abhilasha

reaching to the sky

ককাইদেউলৈ চিঠি

মৰমৰ ককাইদেউ,

মৰম ল‘বি । বৌক মোৰ শ্ৰদ্ধা আৰু বাবু/মাইনাক মোৰ মৰম দিবি । আমাৰ ইয়াত সকলোৰে একপ্ৰকাৰ ভাল বুলিয়ে ধৰিবি ।

ককাইদেউ, বহুত দিন বিৰতিৰ পিছত তোলৈ লিখিবলৈ বহিছো। কিছুমান কথাই মনটো খু-দুৱাই আছে অ। কাক ক‘ম কোনে শুনিব । সেয়ে তোকে ক‘ম বুলি লিখিছো । ধৈৰ্য্য সহকাৰে পঢ়িবি ৰসাল ন‘হলেওঁ তই জানিবই লাগিব এইখিনি কথা ন‘হলে যে মোৰ কথা শুনোতা কোনোৱে নাই ।

জান ককাইদেউ, মোৰ লগৰ যে অনামিকা তোৰ বাৰু মনত আছে নে তাইক ? তাই সিদিনা তোৰ কথা মোক সুধিছিলে । ময়ো তোৰ সবিশেষ তাইক জনালোঁ যি খিনি জানোঁ । বৰ্তমান তাইৰ অৱস্থা বৰ বেয়া অ । ২০০২ চনত তাইৰ বিয়া হৈছিল এটা সম্ভ্ৰান্ত পৰিয়ালৰ বৰ পুত্ৰৰ লগত । নাম আছিল ল‘ৰাজনৰ ভাস্কৰ । পেছাত এজন ইঞ্জিনিয়াৰ এটা ব্যক্তিগত কোম্পানীৰ । বৰ সুখেৰে সিহঁতৰ সংসাৰ চলি আছিল। তাইও বিয়াৰ ঠিক ছমাহ মান পিছৰ পৰা ভাস্কৰৰ লগত কোৱাৰ্টাৰত থাকিবলৈ লৈছিল। গুৱাহাটীত থকা তাইৰ শহুৰেক, শাহুৱেক আৰু একমাত্ৰ দেওৰেক জনৰ খৱৰ-বাতৰি তাই টেলিফোন যোগে সদায়ে লৈ আছিল । শহুৰেকে তাইক অত্যন্ত মৰম কৰিছিল । পিছে কি হ‘ল জান- ভাস্কৰ আৰু তাই দুৰ্গাপুজাৰ বন্ধ বাবে ঘৰলৈ আহিলে । আহিয়ে তাই তাইৰ কোঠাৰ যি দৃশ্য দেখিছিলে সেয়া অতি অসহনীয় আছিল। তাইৰ কোঠাৰ চন্দন কাঠেৰে নিৰ্মিত বক্স পালেঙ খনৰ দৰ্জা ভাঙি তাত থকা সকলো বয়-বস্তু কোনোবাই উলিয়াই লৈ গৈছিল । আলমাৰিটোৰো লকাৰ ভঙা আছিল । কোনে কিয় তাইৰ বস্তুবোৰ লণ্ড-ভণ্ড কৰিলে তাই একো বুজিব নোৱাৰি শিল পৰা কপৌৰ দৰে থিয় হৈ থাকিল । কিছু সময়ৰ পিছত যেতিয়া ভাস্কৰ কোঠালৈ সোমাই আহিল তেতিয়াহে তাই সম্বিত ঘুৰাই পালে। লগে লগে তাই কান্দোনত ভাগি পাৰিছিল আৰু ভাস্কৰৰ বুকত মুখ গুজি হিয়া ধাকুৰি কান্দিছিল । তাই ভাস্কৰক কৈছিল মোৰ এই বস্তুবোৰে কাৰ কি অন্যায় কৰিলে যাৰ বাবে নতুনতে ভাঙিব লগীয়া হ‘ল ? পালেঙৰ বক্সত থকা সকলো গিফ্টৰ পেকেট খালি হৈ আছিল আৰু ভিতৰৰ বস্তুবোৰ একো নাছিল। আলমাৰিৰ ভিতৰত থকা পাটৰ কাপোৰ কেইযোৰৰ পুৰণা কেইযোৰ আছিল কিন্তু বিয়াত দিয়া আৰু তাই নিজে লোৱা কেইযোৰ নাছিল। অলঙ্কাৰ বিশেষ নাছিল যদিও প্ৰায় দুই তোলামান সোনৰ গহনা আছিল । তাই ভাগৰুৱা দেহাতো আৰু অৱশ হৈ পৰিছিল। তেনেতে শাহুৱেকে তাইক মাত লগাইছিল ভাত খাবৰ বাবে । তাই কোনো প্ৰত্যুত্তৰ নিদি কাপোৰযোৰ সলাই মুখ-হাত ধুই ভাত খাবলৈ মন নাই বুলি কৈ শুই পৰিছিল । পিছদিনা পুৱাই তাই ভাস্কৰক লগ ল‘লে মাকৰ ঘৰলৈ যাবৰ বাবে । মাকৰ আগত তাই সকলো কথা বিবৰি কোৱাৰ পিছত মাকে তাইক শাহুৱেকক সুধিবলৈ ক‘লে কোনে কিয় তাইৰ বস্তুবোৰ লৈ গ‘ল বুলি । দিনটো মাক-দেউতাকৰ লগত থাকি গধুলি দুয়ো ঘৰলৈ উভতি আহিল আৰু নিজকে সহজ হ‘বলৈ চেষ্টা কৰি ঘৰুৱা ইটো-সিটো কাম শাহুৱেকৰ লগত কৰি থাকি তাই লাহেকৈ শাহুৱেকক মাত দিলে – মা, মোৰ কোঠাৰ বস্তুবোৰ কোনে, কিয় আৰু ক‘লৈ নিলে বাৰু ? প্ৰত্যুত্তৰত মাকে যি উত্তৰ দিলে সেয়া শুনি মইতো হতবাক হৈ পৰিছিলোৱে তয়ো নহৈ নোৱাৰিবি । মাকে কি কৈছিল জান – তাইৰ নন্দেক ভাস্বতী অইলৰ এগৰাকী প্ৰশাসনিক বিষয়া । ভাস্বতীৰ বিয়া নিজ পচণ্ডৰ ল‘ৰাৰ লগতে হৈছিল । মাক -দেউতাকেও এজনী ছোৱালীক যিখিনি বস্তু দিব লাগে সেইখিনি সকলো দিছিল । হঠাতে তাই বৌৱেকৰ ওচৰত নিজক তেনেই সৰু যেন দেখুৱা অনুভৱ কৰিছিল । কাৰণ অনামিকাই নিজে চাকৰি কৰি মাক-দেউতাক দুয়োগৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ পেঞ্চনৰ এক পইচাও খৰচ কৰিবলৈ নিদিয়াকৈ নিজে সকলো ধৰণৰ বস্তু নিজৰ মতে বজাৰ কৰি লগত নিছিল । ভাস্বতীয়ে তেনে একো কৰিব পৰা নাছিল । সেয়ে তাই নবৌয়েকে লগত অনা বস্তুবোৰ দেখি জ্বলি-পুৰি মৰিছিল । এদিন ঘৰত দেউতাক নথকাৰ সুযোগতে আহি তাই নবৌৱেকৰ সকলো বস্তু মাকৰ অনিচ্ছা স্বত্তেই লৈ গুছি গৈছিল । মাকে তাইক মানসিক বিকাৰগ্ৰস্ত হোৱা বুলি কৈ অনামিকাক ভাস্বতীক একো ন‘কবৰ বাবে অনুৰোধ জনাইছিল আৰু সেই অনুৰোধ ভাস্কৰ-অনামিকাই ৰক্ষা কৰিছিল ।

