া

কত সৌন্দৰ্যৰে ভৰা হে

ঢাপৰ কচু কলীয়া

এই যোৰা ঢুলীয়া বিহু নামত বলীয়া।

আকৌ আয়তীসকলে যদি খোজকাঢ়ি পানী তুলিবলৈ যায় কইনাৰ ককাই-ভাইক যোৰাই ও নাম গাই-

১১) ডাঙৰ দাদা যিহে হ‘ল

সৰু দাদা কেনি গ‘ল

পানী তোলা বাছখন

গেটৰ মূখত বেয়া হ‘ল।

পানী পাই পুনিয়ে -ডাঙৰ দাদা যিহে হ‘ল

কৰে গণ্ডগোল-ডাঙৰ দাদা যিহে হ‘ল

পাৰ পাই মেলিলে শিপা ঐ

ডাঙৰ দাদা যিহে হ‘ল

সৰু দাদা কেনি গ‘ল

পানী তোলা বাছখন

গেটৰ মূখত বেয়া হ‘ল। (উৰুলি)

১২) চালত পানী দিবা ধাৰে নিচিঙিবা

ঐ ৰাম মৰল চাই টেকেলি থবা হে।

নিয়মকৈ সোমাবা পিচলি পৰিবা

ঐ ৰাম আইদেউৰ ধৰমীয়া বিয়া হে।

মাকে পাটি পাৰি ফুৰিছে বিচাৰি

ঐ ৰাম আইদেউ কেনিবা গ‘ল হে।

আইদেউ আছেগৈ কুণ্ডিল নগৰতে

ঐ ৰাম ঘিলা খেলিবলৈ পাই হে ।

গঙ্গাত জ্বলে মাগি আনিছে ৰুক্মিনী

ঐ ৰাম লোৱাহি মাথা দোৱাই হে।

তোমাৰ দেউতাই চিত্ৰ লিখি থৈছে

ঐ ৰাম চোৱাহি নয়ন ভৰি হে।

তামোল কটাৰি লোৱা লাহে কৰি

ঐ ৰাম পয়জাৰত দিয়াহি ভৰি হে ।

এনেদৰে পানীতুলি নাম গাই আয়তী সকল আগবাঢ়ে কইনা বা দৰাক নোৱাবলৈ ।

(ক্ৰমশ)

অঞ্জনা তামুলী দাস

গুৱাহাটী

৩)

“দৰা বা কইনা নোওৱাৰ সময়ত গোৱা নাম”

বিয়াত দৰা বা কইনাক গা ধুওৱাটো এটা পৰম্পৰা। আয়তীসকলে লগত ঢুলীয়ালৈ পানী তুলিবলৈ যায় নৈৰ ঘাটট । য‘ত ওচৰত নৈ নাই তাত কোনোবা এঘৰৰ কুঁৱা বা পুখুৰীতে পানী তোলা হয় । আয়তীসকলে তুলি অনা পানীৰে চৰা কইনাক গা-ধুৱাব লাগে। গা ধুৱাওতে দৰা বা কইনাক বৰপীৰাত বহুৱাই হাতৰ তামোল দৰা বা কইনাৰ মূৰত থৈ তাৰ ওপৰত সোণৰ আঙুঠি দি তেল দিয়ে। তাৰ পিছত ফনিৰে মূৰ আচুৰি মাহ-হালধি সানি তুলি অনা পানী দৰা/কইনাৰ গাত ঢালে । মাহ আৰু হালধি আকৌ জোৰোণ দিবলৈ আহোতে দৰা ঘৰৰ পৰা কইনা ঘৰলৈ দি পথোৱা হয় আকৌ দৰাৰ বাবে কইনা ঘৰৰ পৰা জোৰোণ দিবলৈ অহা মানুহৰ হাতত দি পথোৱা হয়। সেই মাহ হালধীৰেহে দৰা কইনাক গা ধুওৱা হয় । বংশ পৰিয়ালকে আদি কৰি সকলোৱে দৰা বা কইনাক মাহ হালধি সানি কাঁহৰ লোতাৰে পাঁচ বা সাত কলহ পানী ঢালিব লাগে । গা ধুই হোৱাৰ পিছত দৰা বা কইনাৰ মাক আহি দুনৰিত থকা চাকিৰ পৰা শা দিব আৰু আমপাত লৈ নিজৰ ফালে এবাৰ টোৱাই আৰু এবাৰ দৰা বা কইনাৰ ফালে টোৱাই। এনেদৰে আমাশা আৰু চাকি শা দিব। পিছত মুৰৰ ওপৰত কেইগৰাকীমান আয়তীয়ে চাউল হাতত লৈ নাম গাব ।

