abhilasha

reaching to the sky

বিয়া নাম

on October 29, 2012

১)

অসমীয়া সমাজত বিয়ানামৰ প্ৰভাৱ

বিয়ানাম অসমীয়া থলুৱা বা লোকগীতৰ এক অন্যতম উপাদান। সঁচা কথা অন্য লোকগীতৰ তুলনাত বিয়া নামৰ সংখ্যাই সৰহ। কাৰণ সময়ে সময়ে এনে লোকগীত সৃষ্টি হৈছিল আৰু আজিও হৈয়ে আছে। বিষয় বস্তু একে হ‘লেও নামৰ ভাষা, সুৰ , শব্দ ব্যঞ্জনাত ভিন্নতা আছে। ই আছিল অনাখৰী অখ্যাত লোকৰ বিখ্যাত ৰচনা। আজিও ঠাইতে সৃষ্টি কৰি সুৰ দি গাব পৰা অনেক শিল্পী আছে।

বিয়া নাম সৃষ্টি হৈ আছে, বিয়াৰ সংখ্যাও বাঢ়িছে। কিন্তু খৰচ কমাবলৈ আৰু সময় বচাবলৈ বিয়া তিনিৰ পৰা দুদিন , দুদিনৰ পৰা এদিনীয়া হ‘ল। তাতকৈ ডাঙৰ কথা অনেক শিক্ষিতাই নাম গাবলৈ লাজ কৰে, সেয়ে নামতীৰো সঙ্গী নোহোৱা হৈছেগৈ । বিয়া নাম একক নহয় , বৃন্দাবন বা সমবেত গীত।

এখন বিয়াত নাম আৰু উৰুলি অবিচ্ছেদ্য অঙ্গ আৰু দুয়োটাই মাঙ্গলিক কাৰ্য। নাম আৰু উৰুলিয়ে বিয়াখন উৎসৱ মুখৰ আৰু সঙ্গীত মুখৰ কৰি ৰাখে।

এই প্ৰৱন্ধত মই মোৰ জন্মস্থান লক্ষীমপুৰ জিলাত প্ৰচলিত বিয়ানামৰ কিছু আভাস দিবলৈ যত্ন কৰিছোঁ ।

জোৰণেৰে বিবাহ কাৰ্যৰ আৰম্ভনি হয়। জোৰণৰ আগদিনা ৰাতি পদুলিমুখত তোৰণ আৰু চোতালত মৰল সজা হয়। জোৰোণ আদৰা কইনা ঘৰৰ প্ৰথম কৰ্তব্য। জোৰণ আদৰিবলৈ শৰাই এখনত আগগুৰি কটা তামোল-পান, মচলা সজাই শৰাই এখন, কাঁহৰ কাঁহি এখনত চাকি-ধূপ, ফুলাম গামোচা আৰু এখন বিচনি লৈ কইনাৰ মাকে দৰাৰ মাকক আদৰি আনি সমাজত বহুৱায়। কইনা বহিবলৈ দলিচা পাৰি দি কইনা বাহিৰলৈ উলিয়াই আনিবলৈ বিয়া নামেৰে অনুৰোধ জনায়। কইনাৰ শিৰত আঙুঠি এটাৰে সেন্দুৰ দি তাৰ পিছত অনামিকা আঙুলিৰে সেন্দুৰৰ ফোঁট দি আ-অলঙ্কাৰ পিন্ধায়। তাৰ পিছিত কইনাক আনি সমাজত আঠু লৈ ৰাইজৰ আৰ্শীবাদ বিচৰা হয় ।

জোৰোণ আদৰিবলৈ যাওঁতে আয়তী সকলে উৰুলি দি বিয়া নাম গায়-

১) ধূপ-ধূনা জ্বলোৱা শৰাইখনি সজোৱা

জোৰোণ আহি ৰৈ আছে

কইনা মাকক উলিওৱা।

২) দুলা আনা দুলীয়া

জাপি আনা লগুৱা,

জোৰণ আহি ৰৈ আছে

আদৰোগৈ ওলোৱা।

৩) ওলাই আহা আইদেৱে

ঐ শশী, দুৱাৰদলীৰ বাজে,

ঘৰতে পিন্ধাব লাগে

ঐ শশী, নকৰিবা লাগে।….