তাৰ পিছত কি হ‘ল জান – হঠাতে এদিন অনামিকাক শাহুৱেকে ক‘লে তুমি কেইদিন মানৰ বাবে মাৰাৰ ঘৰলৈ যোৱা তাতে থাকিবা আমি ঘৰটোত ৰঙ দিব খুজিছো । তাই একো প্ৰশ্ন নকৰি ভাস্কৰৰ লগত মাকৰ ঘৰলৈ বুলি গুছি গৈছিল । মাকৰ ঘৰত গৈ তাই গম পাইছিল তাই যে ইতিমধ্যে অন্তঃসত্বা হৈছে। তাই খৱৰটো ভাস্কৰক দিলে । ভাস্কৰেও আনন্দতে মাকক চিঞৰি উঠিল মা- তই আইতা হ‘বলৈ ওলাইছ। পিছে ভাস্কৰক আচৰিত কৰি মাকে কৈ উঠিছিল আৰু এটা গলগ্ৰহৰ আগমন হ‘বৰ হ‘লেই নে ? ভাস্কৰে একো বুজিব পৰা নাছিল । পিছদিনা পুৱাই মাকে ভাস্কৰক ক‘লে তহঁতৰ বস্তুবোৰ পিছফালে থকা আসাম টাইপ ঘৰটোলৈকে লৈ যা তাতে ভালে থাকিব ইয়াত ৰঙ পৰি নষ্ট হে হ‘ব । সিও মাকৰ কথামতেই সকলো বস্তু সিহঁতৰ চাৰি মহলীয়া ঘৰটোৰ পিছফালে থকা সৰু আসাম টাইপৰ ঘৰটোলৈ স্থানান্তৰ কৰি পেলালে । গধুলি মাকে তাক ক‘লে পুৰণা ঘৰটোতে থাকিবলৈ ন‘হলে বস্তুবোৰ চুৰি হ‘বও পাৰে বুলি। সহজ-সৰল ভাস্কৰে বুজিবই নোৱাৰিলে মাকৰ অন্তৰৰ কুটিল বুদ্ধি বিলাকৰ কথা । সি তাৰ দুদিনৰ পিছতে নিজৰ কৰ্মস্থলীলৈ ৰাওনা হ‘ল । অনামিকা মাকৰ ঘৰতে থাকিল ।

তাৰ পিছত সম্পূৰ্ণ আঠমাহৰ পিছত হঠাৎ অনামিকাৰ মাকৰ পৰা টেলিফোন পালে অনামিকাই অতি সংকটজনক অৱস্থাৰ মাজেৰে সময় পাৰ কৰিছে । তাৰ মাক দেউতাকক খৱৰ দি আছে যদিও দেউতাক মাজে মাজে আহে মাকে আহিম আহিম বুলি কৈ এদিনো নাহে। তাৰ মাকৰ প্ৰতি কিয় জানো অলপ কিবা সন্দেহ হ‘ল লগে লগে সি ছূটীৰ বাবে দৰ্খাস্ত এখন দি ঘৰলৈ বুলি গুছি আহিল । ইতিমধ্যে অনামিকাৰ মাক -দেউতাকে তাইক হস্পিতেলত ভৰ্তি কৰাইছিল । সি আহি পোৱাৰ দিনাই ডাক্তৰে অনামিকাৰ অপাৰেচন কৰি এটি পুত্ৰ সন্তান তাইৰ কোলালৈ আগবঢ়াই দিছিল । সি নথকাৰ সময়ত পোৱা সকলো-দুখ যান্ত্ৰণা তাই নিমিষতে তাক আৰু সদ্যোজাত কোলাৰ শিশুটিক দেখি পাহৰি পেলাইছিল । আকৌ আৰম্ভ হৈছিল সিহঁতৰ সুখৰ সংসাৰ । সি পুত্ৰ আৰু পত্নী অনামিকাক লৈ মাকে থাকিবলৈ কোৱা পুৰণা ঘৰটোতে থাকিবলৈ ধৰিলে । দুমাহ থাকি পুণৰ সি কামলৈ যাত্ৰা কৰিলে । মাজত মাথো যোগাযোগৰ মাধ্যম হিচাপে থাকি গ‘ল টেলিফোনটো ।

ককাইদেউ, তই শুনি আচৰিত হ‘বি কি জান- এদিন অনামিকাই সন্তানটো চোৱা-চিতা কৰা ধাই জনীৰ হাতত কেচুৱাটি দি গা-ধুবলৈ গৈছিল । তেনেতে শাহুৱেক তাইৰ কোঠালৈ আহিছিল আৰু ধাইজনীৰ পৰা কেচুৱাটো লৈ গুছি গৈছিল নিজৰ ঘৰলৈ । অনামিকাই গা ধুই আহি কেচুৱাটোক নেদেখি ক‘ত বুলি সোধাত ধাই জনীয়ে ক‘লে আইতাকে নিয়া বুলি । অনামিকাৰ মনৰ মাজত ধুমুহা বলিছিল যি জনী আইতাকে নাতিয়েকক চাবলৈ যোৱা নাছিল সেই আইতাকে আজি কিয় তাক নিলে । তাইৰ কিবা অজান আশংকাত বুকু কঁপি উঠিছিল আৰু প্ৰায় এক প্ৰকাৰ দৌৰিয়ে তাই শাহুৱেকৰ কাষ পাইছিল গৈ । শাহুৱেকে তাক কোলাত লৈ যি কৈ আছিল তাই সকলো শুনা পাইছিল আৰু তাক থাপ মাৰি শাহুৱেকৰ কোলাৰ পৰা লৈ আনিছিল । কথাখিনি তাই ফোনযোগে ভাস্কৰক জনোৱাত সি পুণৰ ছূটী লৈ ঘৰলৈ গুছি আহিছিল ।