কইনা নোওৱাৰ সময়ত গোৱা নাম

১) (উৰুলি দিব) ওলাই আহা আইদেৱে ঐ শশী দুৱাৰ দলীৰ বাজে
ঘৰতে নোৱাব মাৱে ঐ শশী নকৰিবা লাজে ।

ওলাই আহা আইদেৱে ঐ শশী আঙুলিক লেখি

অত‘ প্ৰজা ৰৈ আছে ঐ শশী তোমাক নেদেখি।

ওলাই আহা আইদেৱে ঐ শশী মাটিত মঙ্গল চাই

গণকে গণিতা কৰে ঐ শশী ক্ষণ চৰি যায় ।

এলাই আহা আইদেৱে ঐ শশী কদমতে ধৰি

নোৱাব তোমাৰ মাৱে ঐ শশী অতি যতন কৰি।

২) ৰাম ৰাম বেইতে ঘূৰিয়ে

ৰাম ৰাম কিমান দুখে পালা

ৰাম ৰাম সোমাই চামৰ পীৰাত বহা হে ।

ৰাম ৰাম চামৰ বৰেপীৰা

ৰাম ৰাম তলে চাৰি খুৰা

ৰাম ৰাম বহিছে সোণৰ চেকুৰা হে।

ৰাম ৰাম মূৰত তেলে দিবা (উৰুলি)