৪) আগৰখন ভাৰতে কি কি আনিছা

ঐ ৰাম চোতালৰ মূৰতে থোৱা হে,

পিছৰখন ভাৰতে কি কি আনিছা

ঐ ৰাম সমাজৰ মাজতে থোৱা হে।

জোৰোণত দৰা ঘৰৰ পৰা অনা গহনা, সাজ-পাৰ কইনাক পিন্ধাই দিয়া হয়। তেতিয়া আকৌ আয়তী সকলে গায়-

৫) মাৰাৰ অলঙ্কাৰ থোৱা কাটি কৰি

ঐ ৰাম দেউতাৰাৰ অলঙ্কাৰ থোৱা হে,

ৰামে দি পঠাইছে সুৱৰ্ণৰ অলঙ্কাৰ

ঐ ৰাম হাতে জোৰে কৰি লোৱা হে ।

৬) সমাজৰ মাজতে বহাহি আহি,

বোৱাৰী সাজেৰে সজাই দিম আমি।

খোপাটো বান্ধি দিম ওখকৈ তুলি,

কাপোৰযোৰ পিন্ধাই দিম ধুনীয়া কৰি।

৭) বাঁহৰ গাজৰ খৰিছা

জীয়াৰী জীৱনৰ সামৰণি মাৰিছা,

জীয়াৰী জীৱনৰ সামৰণি মাৰিছা

বোৱাৰী জীৱনৰ পাতনিহে মেলিছা।

তাৰ পিছত মাজে মাজে উৰুলি দি জোৰোণৰ কাৰ্য সম্পাদন কৰা হয়।

৮)আজি বাইদেউৰ সৌভাগ্যৰ দিন,

শিৰত সেন্দুৰ ল‘লা তুমি সৌন্দৰ্যৰ চিন ।

আজি বাইদেউৰ জোৰোণখনি

কাইলৈ বাইদেউৰ বিয়া,

শিৰত সেন্দুৰ লোৱা দেখি

দেউতাৰ ভাগে হিয়া।

আজি বাইদেউৰ জোৰোণখনি

কাইলৈ বাইদেউৰ বিয়া,

পৰহিলৈ ওলাই যাব

এইখন ঘৰৰ পৰা।

দৰাই কইনালৈ জোৰোণত দি পথোৱা সামগ্ৰী সমুহক লৈ আকৌ কিছুমান যোৰানাম গোৱা হয় ।

৯)গুৱাহাটী মেডিকেল, নেকলেচ দিছে কেমিকেল,

কিনো বাইদেউ আজলি,

কেমিকেলৰ নেকলেচডাল

সোণৰ বুলি পিন্ধিলি।

কল খোৱা বাদুলি,

কাইলৈ ভিনদেউক ৰাখি থ‘ম

নেকলেচ ডালৰ সলনি।

১০) কল খাই পেলালে কলৰে ঘুটি

কাপোৰযোৰ আনিছে আইদেউলৈ চুটি।

সেইযোৰ কাপোৰ বাৰু কেনেকৈ পিন্ধা

ভিনদেউ আহিলে ওভোতাই দিবা।

ৰূপৰ চাকি মলা, সোণৰে গছা

চেণ্ডেলযোৰ আনিছে ভৰিলৈ নটা।

থৈ দে থৈ দে দুৱাৰৰ চুকত

শুদা ভৰিৰে যাবাগৈ ভিনদেউৰ লগত।

১১) ৰাস্তা কাষৰ খাল বাম,

বাইদেউক দিয়া কাপোৰযোৰ

আমি পিন্ধি জকাই বাম।

শেষত কইনাঘৰীয়া আয়তীসকলে দৰাৰ মাকক কইনাৰ বিষয়ে জনাই বিয়ানাম গায় –

আকাশত বগালে আকাশীলতা,

শুনাচোন শাহু আই কেইটামান কথা।

অতি আলসুৱা আমাৰ জীয়াৰী,

দুখ কষ্ট নিদিবা তোমাৰ বোৱাৰী।

সাৰিব নাজানে চোতালৰ জাবৰ,

পেলাব নোৱাৰে গোহালিৰ গোবৰ।

শুনিব নোৱাৰে কেতেৰা মাত,

শুনাব লাগিব শুৱলা মাত।

সকলো কামকে শিকাইহে লবা,

নিজৰ জী নিচিনা মৰম কৰিবা।

তাৰ পিছত ৰীতিমতে কইনাই দৰাঘৰৰ সকলোকে মান ধৰি সেৱা কৰি জোৰোণীয়া ৰাইজক বিদায় দিয়ে । ৰাতিলৈ জোৰোণৰ পানী তোলা হয়।