ঘৰলৈ আহিয়ে প্ৰথমে ভাস্কৰে অনামিকা আৰু সন্তানটোক মাকৰ ঘৰত থৈ আহিলগৈ । সিওঁ অনামিকাহঁতৰ ঘৰতে প্ৰায়ে ভাত-পানী খাই আহি নিজৰ ঘৰত শুই থাকেহি । এদিন এনেদৰে শুই থাকোতে সি তাৰ মুৰৰ শিতানত কোনোবা ৰৈ থকা যেন অনুভৱ কৰিলে । মুৰটো  ডাঙি চাই দেখে কোনো নাই । লাহে লাহে তাৰ মনত ভয় ভাৱ এটাই ঠাই ল‘বলৈ ধৰিলে । সি অনামিকাহঁতৰ ঘৰলৈও নোযোৱা হ‘ল । অনামিকাই ফোন কৰিলে কয় সদায় সদায় আহিবলৈ তাৰ এলাহ লাগে আৰু এনেদৰে থাকিলে তাৰ পুণৰ চাকৰিলৈ যাবলৈও মন নোযোৱা হ‘ব । সেয়ে সি যোৱাটো কমাই দিছে । এনেদৰে প্ৰায় পোন্ধৰ -বিশ দিন নোযোৱাকৈ আছিল সি অনামিকাহঁতৰ ওচৰলৈ । এদিন তাৰ তমোময় জ্বৰ হৈছিল। সি লগৰ এজনক ঔষধ আনিবলৈ দি শুই পৰিছিল । লগৰজনে আহি তাক ঔষধ খুৱাই বেছি জ্বৰ হৈ থকা দেখি আৰু এজনকমাতি পঠাইছিল । বন্ধু দুয়োজনে যিমান পাৰে সিমান শুশ্ৰষা কৰি ৰাতি গুছি গৈছিল । পিছদিনা তাৰ একো খৱৰ পোৱা নাছিল কোনেও। তাৰ পিছদিনা বন্ধু দুজনে তাৰ জ্বৰৰ খৱৰ ল‘বলৈ গৈ দেখে ঘৰৰ দৰ্জা বন্ধ হৈ আছে কিন্তু পিছফালৰ দৰ্জাখন খোলা আছিল । সিহঁতি লাহেকৈ সোমাই গৈছিল ভিতৰলৈ মনত ভাৱ তাৰ জ্বৰ হয়তো ভাল হোৱা নাই । ভিতৰত সোমাই গৈ সিহঁতি দেখা পালে দুদিন আগত সিহঁত যাওঁতে যিখন চকীত সি বহি আছিল সেই চকী খনতে সি বহি আছে। হঠাৎ সিহঁতৰ নাকত এটা বৃকৎ গোন্ধ লাগিল আৰু মন কৰিলে তাৰ দেহৰ পৰা ওলাই থকা পানী খিনিলৈ । হঠাতে এজনে তাক জোকাৰি দিওতে চকীখনত সৈতে ভাস্কৰ বাগৰি পৰিলে । লগে লগে দুয়ো চিঞৰি উঠিছিল এয়া কি বুলি !!!!!! ইতিমধ্যে ভাস্কৰৰ দুদিন আগতেই মৃত্যু ঘটিছিল। অনামিকাই সন্তানটো লৈ ভাস্কৰৰ কাষলৈ ঢপলিয়াই আহিছিল পিছে তাই তাৰ শ তোৰ কাষো চাপিব পৰা নাছিল কাৰণ তেতিয়া ভাস্কৰৰ শৰীৰৰ পৰা দুৰ্গন্ধ বিয়পিছিল ।

ককাইদেউ, ইয়াৰ পিছৰ অনামিকাৰ কাহিনী মই তোক পিছত চিঠিত জনাম । বহুত আবেগিক হৈ পৰিছো আজি । আৰু কিবা জনোৱাৰ ভাষা হেৰাই গৈছে । ক্ষমা কৰিবি তোক জনাই আমনি দিয়া বাবে ।

পুণৰ মৰমেৰে

তোৰ

ভনী

গুৱাহাটী

বি.দ্ৰ. ভাস্কৰৰ মাকে নাতিয়েকৰ আগত কোৱা কথাখিনি তোক পিছৰ চিঠি খনত জনাম দে ।

2 Comments »

সৰু কবিতা

১)
আকাশখন চুব পৰা বাসনা মোৰ নাই ,
হেপাহ নাই ভাগ্যবিধাতাক লগ পোৱাৰ,
সময়ৰ আহ্বান
জাগি উঠা, জীয়াই থকাৰ সময় যেন বহুত কম
তথাপি জীয়াই থাকিম
প্ৰতিটো পলতে জীৱনটো পাবৰ বাবে।

২)

আমি বাৰু জানোনে
জীৱনৰ আটাইত
ভাল লগা মূহুৰ্ত্তবোৰ কি ?
মই ভাৱো –
যেতিয়া আমাৰ পৰিয়ালে
আমাক এজন বন্ধুৰ দৰে
বুজি পাব;
অথবা-
বন্ধুৱে আমাক তেওঁৰ
পৰিয়ালৰ এজন বুলিব;
তাতকৈ আৰু লাগেনো কি !

৩)

আমাৰ চাৰিওফালে এটা বৃহৎ শূণ্যই আবৰি আছে ।
মোৰ গাড়ী , ঘৰ , মাটি একো নাই।
তথাপি কিন্তু মই সূখী ।
কাৰণ মোৰ যি আছে ,

সেয়া আন বহুতৰে নাই ।

এতিয়া আকৌ কোনেও নুসুধিব

মোৰ নো এনে কি আছে যিবোৰ আপোনাৰ নাই !

Leave a comment »

কেইটামান জানিব লগীয়া কথা-

চাৰিবেদ- ঋ্ক,যজু,সাম আৰু অথৰ্ব্ব।

চাৰিধাম-শ্ৰীজগন্নাথ, শ্ৰীদ্বাৰিকানাথ,শ্ৰীৰামনাথ আৰু শ্ৰীবদৰিনাথ (বদৰিকাশ্ৰম)।

চাৰিশৰণ-দেৱ,গুৰু,নাম আৰু ভকত।

চাৰিসিদ্ধি-সনক,সনন্দ,সনতকুমাৰ আৰু সনাতন।

চাৰিঅস্ত্ৰ-শঙ্খ,চক্ৰ,গদা আৰু পদ্ম।

চাৰিপুৰুষাৰ্থ-ধৰ্ম্ম,অৰ্থ,কাম আৰু মোক্ষ।

বিষ্ণুৰ দশ অৱতাৰ- মৎস্য,কুৰ্ম্ম,বৰাহ,নৰসিংহ,বামন,পৰশুৰাম,হলিৰাম,শ্ৰীৰাম,বুদ্ধ আৰু কল্কি।

দশপ্ৰাণ-প্ৰাণ,অপান,সমান,উদান,ব্যান,নাগ,কৃকৰ,কূৰ্ম্ম,দেৱদত্ত আৰু ধনঞ্জয়।

সাত পাতাল-অতল,বিতল,সুতল,তলাতল,মহাতল,ৰসাতল আৰু পাতাল।

সাত বৈকুন্ঠ- শ্বেতবিলাস,চিত্ৰবিলাস,কুপিনীবিলাস,অম্বৰুবিলাস,পুষ্পবিলাস,কনকদন্তবিলাস আৰু পঙ্কজবিলাস।

অষ্টাঙ্গ যোগ-যম,নিয়ম,আসন,ধ্যান,ধাৰণা,প্ৰাণায়ম,প্ৰত্যাহাৰ আৰু সমাধি।

ছয় ৰিপু -কাম,ক্ৰোধ,লোভ,মোহ,মদ আৰু মাৎসৰ্য্য।

ছয় ভক্ত-উদ্ধৱ,মৈত্ৰেয়,বিদুৰ,হনুমান,বিভীষণ আৰু জাম্বৱন্ত।

বাৰ বৈষ্ণৱ- ব্ৰহ্মা,মনু,হৰ,কপিল,কুমৰ,শুক,ভীষ্ম,বলি,যম,জনক,নাৰদ আৰু প্ৰহ্লাদ।

অষ্ট ঐশ্বৰ্য্য- অনিমা,লঘিমা,প্ৰাপ্তি,প্ৰকাম্যা,ঈশিতা,মহিমা,বশিতা আৰু কাম্যা।

অষ্ট প্ৰকৃতি- পৃথিৱী,জল,বহ্নি,বায়ু,আকাশ,অহঙ্কাৰ,মন আৰু বুদ্ধি ।

চৈধ্যশাস্ত্ৰ -শিক্ষা,কল্প,জ্যোতিষ,মীমাংসা,ন্যায়,নীতি,দণ্ড,ব্যাকৰণ,আয়ুৰ্ব্বেদ,স্মৃতি,নিৰুক্তি,গান্ধৰ্ব্ব,ধনুৰ্ব্বেদ আৰু কাব্য।