ৰাম ৰাম ধাৰে নিচিঙিবা

ৰাম ৰাম তেলিয়াই যোগাব তেল হে।

ৰাম ৰাম মাহো গেলোৱা

ৰাম ৰাম হালধি গেলোৱা

ৰাম ৰাম গেলোৱা নাদৰে পানী হে।

৩) চাৰিও ফালে কলৰ পুলি তাতো আমৰ দালি,

বেইৰ তলত বহি বাইদেউ কৰিছে ধেমালি।

৪) কান্দা বাইদেউ কান্দাচোন

চকুৰ পানী টোকাচোন

চকুৰ পানী নোলায় যদি

লোটাৰ পানি ঢালাচোন।

৫) শিৱৰ বস্ত্ৰ বাঘৰ চাল

কদমৰ চনকা ডাল

বিয়াত কইনাই নেকান্দিলে

দেখিবলৈ নহয় ভাল।

৬) স্বৰ্গৰ পৰা মাতে সখি হাঁহে মিচিকাই

কতবেলি নোৱাই থাকা বাইদেউ মুখ চাই।

আইদেউৰ পদুলিতে সত্ৰাজিতৰ পুলি

আইদেৱে পানী ঢালে ৰামকৃষ্ণ বুলি।

আইদেউৰ পদুলিতে হালি আছে নল

কলহে কলহে ঢালে যমুনাৰে জল।

৭) গা ধুই আইদেৱে মাকক সুধিলে

ঐ ৰাম কি সাজ সলাব পাৰি হে ।

ছাঁতে শুকুৱা মুঠিতে লুকুৱা

ঐ ৰাম সেই সাজ সলাব পাৰি হে।

গা ধুই আইদেৱে দেউতাকক সুধিলে

ঐ ৰাম কি ফুল পিন্ধিব পায় হে,

সেউতী নিপিন্ধে মালতী নিপিন্ধে

ঐ ৰাম নিপিন্ধে খৰিকাজাই হে ।

সাগৰৰ মাজতে আছে পাৰিজাত

ঐ ৰাম সেই ফুল পিন্ধিব পায় হে।।

দৰা নোওৱাৰ সময়ত গোৱা নাম:-

১) মাহ কেলৈ ঘঁহিচা

পানী কেলৈ ঢালিচা

কাৰ কাৰণে দাদা তুমি

ইমান কষ্ট কৰিছা।

একো কষ্ট হোৱা নাই

বহি কষ্ট পোৱা নাই

এইকন কষ্ট নকৰিলে

ভাৰ্য্যা পোৱাৰ আশা নাই।

২) ৰাম সীতাই যেনেকৈ

দময়ন্তী তেনেকৈ

ত‘ত চাগৈ ব‘দেউৱকো

নোৱাই আছে এনেকৈ।

৩) শিৱৰ বস্ত্ৰ বাঘৰ চাল

কদমৰ চনকা ডাল

অসময়ত গা ধোৱা

স্বাস্থ্যৰ পক্ষ্যে নহয় ভাল।

মূৰত চাউল দিয়া নাম :- (দৰা-কইনা উভয়ৰে ক্ষেত্ৰত)

১) আগে দিয়া পাছে দিয়া

আগে দিয়া পাছে দিয়া

পঞ্চো আয়তীয়ে কি ৰাম ৰাম

পঞ্চো আয়তীয়ে,

দুৰ্বাঘাটৰ পানী আনি

দুৰ্বাঘাটৰ পানী আনি

ৰামৰ মূৰত দিয়ে কি ৰাম ৰাম

ৰামৰ মূৰত দিয়ে। (উৰুলি দিব লাগে)

পুখুৰীৰে চৌপাশে

পুখুৰীৰে চৌপাশে

কলীয়া তুলসী কি ৰাম ৰাম

কলীয়া তুলসী,

সেই ঘাটে পানী তুলে

সেই ঘাটে পানী তুলে

তামৰে কলসী কি ৰাম ৰাম

তামৰে কলসী। (উৰুলি দিব লাগে)

পুখুৰীতে পানী নাই

পুখুৰীতে পানী নাই

পাৰকে নুবুৰে কি ৰাম ৰাম

পাৰকে নুবুৰে,

আকাশত পক্ষীগনে

আকাশত পক্ষীগনে

জাকে জাকে উৰে কি ৰাম ৰাম

জাকে জাকে উৰে। (উৰুলি)

পুখুৰীৰে চৌপাশে

পুখুৰীৰে চৌপাশে

মৃগ পহু চৰে কি ৰাম ৰাম

মৃগ পহু চৰে,

তাকে দেখি ৰামচন্দ্ৰই

তাকে দেখি ৰামচন্দ্ৰই

শৰ ধনু ধৰে কি ৰাম ৰাম

শৰ ধনু ধৰে। (উৰুলি)

নধৰিবা শৰ ধনু

নধৰিবা শৰ ধনু

নোটোৱাবা কাঁড় কি ৰাম ৰাম

নোটোৱাবা কাঁড়,

সত্যে সত্যে বিবাহ দিম

সত্যে সত্যে বিবাহ দিম

সীতাৰে সহিতে কি ৰাম ৰাম

সীতাৰে সহিতে।

স্নান কৰি ৰামচন্দ্ৰই

স্নান কৰি ৰামচন্দ্ৰই

মূৰত দিয়ে হাত কি ৰাম ৰাম

মূৰত দিয়ে হাত,

স্বৰ্গৰ পৰা দেৱগনে

স্বৰ্গৰ পৰা দেৱগনে

কৰে আৰ্শীবাদ কি ৰাম ৰাম

কৰে আৰ্শীবাদ। (উৰুলি)