(ক্ৰমশ)

অঞ্জনা তামুলী দাস

গুৱাহাটী

২)

বিয়াৰ দিনা সমাজত অন্য এক উল্লেখযোগ্য নিয়ম হ‘ল পানী তোলা প্ৰথা। এই প্ৰথা দুয়ো ঘৰতে সমাধা কৰা হয়। পানী তুলিবলৈ যোৱাৰ আগতে দুণৰিত চাকি জ্বলায় । দৰা ঘৰৰ পৰা অনা চাউল দুনৰিত ভৰোৱা হয়। দৰা আৰু কইনাৰ মাকে তামোল-পান,খুচুৰা পইচা আৰু এখন কটাৰী লগত ৰাখে। মৰলৰ ওচৰত মাকে সেৱা লওতে আয়তীসকলে উৰুলি দিব লাগে। পানী তুলিবলৈ যোৱা দৈৱকী আৰু আয়তীসকলৰ আগে আগে ঢুলীয়া যায়। পানী তুলি লগত নিয়া কটাৰীৰে তিনিবাৰ পানী কাটি ঘটটো পানীত তিনিবাৰ ঘূৰাই পানী তোলে। পানী কাটি থাকোতে আয়তীয়ে সুধিব লাগে কাৰ পানী কাটিছা বুলি। তাৰ পিছত পানী ভৰা। পাৰলৈ উঠি আহি প্ৰণাম জনায়। ঘৰলৈ আহি দুৱাৰমুখত চালত পানী ঢালি পিছত মৰলৰ কাষত টেকেলি থোৱাৰ নিয়ম ।