চৈধ্য পাৰিষদ- সুনন্দ,কুমুদ,নন্দ,পুষ্পদন্ত,প্ৰবল,বিজয়,জয়,উজ্বল,জয়ন্ত,বিশ্বসেন,কুমুদাক্ষ,শ্ৰুতদেৱ,গৰুন্দ আৰু সাত্যকি।

বাৰ বনৰ নাম- নালবন,তমালবন,কুঞ্জবন,মুঞ্জবন,অশোকবন,ভাণ্ডিৰবন,লোভবন,মোহবন,কামাবন,নিকুঞ্জবন, তীমালবন আৰু সুদ্ৰবৃহদল।

বাৰ গোপালৰ নাম- স্তোককৃষ্ণ,দেৱপস্থ, সুবল, সুদাম,ঋষভ, বিষাল, বৰূথপ,বসুদাম,ভদ্ৰসেন,অৰ্জ্জুন,দাম আৰু শ্ৰীদাম।

ওঠৰ পুৰাণ- ব্ৰহ্মা, পদ্ম, বিষ্ণু, শিৱ, ভবিষ্য,নাৰদ, ভাগৱত,অগ্নি, লিঙ্গ, মাৰ্কণ্ডেয়, স্কন্দ, ব্ৰহ্মাণ্ড, গৰুড়, কূৰ্ম্ম, বৰাহ, বামন, মৎস্য, আৰু ব্ৰহ্মবৈৱৰ্ত্ত।

ওঠৰ উপপূৰাণ- আদি, নৃসিংহ, বায়ু, শিৱধৰ্ম্ম, দুৰ্ব্বাসা, নাৰদ, নন্দীকেশ্বৰ, উসনস, পিল, বৰুণ, শাম্ব, কালিকা, মহেশ্বৰ, পদ্ম, দেৱ, পৰাশৰ, মৰীচ আৰু ভাস্কৰ ।

কীৰ্ত্তনৰ পাঁচ ৰস- লীলা, প্ৰেম, মান, বীৰ আৰু নিবিৰ।

ঘোষাৰ চাৰি ৰস- সেৱা, নাম, ফল আৰু কৃপা।

ভাগৱতৰ দশ ৰস- চোৰ, চাটুৰী, শৃঙ্গাৰ, মাধুৰী, বীৰ, বীৰত্ব, লাবণ্য, কলা, কৌশল আৰু সুগন্ধি।

মহাতীৰ্থ- গঙ্গা, গয়া, কাশী, প্ৰয়াগ, যমুনা, গোদাবৰী, সৰস্বতী, নৰ্মদা, সিন্ধু, কাবেৰী, গণ্ডকী, কুৰুক্ষেত্ৰ, পুষ্কৰ, তান্ৰপনী, কৃতমালা, পয়স্বিনী, প্ৰতাচী আৰু মহানদী ।

(বৈষ্ণৱী-কীৰ্ত্তনৰ পৰা সংগ্ৰহ কৰা)।

4 Comments »

বিদেশত থকা সন্তানলৈ মাকৰ চিঠি-

হেপাহৰ বাবু,

মৰম লবি । আমাৰ একপ্ৰকাৰ ভাল বুলিয়ে ধৰিবি। বাবলীও ভালেই আছে । এইখন তোলৈ মই নিজহাতে লিখা শেষ চিঠি বুলি ধৰিবি । কিছুমান ঘৰুৱা কথা আছে যিবোৰ আনৰ হতুৱাই লিখি মই আমাৰ ঘৰৰ ভিতৰখন আনক দেখুৱাব নিবিছাৰিলো। বোৱাৰী আৰু পোণাহঁতৰ বাবে মোৰ আৰ্শীবাদ থাকিল ।

বৰ বহলীয়া চিঠি লিখাৰ ইচ্ছা নাই সেয়ে এতিয়া মূল কথালৈ আহো। আজি মইতোক তোৰ শৈশৱৰ পৰা যৌৱনলৈকে লৈ যাম য‘ত তই উমলি ডাঙৰ হৈছিলি । আমাৰ পিছফালে থকা বাউনিটোৰ কথা তোৰ নিশ্চয় মনত আছে য‘ত তহঁতি সদায় বিভিন্ন খেলা-ধূলা কৰিছিলি। তাত আমি ইমান দিনে শালি খেতি কৰি আহিছিলোঁ । পিছে এইবাৰ তাত শালি খেতি কৰা ন‘হব কাৰণ বাউনিটো দেউতাৰে বেচি দিলে দেউতাৰৰ পেঞ্চনৰ পইছা অতদিনে নোপোৱাৰ বাবে । বাবলীৰ পইছা দেউতাৰে কোনো কাৰণতে খৰচ নকৰে। কাৰণ দেউতাৰৰ বোলে আত্মসন্মানত আঘাট লাগে । তাই ইমানদিনে প্ৰতিমাহে তই পইছা পথোৱাবুলি তাইত ভাগৰ পইছাখিনি খৰচ কৰা কথাটো দেউতাৰে ইতিমধ্যে জানিব পাৰিছে আৰু দুঃখত ভাগি পৰিছে।