এনেদৰে  গা ধুৱাই নাম গাই আয়তী সকল আগবাঢ়ে কইনা বা দৰাক সজাবলৈ।

(ক্ৰমশ)

অঞ্জনা তামুলী দাস

গুৱাহাটী

৪)

দৈয়ন দিয়া নাম-

বিয়াৰ দিনা পোহৰ হোৱাৰ পূৰ্বে পালন কৰা এটি লোকাচাৰ হৈছে দৈয়ন দিয়া। দৰা বা কইনাৰ শোৱানি কোঠাৰ দুৱাৰ মূখত পৰ্দা এখন দি পৰ্দাৰ আঁৰত পীৰা এখন পাৰি দিয়া হয়। নোৱাওঁতে ব্যৱহাৰ কৰা কলপাত,পটাগুটি,বাতি এটাত দৈ , পান, ধূপ, পানী তোলা ঘট, দুনৰিত চাকি জ্বলাই পীৰাৰ কাষতে থ‘ব লাগে। পৰ্দাৰ ভিতৰ ফালে দৰা বা কইনা বহিব আৰু বাহিৰফালে থকা পটাগুটিত ভৰি দিব। প্ৰথমে মাকে পান দুখিলাত দৈ লগাই কইনা বা দৰাৰ দুয়ো গাল, আঠু আৰু দুই ভৰিত লগাব। সেই পানপাত নিজৰ ফালেও টোঁৱাব লাগে। ইয়াৰ পিছত আমাশা আৰু চাকিশা দি মূৰত চাউল দুটামান চটিয়াই দিব লাগে। আজিকালি অৱশ্যে এই লোকাচাৰ খুব কমেইহে পালন কৰা দেখা যায়।

১) ওলাই আহা শ্ৰীকৃষ্ণ পুৱাইল ৰজনী

বিধি মতে দৈয়ন দিব তোমাৰ জননী

আগবাঢ়ি আঁহা কৃষ্ণ আঁহা আগবাঢ়ি

তোমাৰ মাতৃ দৈয়ন দিয়ে লৈয়ো আঠু কাঢ়ি

দৈয়ন দিয়া দুটি বাটিত পান যোৰে লৈ (উৰুলি)

আইদেউৰ মাকে দৈয়ন দিছে

আইদেউক দুৱাৰ মুখন লৈ

দৈয়ন দিয়া দৈয়ন দিয়া আপোনাৰে আই

ভাল কৰি দৈয়ন দিয়া একেবাৰে যায়

দৈয়ন দিয়া দৈয়ন দিয়া আপোনাৰে আই

ভাল কৰি দৈয়ন দিয়া হৃদৰ জুৰাই।

 

২) ৰাম ৰাম প্ৰভাতে কৃষ্ণয়ে

ৰাম ৰাম ভূমিত পও নিদিবা

ৰাম ৰাম পয়জাৰতে দিব ভৰি হে

ৰাম ৰাম আজি প্ৰভাততে

ৰাম ৰাম তোমাক দৈয়ন দিয়ে

ৰাম ৰাম পৰম মঙ্গল কৰি হে

ৰাম ৰাম উঠা শ্যামকানু

ৰাম ৰাম মায়ে দৈয়ন দিব

ৰাম ৰাম কিয় কৰি আছা হেলা হে

ৰাম ৰাম গোপিনীসকলে

ৰাম ৰাম আছে বাট চায়

ৰাম ৰাম যায় ধৰমৰে বেলা হে

ৰাম ৰাম পান বৰিয়ালৰ

ৰাম ৰাম পানকে আনাগৈ

ৰাম ৰাম গোৱালৰ ঘৰৰে দৈ হে

ৰাম ৰাম আজি শ্ৰীকৃষ্ণ

ৰাম ৰাম মায়ে দৈয়ন দিব

ৰাম ৰাম সিংহ দুৱাৰত থৈ হে। (উৰুলি)

 

2 Comments »