পানী তুলিবলৈ যোৱা নাম-

১)(উৰুলি) মাটি চাকি জ্বলোৱা

দুনৰিটি সজোৱা

পানী তুলিবলৈ দৈৱকীক উলিওৱা।

গংগাৰ জল আনোগৈ – মাটিৰ চাকি জ্বলোৱা,

গয়াৰ জ্বল আনোগৈ- মাটিৰ চাকি জ্বলোৱা,

আৰু জল আনোগৈ কাশীৰ হে,

মাটি চাকি জ্বলোৱা

দুনৰিটি সজোৱা

পানী তুলিবলৈ দৈৱকীক উলিওৱা।

২) সজোৱা দুনৰি ঘট মঙ্গল কৰিয়া,

জ্বলোৱা সহস্ৰ চাকি গন্ধ তেল দিয়া।

কাষে ঘট লোৱা ৰাধা মাথাই লোৱা মালা,

যমুনালৈ যাব লাগে নকৰিবা হেলা।

সেৱা কৰি তুলি লোৱা ধৰমৰ টেকেলি,

সন্ধাতে তুলিব লাগে কিয় এতবেলি।

৩) ৰাম কৃষ্ণ ওলাল জাকি মাৰি

ৰাম কৃষ্ণ আকাশৰ চন্দ্ৰমা

হৰি মোৰ ঐ ওলাল জাকি মাৰি তৰা,

ৰাম কৃষ্ণ ওলাল জাকি মাৰি

ৰাম কৃষ্ণ আমাৰে দৈৱকী

হৰি মোৰ ঐ দেউতাৰ চ‘ৰাৰে পৰা ।

ৰাম কৃষ্ণ পানী তুলিবলৈ

ৰাম কৃষ্ণ ওলাইছে দৈৱকী

হৰি মোৰ ঐ কাঁহৰে কলচি লৈ,

ৰাম কৃষ্ণ আগে পাছে ভৰি

ৰাম কৃষ্ণ গায়ন-বায়ন কৰি

হৰি মোৰ ঐ ঢুলীয়াই ঢাক-ঢোল বজায়।

ৰাম কৃষ্ণ বাটৰে ঢেকীয়া

ৰাম কৃষ্ণ আমাক বাটে দিয়া

হৰি মোৰ ঐ আমি পানী তোলোগৈ ।

ৰাম কৃষ্ণ দূৰৈকৈ পুখুৰী

ৰাম কৃষ্ণ খন্দালা আইদেউ

হৰি মোৰ ঐ বন্ধালা সেন্দুৰী আলি ।

ৰাম কৃষ্ণ আলিৰ চৌপাশে

ৰাম কৃষ্ণ কদম ৰুই গ‘লে

হৰি মোৰ ঐ আছে বকুলৰে শাৰী।

ৰাম কৃষ্ণ অলনি দলনি

ৰাম কৃষ্ণ পকা চপৰাণি

হৰি মোৰ ঐ আমাৰ হাতে ভৰি ভাগে।

ৰাম কৃষ্ণ গাঁৱৰ মাজে মাজে

ৰাম কৃষ্ণ কলৰ শাৰী শাৰী

হৰি মোৰ ঐ বাদুলী পৰীয়া খায়।

ৰাম কৃষ্ণ ৰিণিকি ৰিণিকি

ৰাম কৃষ্ণ দেখিছোঁ যমুনা

হৰি মোৰ ঐ বৈ আছে কদম্বৰ তলে। (উৰুলি)

৪) ওলাই আহা দৈৱকীয়ে ৰজাৰ মহাদৈ,

শুভক্ষণে যাত্ৰা কৰি জলে আনোগৈ ।

ওলাই আহা দৈৱকিয়ে যমুনালৈ যাওঁ,

বাইদেউক নোৱাব জলে দিব গঙ্গা যাওঁ।

৫)ইপাৰৰে চাকনৈয়া সিপাৰৰে ঢৌ।

তামৰে কলচি ৰাধা ভৰিলনে নৌ।।

সিপাৰৰে ঢৌৱে দেখি ৰাধাৰ কম্পে হিয়া।

কাষে নাওঁ চপাই দিয়া অ‘ৰে বিনন্দীয়া।।

আকাশতে জিলিকিছে থুপি থুপি তৰা।

দৈৱকীয়ে পানী তোলে নাছে অপেশ্বৰা।।

তামৰে কলচীত ৰাধা ভৰিলেক পানী।

উজানঘাটৰ পৰা দিলে নৌকা একোখনি।।

গায়নে বায়নে আহে আৰু বাজে ঢোল।

দৈৱকীয়ে পানী তোলে আনন্দৰে ৰোল।।

৬) ফুল চন্দন তুলসী,

ভৰিল নে নভৰিল

ৰাধা তোমাৰ কলসী।

জীৱনে বিচাৰে- ফুল চন্দন তুলসী,

জীৱনৰ লগৰী-ফুল চন্দন তুলসী,

কবিয়ে বিচাৰে ভাষা ঐ

ফুল চন্দন তুলসী,

ভৰিল নে নভৰিল

ৰাধা তোমাৰ কলসী।

ৰাতি পৰে পৰে -ফুল চন্দন তুলসী

কবি ঘুৰি ফুৰে – ফুল চন্দন তুলসী

কবিতা ৰচিবৰ মনে ঐ

ফুল চন্দন তুলসী,

ভৰিল নে নভৰিল

ৰাধা তোমাৰ কলসী।

৭) বাৰী ঢাপৰ কৰদৈ

খোজ দিয়া খৰকৈ

বাইদেউ আছে লঘোণে

ভাত খাব চুৰকৈ ।

অসম চাৰিসীমা- বাৰী ঢাপৰ কৰদৈ

অকোৱা পকোৱা – বাৰী ঢাপৰ কৰদৈ

ভাৰত চাৰিসীমা মেপে ঐ

বাৰী ঢাপৰ কৰদৈ

খোজ দিয়া খৰকৈ

বাইদেউ আছে লঘোণে

ভাত খাব চুৰকৈ ।

এনেদৰে বিয়ানাম গাই আয়তীসকল আহি ৰভাতল পোৱাৰ আগে আগে কইনা আৰু ঢুলীয়াসকলক উদ্দেশ্যিও বিয়া নাম গোৱা হয় । তাৰে দুটামান –