বাবু, তোৰ লগত স্কুলত পঢ়া সৰুপোণা দাইটিহঁতৰ বংশীয়ে সিদিনা আহি তোৰ কথা সুধিছিলে । আমি আসৈ মাতি ক‘লো তই দুই-তিনিবাৰ টিকট কাটিও অফিচৰ ছুটী মঞ্জুৰ নোহোৱা বাবে আহিব নোৱাৰা বুলি । মই ঠিকেই বুজো তহঁতৰ সমাজ খনৰ ব্যস্ততাৰ কথা কিন্তু আমাৰ ইয়াত কোনে বুজিব ? বংশীৰ ভনীয়েক ববিতাৰ সিদিনা বিয়া হৈ গ‘ল । তাই বিয়া হৈ যোৱাত হে আমাৰ ঘৰখনো উদঙ হৈ পৰা যেন লাগিল । বৰ আশাৰে তাই তোলৈ প্ৰথম কেইবছৰমান বাট চাইছিল । তই তাত বিয়া কৰোৱা কথাটো আমি সকলোৱে মানি লৈছিলো যদিও তাই কোনো কাৰণে মানিব পৰা নাছিল । বিশ্বাস হোৱা নাছিল তাইৰ, তোৰ দৰে ইমান শান্ত-শিষ্ট ল‘ৰা এটাই বিদেশত পঢ়িবলৈ গৈ সৰুৰ পৰা খেলি একেলগে ডাঙৰ হোৱা , একেলগে নাটক কৰি প্ৰেমত পৰা ছোৱালীজনীক পাহৰি যাবি বুলি । যেতিয়া তই আমালৈ পঠোৱা বোৱাৰী আৰু পোণাকণৰ ফটোখন তাই দেখিছিল সেইদিনা হে তাই আমাৰ ঘৰৰ মজিয়াতে হিয়া ঢাকুৰি কান্দিছিল। মোৰ আৰু বাবলীৰ তাইক বুজোৱাৰ সাহস হোৱা নাছিল । আমি তাইক কান্দিবলৈ দিছিলো হেপাহ পলোৱাই । প্ৰায় চাৰি ঘন্টামান সময় কান্দি তাই ভাগৰি পৰিছিল । বাবলীয়ে তাইক তাইৰ কোঠালৈ নি শুবলৈ দিছিল আৰু বুজাইছিল – “চা ববিতা বাইদেউ, জীৱনত মানুহে জানো সকলো বস্তু বিচৰা মতে পাই ? মই জানো কিবা পাইছো ? তই দুখ নকৰিবি । পাহৰি যা তই যে এদিন আমাৰ ককাইদেউক মন দি থৈছিলি “। কিছু সময়ৰ পিছত তাই তাৰ কিছু সময়ৰ পিছতে তাই শান্ত হৈ লাহে লাহে আমাৰ ঘৰৰ পৰা বিদায় মাগিছিল।

তাৰ প্ৰায়এমাহ মানৰ পিছত তাই আমাৰ ঘৰলৈ আহিছিল আৰু কৈছিল তাই হেনো বংশীৰ তালৈ যাবলৈ ওলাইছে তাকো একেবাৰে। দেউতাৰে হিয়া উজাৰি আৰ্শীবাদ দিলে তাই যেন তাতে এখন সুখৰ সংসাৰ পাতি ল‘ব পাৰে। সেই বাবিতাকে ককায়েক বংশীয়ে বিদেশলৈ নি নিজৰ লগত দুবছৰ ৰাখি তহঁতৰেই লগৰ সুনীলৰ লগত সংসাৰখন পাতি দিলে তাকো আহি নিজৰ ঘৰত , নিজৰ সমাজ খনত । যি নহওঁক বিদেশত থকা তোৰদৰে একেই ইঞ্জিনিয়াৰ এজনৰ ঘৰুৱা দায়িত্ব আৰু কৰ্তব্য দেখি আমি সকলো ধন্য মানিছো । সেয়া বংশীৰ মাক-দেউতাকৰ কপাল যে বংশীৰ দৰে ল‘ৰাক তেওঁলোকে নিজৰ সন্তান আকাৰে পাইছে । আৰু আমি ? আমিও গৌৰৱত কেতিয়াবা ওফন্দি উঠো আমাৰ সন্তানে বিদেশত থাকি ডাঙৰ চাকৰি কৰে বুলি । পিছে সেই গৌৰৱ আৰু বংশীৰ মাক-দেউতাকৰ গৌৰৱৰ মাজত আকাশ-পাতাল প্ৰভেদ আছে।

অলপ ৰ, মই মাটি-মাহৰ চোকোৰাখিনি গুচাই সিজিবলৈ দি আহো। দেউতাৰৰ কি হৈছে নাজানো আজি পুৱাৰে পৰা তই ভাল পোৱা বস্তুবোৰকে বনাবলৈ কৈ আছে । মাটি-মাহৰ লগত কলাখাৰ দি ৰান্ধিবলৈ কৈছে । বাবলীকো পঠাইছে বাৰীৰ পৰা ঢেঁকীয়া শাক কেইডাল মান চিঙি আনিবলৈ। চেপাত মোৱা-খলিহনা দুটামান লাগিছিলে তাৰে লগতে খাবহেনো। পুৱাই উঠি গুৰুসেৱা কৰি আহি নিজেই জুঁইধৰি আলু পুৰি কোমল চাউলৰ লগত নিজেও খালে আমাৰ দুইজনীকো দিলেচোন। আজিকালি খৰলীয়াকৈ বনালে একো নাখায় ভাতৰ পাতৰ পৰা লাহেকে উঠিহে যায়।

হেৰি নহয় বাবু, দেউতাৰে ঘৰৰ সম্পত্তিখিনি যিখিনি আছে তাৰ বিষয়ে তোৰ লগত আলোচনা কৰিবলৈ বিচাৰিছে। বংশীয়ে বাবলীৰ বাবেও ল‘ৰা এটাৰ প্ৰস্তাৱ আনিছে। ল‘ৰাটো তই চিনি পাবি কিজানি । পহুমৰাৰ মিহিৰ মাষ্টৰৰ পুতেক। দুলীয়াজানৰ অইল কোম্পানীত চাকৰি কৰে হেনো। আমাৰ বাবলীৰ লগত ধুনীয়াকৈ মিলিব বুলিয়ে কৈছে। এতিয়া কথা হ‘ল আমি এইবাৰ সকলো সিধান্ত নিজেই ল‘ম বুলি ভাবিছো । তোকনো আৰু কি আমনি কৰিম। বিদেশত থকা আপোন মানুহৰ লগত থাকি নিজ ভনীয়েৰজনীৰ কথা পাহৰা ল‘ৰাটোক তাৰ দায়িত্বৰ কথা মনত পেলাই দি আঘাট নকৰো বুলিয়ে ভাৱিছো । মাথো খৱৰটোহে দিছো যাতে তই আমাক দোষিব নোৱাৰ আমি তোক একো নাইজনোৱা বুলি । দেউতাৰে কৈছে বংশীয়ে দেখুৱা ল‘ৰা তাতে অইলত চাকৰি কৰে । ছোৱালীৰ ককায়েকে বিদেশত থাকি ভাৰতীয় মূল্যৰ কোটিপতি হোৱা বুলি ল‘ৰাৰ ঘৰৰ সকলোৱে জানে। সেয়েহে আমি সিধান্ত কৰিছোঁ ঘৰৰ ভেটিটো আৰু ওচৰৰ মাটিখিনিৰ বাহিৰে সকলো মাটি বিক্ৰি কৰি দি ছোৱালীজনীক সামাজিক ভাৱে সুন্দৰকৈ বিয়া দিয়াৰ কথা। আমি যিমান ভালকৈ বিয়া দিব পাৰো সেয়া তোৰেই গৌৰৱ হ‘ব । আজি তই বৰ মানুহ নোহোৱা হ‘লে আমি মাটি বেছি একমাত্ৰ ছোৱালীজনীৰ বিয়াৰ কথা ভাৱিব লগা ন‘হলে হয় ।