৮) বাইদেউ ওলাই চোৱাহি

গঙ্গাজল আনিছোঁ মাথা দোৱাই লোৱাহি।

ক্ষমিবা আমাকে- বাইদেউ ওলাই চোৱাহি

জলৰে দেৱতা – বাইদেউ ওলাই চোৱাহি

আমি অল্পমতি নাৰী হে

বাইদেউ ওলাই চোৱাহি

গঙ্গাজল আনিছোঁ মাথা দোৱাই লোৱাহি।

৯) গা-ধোৱা চাবোনে এৰি দিয়ক ঢুলীয়া

বাইদেউ আছে লঘোণে

থোকৰ তামোল গোট গোট

আজি আমাক এৰি দিয়ক

কাইলৈ ল‘ব প্ৰতিশোধ।

১০) ঢাপৰ কচু কলীয়া

এই যোৰা ঢুলীয়া বিহু নামত বলীয়া ।

এই ধৰাখনি- ঢাপৰ কচু কলীয়া

কেনেনো শুৱনি- ঢাপৰ কচু কলীয়া

কত সৌন্দৰ্যৰে ভৰা হে

ঢাপৰ কচু কলীয়া

এই যোৰা ঢুলীয়া বিহু নামত বলীয়া।

আকৌ আয়তীসকলে যদি খোজকাঢ়ি পানী তুলিবলৈ যায় কইনাৰ ককাই-ভাইক যোৰাই ও নাম গাই-

১১) ডাঙৰ দাদা যিহে হ‘ল

সৰু দাদা কেনি গ‘ল

পানী তোলা বাছখন

গেটৰ মূখত বেয়া হ‘ল।

পানী পাই পুনিয়ে -ডাঙৰ দাদা যিহে হ‘ল

কৰে গণ্ডগোল-ডাঙৰ দাদা যিহে হ‘ল

পাৰ পাই মেলিলে শিপা ঐ

ডাঙৰ দাদা যিহে হ‘ল

সৰু দাদা কেনি গ‘ল

পানী তোলা বাছখন

গেটৰ মূখত বেয়া হ‘ল। (উৰুলি)

১২) চালত পানী দিবা ধাৰে নিচিঙিবা

ঐ ৰাম মৰল চাই টেকেলি থবা হে।

নিয়মকৈ সোমাবা পিচলি পৰিবা

ঐ ৰাম আইদেউৰ ধৰমীয়া বিয়া হে।

মাকে পাটি পাৰি ফুৰিছে বিচাৰি

ঐ ৰাম আইদেউ কেনিবা গ‘ল হে।

আইদেউ আছেগৈ কুণ্ডিল নগৰতে

ঐ ৰাম ঘিলা খেলিবলৈ পাই হে ।

গঙ্গাত জ্বলে মাগি আনিছে ৰুক্মিনী

ঐ ৰাম লোৱাহি মাথা দোৱাই হে।

তোমাৰ দেউতাই চিত্ৰ লিখি থৈছে

ঐ ৰাম চোৱাহি নয়ন ভৰি হে।

তামোল কটাৰি লোৱা লাহে কৰি

ঐ ৰাম পয়জাৰত দিয়াহি ভৰি হে ।

এনেদৰে পানীতুলি নাম গাই আয়তী সকল আগবাঢ়ে কইনা বা দৰাক নোৱাবলৈ ।

(ক্ৰমশ)

অঞ্জনা তামুলী দাস

গুৱাহাটী

৩)

“দৰা বা কইনা নোওৱাৰ সময়ত গোৱা নাম”

বিয়াত দৰা বা কইনাক গা ধুওৱাটো এটা পৰম্পৰা। আয়তীসকলে লগত ঢুলীয়ালৈ পানী তুলিবলৈ যায় নৈৰ ঘাটট । য‘ত ওচৰত নৈ নাই তাত কোনোবা এঘৰৰ কুঁৱা বা পুখুৰীতে পানী তোলা হয় । আয়তীসকলে তুলি অনা পানীৰে চৰা কইনাক গা-ধুৱাব লাগে। গা ধুৱাওতে দৰা বা কইনাক বৰপীৰাত বহুৱাই হাতৰ তামোল দৰা বা কইনাৰ মূৰত থৈ তাৰ ওপৰত সোণৰ আঙুঠি দি তেল দিয়ে। তাৰ পিছত ফনিৰে মূৰ আচুৰি মাহ-হালধি সানি তুলি অনা পানী দৰা/কইনাৰ গাত ঢালে । মাহ আৰু হালধি আকৌ জোৰোণ দিবলৈ আহোতে দৰা ঘৰৰ পৰা কইনা ঘৰলৈ দি পথোৱা হয় আকৌ দৰাৰ বাবে কইনা ঘৰৰ পৰা জোৰোণ দিবলৈ অহা মানুহৰ হাতত দি পথোৱা হয়। সেই মাহ হালধীৰেহে দৰা কইনাক গা ধুওৱা হয় । বংশ পৰিয়ালকে আদি কৰি সকলোৱে দৰা বা কইনাক মাহ হালধি সানি কাঁহৰ লোতাৰে পাঁচ বা সাত কলহ পানী ঢালিব লাগে । গা ধুই হোৱাৰ পিছত দৰা বা কইনাৰ মাক আহি দুনৰিত থকা চাকিৰ পৰা শা দিব আৰু আমপাত লৈ নিজৰ ফালে এবাৰ টোৱাই আৰু এবাৰ দৰা বা কইনাৰ ফালে টোৱাই। এনেদৰে আমাশা আৰু চাকি শা দিব। পিছত মুৰৰ ওপৰত কেইগৰাকীমান আয়তীয়ে চাউল হাতত লৈ নাম গাব ।

কইনা নোওৱাৰ সময়ত গোৱা নাম

১) (উৰুলি দিব) ওলাই আহা আইদেৱে ঐ শশী দুৱাৰ দলীৰ বাজে
ঘৰতে নোৱাব মাৱে ঐ শশী নকৰিবা লাজে ।

ওলাই আহা আইদেৱে ঐ শশী আঙুলিক লেখি

অত‘ প্ৰজা ৰৈ আছে ঐ শশী তোমাক নেদেখি।

ওলাই আহা আইদেৱে ঐ শশী মাটিত মঙ্গল চাই

গণকে গণিতা কৰে ঐ শশী ক্ষণ চৰি যায় ।

এলাই আহা আইদেৱে ঐ শশী কদমতে ধৰি

নোৱাব তোমাৰ মাৱে ঐ শশী অতি যতন কৰি।

২) ৰাম ৰাম বেইতে ঘূৰিয়ে

ৰাম ৰাম কিমান দুখে পালা

ৰাম ৰাম সোমাই চামৰ পীৰাত বহা হে ।

ৰাম ৰাম চামৰ বৰেপীৰা

ৰাম ৰাম তলে চাৰি খুৰা

ৰাম ৰাম বহিছে সোণৰ চেকুৰা হে।

ৰাম ৰাম মূৰত তেলে দিবা (উৰুলি)