লিখি গৈ থাকিলে শেষ ন‘হব কোনোদিন কিজানি । বাবলীৰ বিয়াৰ কথা তাই তোক নিশ্চয় জনাব । তই তাইক কোনো কাৰণে আমি মাটি বেচিম বুলি কোৱা কথা ন‘কবি । তাই অন্তৰত বহুত আঘাট পাব । আজি কেইদিন মানৰ পৰা তোলৈ সদায় ৰাতি বাট চাই থাকে কিজানি তই তাইলৈ ফোন এটা কৰয়ে । পিছত পুৱতি নিশা শুই পৰে। তই চিন্তা নকৰিবি আমি তাইক এজন চহকী ককায়েকে ভনীয়েকক যেনেদৰে হিয়া-উজাৰি বিদায় দিয়ে আমিও তেনেকৈয়ে দিবলৈ যত্ন কৰিম। বাবু, মনে নামানিলে বাবে কথা এটা সোধো সোনকালে ফোন এটা কৰি উত্তৰটো দিবি। তই বাৰু তাইৰ বিয়াত পাক এটা মাৰিব পাৰিবি নেকি ? আমাক একো দিব নালাগে, আমি সকলো কৰিম তই মাথো দেখা দিব আহিলে আমাৰ সন্মানটো ৰ‘ব আৰু ঘৰৰ একমাত্ৰ ছোৱালীজনীয়ে হাঁহিমুখে শহুৰৰ ঘৰলৈ যাব পাৰিব। আজি তোক সপোনত বৰ ধুনীয়া দেখিছিলো সদায় দেখাৰ দৰে নহয় । তই এটা বেঙেনাবলীয়া চোলা পিন্ধি মোৰ কোলাত মুৰ থৈ শুই আছিলি আৰু মই তোক মুৰ পিটিকি দি আছিলো। তোক দেখিবলৈ বগা বগা চাহাব যেন লাগিছিল । তই সঁচাই চাহাবৰ দৰে দেখিবলৈ হৈছ নেকি বাৰু ? ইচ্ ৰাম; বহুত দেৰী হ‘লচোন । দেউতাৰে চিঞৰিলেই ভাত খাবৰ হ‘ল । মই আজি ভাত নাখাওঁ দে। যি বনাইছো সেয়া তোৰ হে প্ৰিয় খাদ্য। চকুৰ আগত ভাত বাহিলৈ বহি চকুৰ পানী নিগৰাই থকাতকৈ নোখোৱাকৈ থাকিলে শান্তি পাম । দেউতাৰে পোণাকণৰ ফটোখন চাই চাই কৈ আছে – সি অহা হ‘লে টঙিজাল খন মাৰি মাছ ধৰি ভাত খুৱালেহেঁতেন । তাক মোৰ মৰমৰ চুমা দিবি । বোৱাৰিকো মোৰ আৰ্শীবাদ জনাবি । তই ভালে থাকিবি । মনত পৰিলে অকণমান সময় উলিয়াই বাবলীলৈ ফোন এটা কৰিবি । তাই বৰ ভাল পাব।

ইতি

তোৰ মা

Leave a comment »

বেদনা

মই তোমালৈ পঠোৱা হেঁপাহৰ মৰমখিনিত যদি ধূলি-মাকতি পৰি লেতেৰা হৈছে বুলি ভাৱিছা তেন্তে তোমাৰ শৰীৰটো এবাৰ জোকাৰি দিয়া, দেখিবা সেই জোকাৰণিত ধূলি-মাকতি খিনি গাৰ পৰা আঁতৰি পৰিছে। কিন্তু তোমাৰ হৃদয়ত থিতাপি লোৱা মোৰ মৰমখিনি তোমাৰ শৰীৰৰ জোঁকাৰণিত তোমাৰ দেহৰ অঙ্গে অঙ্গে বিস্তাৰিত হৈ পৰিছে। পাৰিবা জানো দেহটো জোঁকাৰি দুখন হৃদয় আৰু দুটা আত্মাক তুমি তোমাৰ মনৰ পৰা আঁতৰাই পঠাব ?

Leave a comment »

~এজাক কবিতাৰ বৰষুণ ~

দ্বিধাহীন ভাৱে বাট চাই আছো
তোমাৰ হৃদয়ৰ দুৱাৰখন মেল খোৱালৈ

কিন্তু ক‘তা ?

তোমাৰচোন এধানমান সময়ো নাই।

মোৰ হৃদয়ত অনুক্ষণে অঙ্কুৰিত হৈছে
সাগৰৰ উত্তাল তৰংগৰ দৰেই প্ৰেম ।
যি প্ৰেম তোমাৰ অলক্ষিতে উপৱিষ্ট হৈ আছে
তোমাৰেই হৃদয়ৰ আহ্বানত,
তোমাৰেই হৃদপিণ্ডৰ স্পন্দনত,
তোমাৰেই দেহৰ কোনোবা অংশত
য‘ত বাজি আছে মাজনিশা
এটি বিষণ্ণ সংগীতৰ ধাৰা।

বাৰে বাৰে অনুভূত হৈছে
তুমি যেন মোক ভাবিবলৈ লৈছা
মই তোমাৰ বাবে

এক অকাল কুষ্মাণ্ড !

মোৰ বাৰু কিয় এনে লাগিছে ?

আহঃ কিয় মোক বাৰে বাৰে
মৌনতাৰে প্ৰচণ্ডভাৱে আঘাত কৰা ?
মনত ৰাখিবা –
ধুমুহাৰ মুখামুখি হ‘বলৈ মই সদায় প্ৰস্তুত।

আকৌ কৈছো মনত ৰাখিবা-
মই কোনো বিলাসী বস্ত্ৰৰ বিপণীৰ
ক্ৰেতা নহয় কিন্তু।

মোৰো আছে এটা নিজস্ব সত্তা
যি সত্তাত আছে কিছুমান
অনুভৱৰ গভীৰ ব্যথা।

Leave a comment »

মাতৃ দিৱস উপলক্ষ্যে এখন চিঠি

পূজনীয়া মা ,

শ্ৰদ্ধা গ্ৰহন কৰিবা । দেউতাকো মোৰ সেৱা জনাবা । আমাৰ ভালেই । তোমালোকৰো সৰ্বতো কুশল কামনা কৰিলোঁ । মা , যেতিয়ালৈকে তোমাৰ কাষত আছিলো বুজিয়ে পোৱা নাছিলো মাতৃ দিৱস বুলিও কিবা দিৱস আছে বুলি । তোমালোকৰ পৰা আঁতৰি আহি যেতিয়া হোষ্টেলৰ জীৱনৰ ভৰি দিছিলো তেতিয়া সমনীয়াৰ পৰাহে জানিছিলো আজিৰ দিনটোক মাতৃ দিৱস বুলি কয় । সমনীয়াই যেতিয়া mother’s day special card কিনিছিলে মই ভেবা লাগি চাই আছিলো । সিহঁতৰ বাৰম্বাৰ অনুৰোধকো মই প্ৰত্যাখ্যান কৰিছিলো । সিহঁতি মোক সুধিছিল মই কিয় তোমালৈ কাৰ্ড নিকিনো বুলি । তোমাক মই সকলো কথাই তেতিয়া কৈছিলো মই কিয় কাৰ্ডকিনা নাছিলো। মোৰ তিনিবছৰীয়া হোষ্টেল কালত মই শেষৰ বছৰৰ মাতৃ দিৱসৰ দিনা তোমালৈ এখন চিঠি লিখিছিলো যিখন আজিও তুমি সযতনে ৰাখি থৈছা । সেইদিনা মই তোমালৈ এখন কাৰ্ড দিয়া হ‘লে হয়তো আজি তাৰ স্মৃতিও তুমি বিছাৰি নাপালা হয় ।