ৰাম ৰাম ধাৰে নিচিঙিবা

ৰাম ৰাম তেলিয়াই যোগাব তেল হে।

ৰাম ৰাম মাহো গেলোৱা

ৰাম ৰাম হালধি গেলোৱা

ৰাম ৰাম গেলোৱা নাদৰে পানী হে।

৩) চাৰিও ফালে কলৰ পুলি তাতো আমৰ দালি,

বেইৰ তলত বহি বাইদেউ কৰিছে ধেমালি।

৪) কান্দা বাইদেউ কান্দাচোন

চকুৰ পানী টোকাচোন

চকুৰ পানী নোলায় যদি

লোটাৰ পানি ঢালাচোন।

৫) শিৱৰ বস্ত্ৰ বাঘৰ চাল

কদমৰ চনকা ডাল

বিয়াত কইনাই নেকান্দিলে

দেখিবলৈ নহয় ভাল।

৬) স্বৰ্গৰ পৰা মাতে সখি হাঁহে মিচিকাই

কতবেলি নোৱাই থাকা বাইদেউ মুখ চাই।

আইদেউৰ পদুলিতে সত্ৰাজিতৰ পুলি

আইদেৱে পানী ঢালে ৰামকৃষ্ণ বুলি।

আইদেউৰ পদুলিতে হালি আছে নল

কলহে কলহে ঢালে যমুনাৰে জল।

৭) গা ধুই আইদেৱে মাকক সুধিলে

ঐ ৰাম কি সাজ সলাব পাৰি হে ।

ছাঁতে শুকুৱা মুঠিতে লুকুৱা

ঐ ৰাম সেই সাজ সলাব পাৰি হে।

গা ধুই আইদেৱে দেউতাকক সুধিলে

ঐ ৰাম কি ফুল পিন্ধিব পায় হে,

সেউতী নিপিন্ধে মালতী নিপিন্ধে

ঐ ৰাম নিপিন্ধে খৰিকাজাই হে ।

সাগৰৰ মাজতে আছে পাৰিজাত

ঐ ৰাম সেই ফুল পিন্ধিব পায় হে।।

দৰা নোওৱাৰ সময়ত গোৱা নাম:-

১) মাহ কেলৈ ঘঁহিচা

পানী কেলৈ ঢালিচা

কাৰ কাৰণে দাদা তুমি

ইমান কষ্ট কৰিছা।

একো কষ্ট হোৱা নাই

বহি কষ্ট পোৱা নাই

এইকন কষ্ট নকৰিলে

ভাৰ্য্যা পোৱাৰ আশা নাই।

২) ৰাম সীতাই যেনেকৈ

দময়ন্তী তেনেকৈ

ত‘ত চাগৈ ব‘দেউৱকো

নোৱাই আছে এনেকৈ।

৩) শিৱৰ বস্ত্ৰ বাঘৰ চাল

কদমৰ চনকা ডাল

অসময়ত গা ধোৱা

স্বাস্থ্যৰ পক্ষ্যে নহয় ভাল।

মূৰত চাউল দিয়া নাম :- (দৰা-কইনা উভয়ৰে ক্ষেত্ৰত)

১) আগে দিয়া পাছে দিয়া

আগে দিয়া পাছে দিয়া

পঞ্চো আয়তীয়ে কি ৰাম ৰাম

পঞ্চো আয়তীয়ে,

দুৰ্বাঘাটৰ পানী আনি

দুৰ্বাঘাটৰ পানী আনি

ৰামৰ মূৰত দিয়ে কি ৰাম ৰাম

ৰামৰ মূৰত দিয়ে। (উৰুলি দিব লাগে)

পুখুৰীৰে চৌপাশে

পুখুৰীৰে চৌপাশে

কলীয়া তুলসী কি ৰাম ৰাম

কলীয়া তুলসী,

সেই ঘাটে পানী তুলে

সেই ঘাটে পানী তুলে

তামৰে কলসী কি ৰাম ৰাম

তামৰে কলসী। (উৰুলি দিব লাগে)

পুখুৰীতে পানী নাই

পুখুৰীতে পানী নাই

পাৰকে নুবুৰে কি ৰাম ৰাম

পাৰকে নুবুৰে,

আকাশত পক্ষীগনে

আকাশত পক্ষীগনে

জাকে জাকে উৰে কি ৰাম ৰাম

জাকে জাকে উৰে। (উৰুলি)

পুখুৰীৰে চৌপাশে

পুখুৰীৰে চৌপাশে

মৃগ পহু চৰে কি ৰাম ৰাম

মৃগ পহু চৰে,

তাকে দেখি ৰামচন্দ্ৰই

তাকে দেখি ৰামচন্দ্ৰই

শৰ ধনু ধৰে কি ৰাম ৰাম

শৰ ধনু ধৰে। (উৰুলি)

নধৰিবা শৰ ধনু

নধৰিবা শৰ ধনু

নোটোৱাবা কাঁড় কি ৰাম ৰাম

নোটোৱাবা কাঁড়,

সত্যে সত্যে বিবাহ দিম

সত্যে সত্যে বিবাহ দিম

সীতাৰে সহিতে কি ৰাম ৰাম

সীতাৰে সহিতে।

স্নান কৰি ৰামচন্দ্ৰই

স্নান কৰি ৰামচন্দ্ৰই

মূৰত দিয়ে হাত কি ৰাম ৰাম

মূৰত দিয়ে হাত,

স্বৰ্গৰ পৰা দেৱগনে

স্বৰ্গৰ পৰা দেৱগনে

কৰে আৰ্শীবাদ কি ৰাম ৰাম

কৰে আৰ্শীবাদ। (উৰুলি)