মা, আজি তোমালৈ বৰ মনত পৰিছে মোৰ । আধুনিকতাৰ আভিজাত্যত পৰি আমি বহুত কিবা কিবি হেৰুৱাই পেলাইছো । তুমিয়ে কোৱাচোন মা, তোমাৰ দৰে বহুতো মাতৃয়ে তেওঁলোকৰ পৰা বহু যোজন আঁতৰত থকা তেওঁলোকৰ সন্তানহঁতে বছৰৰ মুৰত এদিন মাডাৰ্চ দে পাতি তেওঁলোকক এসাজ দামী কাপোৰ বা এটা দামী উপহাৰেৰে সম্বৰ্ধনা কৰোতে সেইসকল অভিজাত পুত্ৰৰ মাতৃয়ে মুখত যিটো হাঁহি মাৰি তাক গ্ৰহন কৰে সেয়া জানো তেওঁলোকৰ গৌৰৱৰ হাঁহি হয় ? মই দেখোন সেই হাঁহিবোৰত তেওঁলোকৰ অন্তৰত উৰি থকা দুখৰ ধুমুহা বতাহ জাক হে দেখা পাওঁ । কিয় বাৰু এগৰাকী মাতৃয়ে বুকুত এসোপা দুখৰ বোজা কঢ়িয়াই থাকিও বাহিৰত সন্তানহঁতৰ সন্মুখত এগৰাকী সুখী মাতৃৰ অভিনয় কৰি যায় ? একমাত্ৰ সন্তানহঁতৰ সুখৰ বাবেই নহয় জানো ? সেই সকলো মাতৃৰ প্ৰতি অভিজাত সন্তানহঁতৰ দায়িত্ব সিমানেই নেকি ? এনে বহুতো প্ৰশ্নই মোক কেতিয়াবা বৰ আঘাট দিয়ে অ‘ মা।

মা, আজি মোৰ তোমাৰ কাষলৈ মোৰ শৈশৱলৈ উভতি যাবলৈ বৰ মন গৈছে। তোমাৰ কোলাত মুখ গুজি তোমাৰ হাতৰ আলফুলীয়া মৰমবোৰ পাবলৈ মই আজি ব্যাকুল হৈ পৰিছো। এবাৰ মোৰ মুৰ বিষাওতে মই যে কান্দি কান্দি ভাত খোৱা নাছিলো তেতিয়া তুমি নাৰিকল তেল সানি দি মুৰত তোমাৰ আঙুলি বোলাই লাহে লাহে যে মালিচ কৰি দিছিলা আৰু মই যে চকুমুদি আৰামেৰে শুই পৰিছিলো । সেইদিনা মই ভাত ঠিকেই খোৱা নাছিলো কিন্তু তোমাৰ পৰা যি মৰম পাইছিলো সেয়া মোৰ বাবে আজিও হিয়াৰ একোণত আবদ্ধ হৈ থাকি গ‘ল। এইয়া এক সাধাৰণ উদাহৰণ হে । মই কেতিয়াবা ভাৱিছিলো আমি ছয়জন সন্তানৰ মাজত তোমাৰ কোন প্ৰিয় বুলি । কিন্তু উপলব্ধি কৰিব পৰা নাছিলো । আঁচলতে তোমাৰ মৰম ছয়জনৰ বাবে সমানেই হয় । খুব সোনকালে মানে মৌৰ গৰম বন্ধত তোমাৰ ওচৰলৈ গৈ আছো ।

তোমালৈ জানো চিঠি লিখি শেষ কৰিব পাৰিম ? কেতিয়াও শেষ নহব মোৰ মনৰ মহাভাৰতখনৰ কথা। যেতিয়া যাম তেতিয়া সকলো মনৰ হেপাহ পলোৱাম। দেউতাক মোৰ সেৱা জনাবা আৰু ভাইটিক মৰম দিবা ।

ইতি
তোমাৰ মাজু জী

Leave a comment »

~অৱৰোধ ~

সংগোপনে ৰাখি থৈছো
তোমাৰ নিৰ্ভেজাল
মৰমবোৰ
মোৰ হিয়াৰ প্ৰতিটো কোণত।

নিশা যিমানে গভীৰ হৈ আহে
প্ৰাণ পাই উঠে তোমৰ মৰমবোৰে
মোৰ অহৌবলিয়া মনত ।

বাউলী হৈ উঠে মোৰ
মেহুৰা মনটো তোমাৰ
পৰশ পাবৰ বাবে;
কিন্তু সেয়া যে নহয় মোৰ
আঁচলৰ ধন !
কিয় বাৰু চঞ্চল আজি মোৰ মন ?

তুমি চোন গৃহবন্দী
মোৰ মনৰ দেৱদাৰুৰ তলত।

Leave a comment »

এখন চিঠি কৰবীলৈ বুলি

মৰমৰ কৰবী,

হেপেহেৰে বহিছো তোমালৈ একলম লিখিম বুলি । হঠাতে আজি তোমালৈ মোৰ বৰকৈ মনত পৰিল । কিয় নাজানো । তোমাক নেদেখা বহু দিন হ‘ল মানে যোৱা বছৰ এপ্ৰিল মাহৰ ২৩ তাৰিখে তোমাক লগ পোৱাৰ পিছত ২ মেত এৰি যেতিয়া আহিছিলো তাৰ পিছত আৰু ক‘তো তোমাক দেখাৰ মোৰ সৌভাগ্য হোৱা নাই । মই যাওঁতে যেতিয়া তুমি দীঘল দীঘল পাতৰ মাজেৰে মোক ভুমুকিয়াই চাইছিলা প্ৰথমে মই তোমাক পাট্টাই দিয়া নাছিলো । যেতিয়া ঘৰৰ ভিতৰ সোমাই খিড়িকিৰে বাহিৰলৈ জুমি চাওঁতে ইউক্লিপটাচ্ জোপাৰ ৰঙা ফুল বিলাকৰ মাজেদি তোমাক দেখিছিলো মই পুলকিত হৈ পৰিছিলো । ইউক্লিপটাচৰ ৰঙা ফুল বিলাকৰ ফাকে ফাকে তোমাৰ ডাঠ হালধীয়া ৰঙটো ঈৰ্ষণীয় হৈ পৰিছিল মোৰ বাবে । তুমি ভাৱিব নোৱাৰাকৈ মোৰ চকুত ধুনীয়া হৈ পৰিছিলা । মই আৰু নিজক বাধা দি তোমাৰ পৰা দুৰত থাকিব নোৱাৰিলো । কাপোৰ-কানি সলাই তোমাৰ কাষলৈ দৌৰি গৈছিলো তোমাৰ বাৰু মনত আছেনে ? তলত পৰি ৰোৱা তোমাৰ দুটামান পাহি আলফুলে বুটলি মই হাতৰ আঙুলিত সুমুৱাই লৈছিলোঁ আৰু তাতেই মোৰ অন্তৰৰ এসোপা ভালপোৱা চুম্বন আকাৰে তোমাৰ পাহিত গুজি দিছিলোঁ । মই মনেই ক‘ৰা নাছিলো ওপৰৰ গছৰ পৰা তোমাৰ সহচৰী সকলে মোক চাই হাঁহি আছিল যে । তাৰে দুজনীমানে দীঘল দীঘল ডাঠ সেউজীয়া পাতৰ মাজৰ পৰা মোক যেন জোকাইছিলে ; আৰু মই ? মই মন্ত্ৰমুগ্ধ হৈ সিহঁতৰ ফালে চাই ৰৈছিলো । এনেদৰে কিমান সময় পাৰ কৰিছিলো মই নাজানো । হঠাৎ দেউতাৰ এটা কাঁহত মই সম্বিৎ ঘুৰাই পাইছিলো আৰু লগে লগে ঘুৰি চাওঁতে মা আৰু দেউতাক মোৰ ফালে চাই থকা দেখি মই বহুত লাজ পাইছিলো । কাৰণ , মা আৰু দেউতাৰ কাষত মই যেন ধৰা পৰি গ‘লো । আমাৰ প্ৰেমৰ কথা মাহঁতে ভালদৰেই জানিছিলে দেখোন ! গৰমৰ দিনত মই যে তোমালোকৰ লগত ভৰ দুপৰীয়া কথা পাতি পাতি সময় বিলাক পাৰ কৰিছিলোঁ; তেতিয়া জানো বাৰু মায়ে কম গালি পাৰিছিলে ! মই যেতিয়াই মাৰ গালি খাই তোমাৰ কাষৰ পৰা আঁতৰি আহিছিলো লগত সদায় তোমাক লৈ আনি কিতাপৰ মাজত সুমুৱাই ৰাখিছিলো যতনেৰে । পঢ়ি থাকোতে যেতিয়াই মন গৈছিল তোমাক এবাৰ চাইছিলো মৰমেৰে । দুখ লাগিছিল যেতিয়া তুমি লাহে লাহে মৰহি গৈছিলা মোৰ কিতাপৰ মাজত , পুণৰ বুতলি আনো আকৌ তোমাৰ নতুন ৰূপক । আজি হঠাতে তোমাক দেখি আবেগিক হৈ পৰিলোঁ । মনত পৰিছে ঘৰৰ সন্মূখত তোমাৰ গহীন-গম্ভীৰ ৰূপটোলৈ । তুমি বাৰু এই এবছৰ একেই আছানে ? নে বতাহৰ কোবত তুমিও আনৰ দৰেই জৰ্জৰিত হৈছা ? বৰ মন গৈছে তোমাক এবাৰ চাবলৈ । তুমি একেই থাকিবা দেই মই অহালৈকে । সেই একেই ডাঠ হালধীয়া হৈ সেউজীয়া দীঘল পাতৰ মাজে মাজে মুখ উলিয়াই মোক জোকাবলৈ !!!!! মই গৈ আছো আলফুলে তোমাক আকৌ এবাৰ আকোৱালী ল‘বলৈ মোৰ আঙুলিয়ে আঙিলিয়ে । ভালে থাকিবা মা, দেউতা আৰু ভাইটিৰ যত্নৰ মাজত ।

ইতি
তোমাৰ মই

2 Comments »

বিমোৰত পেলাই মোক কেতিয়াবা কবিৰ কবিতাই-

অতীতক নেযাবাঁ পাহৰি –কবি যতীন্দ্ৰনাথ দুৱৰাই লিখা এটি কবিতা ।

অতীতক নেযাবাঁ পাহৰি
চেনেহৰ সখা মোৰ শেষ অনুৰোধ-
অতীতক নেযাবাঁ পাহৰি;
সমাপি জীৱন-খেলা বসুধা বুকুত
যামগই যিদিনা আঁতৰি ৷
অতীতক নেযাবাঁ পাহৰি ৷৷
সুখে-দুখে জীৱনৰ ফুৰে পাছে পাছে
অতীতৰ মধুৰ সপোন,
নিমিষতে বিষাদত ধৰেহি আগত
এৰি অহা প্ৰেমৰ দাপোণ ৷
অতীতৰ মধুৰ সপোন ৷৷

ইয়াৰ ঠিক ওলোটাকৈ আকৌ কবিয়ে লিখিছে-

অতীতক যোৱাঁহে পাহৰি———–

নাৱৰীয়া, মেলি দিয়াঁ নাওখনি মোৰ

মিছাকৈয়ে আছা বাট চাই,

কোন আছে কেনি মোৰ আহি কাষলই
চেনেহেৰে দিবহি বিদায় ৷
দুদিনীয়া সংসাৰৰ আলহী-ঘৰত
দুদিনৰ মাথোঁ লীলা-খেলা;
দুদিনৰ জনা-শুনা মৰম-চেনেহ
শেষ হয় দুদিনৰ মেলা ৷
দুধাৰি চকুলো লই যায় আগুৱাই
আধা কৰা কাম এৰি থই,
জগতৰ এচুকেদি কেনিবা অকলে
কালৰ কোলাতে মিলে গই;
জুৰণি জুৰণি বুলি বিয়াকুল হই
ফুৰে মাথোঁ হাবাথুৰি খাই,
শেষ হয় তিলেকত অথিৰ জীৱন
জগতত জুৰণি নেপাই ৷
ইফালে সিফালে চায় কাতৰ ভাবেৰে
হেঁপাহেৰে চেনেহ বিচাৰি,
সুখৰ সোঁতত ভাহে দুখৰ নাৱত
ছঁয়াময়া চেনেহ-ভিখাৰী ৷
মধুৰ বাঁহীৰ তান আহে বতাহত
দূৰতেই শুনা পাতি কাণ,
দূৰতে সৌন্দৰ্য্য তাৰ দূৰতে মাধুৰী
ওচৰত প্ৰাণ-শুন্য তান ৷
ক’ৰনো পখীটি আহি গছৰ ডালত
কই গ’ল মৰমৰ কথা,
নীৰৱ গছৰ ডাল নীৰৱে থাকিল
নুবুজিলে হৃদয়ৰ বেথা ৷
গঢ়িছিলা ৰঙমনে শিলৰ প্ৰতিমা,
পূজিছিলা ধূপ-ধূনা লই,
ৰাখিছিলা মন্দিৰৰ গুপুত কোণত
মানুহৰ চকু-আঁৰকই!
ঢালি দিয়া অন্তৰৰ ভকতিৰ ধাৰা
আৱেগত গালা কত গান,
কতবাৰ হেঁপাহেৰে সাবটি ধৰিলা
প্ৰতিমাৰ পালা জানো প্ৰাণ ?
সুঁৱৰি সুঁৱৰি কিয় অতীতৰ স্মৃতি
মিছাতেই নিজে দুখ পোৱা ?
মু’খনি মোলান কিয়, মিছাতে চকুলো,
অতীতক পাহৰি পেলোৱাঁ ৷
ছিঙি দিয়াঁ চেনেহৰ মায়া-জৰীগছ
নুশুনিবা সপোনৰ বাণী,
হৃদয়ৰ হুমুনিয়া শূন্যে মাৰ যক
চিতা-জুই নুমক আপুনি ৷
সময়ৰ প্ৰতিশোধ, কোনে বাধা দিব
জগতত অকলশৰীয়া,
যাওক উটি যেনি-তেনি সোঁতৰ লগত
মেলি দিয়াঁ নাও নাৱৰীয়া ৷

এই দুয়োটা কবিতাই মোক বৰ বিপাঙত পেলাই কেতিয়াবা তথাপি দুয়োটা কবিতাই যে মোৰ অতি প্ৰিয় ।

Leave a comment »