এনেদৰে  গা ধুৱাই নাম গাই আয়তী সকল আগবাঢ়ে কইনা বা দৰাক সজাবলৈ।

(ক্ৰমশ)

অঞ্জনা তামুলী দাস

গুৱাহাটী

৪)

দৈয়ন দিয়া নাম-

বিয়াৰ দিনা পোহৰ হোৱাৰ পূৰ্বে পালন কৰা এটি লোকাচাৰ হৈছে দৈয়ন দিয়া। দৰা বা কইনাৰ শোৱানি কোঠাৰ দুৱাৰ মূখত পৰ্দা এখন দি পৰ্দাৰ আঁৰত পীৰা এখন পাৰি দিয়া হয়। নোৱাওঁতে ব্যৱহাৰ কৰা কলপাত,পটাগুটি,বাতি এটাত দৈ , পান, ধূপ, পানী তোলা ঘট, দুনৰিত চাকি জ্বলাই পীৰাৰ কাষতে থ‘ব লাগে। পৰ্দাৰ ভিতৰ ফালে দৰা বা কইনা বহিব আৰু বাহিৰফালে থকা পটাগুটিত ভৰি দিব। প্ৰথমে মাকে পান দুখিলাত দৈ লগাই কইনা বা দৰাৰ দুয়ো গাল, আঠু আৰু দুই ভৰিত লগাব। সেই পানপাত নিজৰ ফালেও টোঁৱাব লাগে। ইয়াৰ পিছত আমাশা আৰু চাকিশা দি মূৰত চাউল দুটামান চটিয়াই দিব লাগে। আজিকালি অৱশ্যে এই লোকাচাৰ খুব কমেইহে পালন কৰা দেখা যায়।

১) ওলাই আহা শ্ৰীকৃষ্ণ পুৱাইল ৰজনী

বিধি মতে দৈয়ন দিব তোমাৰ জননী

আগবাঢ়ি আঁহা কৃষ্ণ আঁহা আগবাঢ়ি

তোমাৰ মাতৃ দৈয়ন দিয়ে লৈয়ো আঠু কাঢ়ি

দৈয়ন দিয়া দুটি বাটিত পান যোৰে লৈ (উৰুলি)

আইদেউৰ মাকে দৈয়ন দিছে

আইদেউক দুৱাৰ মুখন লৈ

দৈয়ন দিয়া দৈয়ন দিয়া আপোনাৰে আই

ভাল কৰি দৈয়ন দিয়া একেবাৰে যায়

দৈয়ন দিয়া দৈয়ন দিয়া আপোনাৰে আই

ভাল কৰি দৈয়ন দিয়া হৃদৰ জুৰাই।

 

২) ৰাম ৰাম প্ৰভাতে কৃষ্ণয়ে

ৰাম ৰাম ভূমিত পও নিদিবা

ৰাম ৰাম পয়জাৰতে দিব ভৰি হে

ৰাম ৰাম আজি প্ৰভাততে

ৰাম ৰাম তোমাক দৈয়ন দিয়ে

ৰাম ৰাম পৰম মঙ্গল কৰি হে

ৰাম ৰাম উঠা শ্যামকানু

ৰাম ৰাম মায়ে দৈয়ন দিব

ৰাম ৰাম কিয় কৰি আছা হেলা হে

ৰাম ৰাম গোপিনীসকলে

ৰাম ৰাম আছে বাট চায়

ৰাম ৰাম যায় ধৰমৰে বেলা হে

ৰাম ৰাম পান বৰিয়ালৰ

ৰাম ৰাম পানকে আনাগৈ

ৰাম ৰাম গোৱালৰ ঘৰৰে দৈ হে

ৰাম ৰাম আজি শ্ৰীকৃষ্ণ

ৰাম ৰাম মায়ে দৈয়ন দিব

ৰাম ৰাম সিংহ দুৱাৰত থৈ হে। (উৰুলি)

 


2 responses to “বিয়া নাম

  1. NOKUL P CHETTRI says:

    Very Nice……I Like It…. And Thanks For The Explain.

Leave a comment