abhilasha

reaching to the sky

ককাইদেউলৈ চিঠি

on November 26, 2012

মৰমৰ ককাইদেউ,

মৰম ল‘বি । বৌক মোৰ মৰম দিবি । বাবু আৰু মাইনাৰ খৱৰ নোপোৱা এমাহেই হ‘ল । সিহঁতকো মোৰ মৰম জনাবি । আমি ইয়াত নেদেখাজনৰ কৃপাত ভালে আছো বুলিয়ে ধৰিবি ।যদিও নেদেখাজনৰ প্ৰতি আস্থা হেৰাই যোৱাৰ উপক্ৰম হৈছে তথাপি বিশ্বাস হেৰুৱা নাই। তোৰ কামৰ বোজা বিলাক কিছু কমিছেনে বাৰু ? নে আগতকৈও বাঢ়িছেহে ? কি কৰিবি কৰ্মই ধৰ্ম বুলি ধৰি লৈ কৰি যাবি কৃপনালি নকৰিবি।

কি লিখো বাৰু ? বহুত কথা আছে অ লিখিবলৈ । আজি অলপ স্বাৰ্থপৰ হ‘বলৈ মন গৈছে । মানে তোক মোৰ কিছুমান কথা কোৱাৰ হেপাহ হৈছে । মা আৰু পিতাইৰ কথা সংক্ষেপে ক‘বলৈ হ‘লে দুয়ো ভালে আছে । মাজে মাজে আজিকালি দুয়োকে ফুৰিবলৈ যাবলৈ দিওঁ । যোৱা সপ্তাহত কণখুড়াৰ ঘৰলৈ গৈছিল দুয়ো । দুৰাতি থাকিয়ে ঘুৰি আহিল মই মাজু আইতাৰ লগত থাকিবলৈ ভয় কৰিম বুলি । পিছে কি জান- খুড়াৰ ঘৰৰ পৰা অহাৰ পিছত মন কৰিলো মাৰ মনটো কিছু ফৰকাল । সেয়ে কালি আকৌ দক্ষিণপাৰত থকা মাহীহঁতৰ ঘৰলৈ পথালো মোহাৰ খৱৰ ল‘বলৈ । মোহা আজি কিছুদিন ধৰি বিছনাতে পৰি থকা । আজিও মাজু আইতাৰ লগতে আছো । মা-পিতা ঘৰত নাথাকিলে যদিও বেয়া লাগে ঘৰৰ পৰা উলিয়াই পঠাব পাৰি মোৰ মনত আনন্দও লাগে । আজি ৫/৬ বছৰ মায়ে কাৰো ঘৰত ফুৰিবলৈ যোৱা নাছিল কাৰণ সকলোৱে তোৰ কথা সোধে বাবে । কিমান উত্তৰ দিবনো একেবোৰ কথাকে । তই কিয় মেমনী বিয়া কৰালি ? ঘৰলৈ একেবাৰে নাহ নেকি ইত্যাদি ইত্যাদি । পিছে সময় বাগৰৰা লগে লগে সকলোৱে পাহৰিবলৈ ধৰিলে তোৰ কথা। সেয়ে সেই অবান্তৰ প্ৰশ্নবাণ সমুহৰ পৰাও মা-পিতাই মুক্তি পোৱাৰ দৰেই হ‘ল ফলত অলপ মুকলি মনেৰে ফুৰিব পৰা হ‘ল । ধেৎতেৰি ! তোকনো বাৰু এইবোৰ লিখি পঢ়িবলৈ দিব লাগেনে মই ? আচলতে কি জান ? পাহৰি যাওঁ তোলৈ চিঠি লিখিলে লিখিছো নে তোৰ লগত কথা পাতি আছো। ঐ আজি অলপ আমাৰ কথা শুনচোন । বাদ দেনা সেই যান্ত্ৰিক জগত খনৰ কথা কিছু সময়ৰ বাবে ।

আজি মোৰ কি মণত পৰিছে জান ? আমি যে সোনদাদাহঁতৰ পিছফালৰ চোতালৰ মুৰত থকা  জলফাইজোপাৰ পৰা জলফাই খাবলৈ গৈছিলো সৰুতে, তোৰ বাৰু মণত আছে নে ?  সেইজোপা সিদিনা কাটি পেলালে । কাৰণ আমাৰ সেই বৰমাৰ একমাত্ৰ পুত্ৰ সোনদাদাই আমাক এৰি অকালতে গুছি গ‘ল । সি যে জলফাই খাই বৰ ভাল পাইছিল । তাৰ অসুখতোৰ কথা মই তোক আগতেও জনাইছিলো । আজি আঢ়ৈ বছৰে সি বেমাৰৰ লগত যুঁজি যুঁজি অৱশেষত সিদিনা মানে যোৱা ১৯ নবেম্বৰৰ দিনা সি বেমাৰৰ ওচৰৰ হাৰ মানি চিৰবিদায় ল‘লে । যোৱা বছৰ এনেকুৱা দিনত তাৰ খুব বেছি অসুখ হৈছিল তেতিয়া মই তোৰ লগতো কথা পাতিছিলো তাক অসমৰ বাহিৰৰ ক‘ৰবাত দেখুৱাই আনিব পাৰিম বুলি । পিছে সি এবাৰো মান্তি নহৈছিল ক‘লৈকো যাবলৈ । কাৰণ সি কাকো দিগদাৰ দিব বিচৰা নাছিল । অকলশৰীয়া হোৱা বাবে সদায় বৰদেউতাই তাৰ লগত হস্পিটেলত থাকিছিল । পিছে চাচোন নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস – তাক তেনেকৈয়ে এৰি বৰদেউতায়ে আমাক এৰি গুছি গৈছিল । তাৰ পিছত সি একেবাৰে অলৰ হৈ পৰিছিল। ঘৰতে বহি ফোনৰ দ্বাৰাই ব্যৱসায়িক কাম-কাজ চলাই গৈছিল । আৰু তেনেদৰেই সুকলমে চলি আছিল সিহঁতৰ সৰু সংসাৰখন । যোৱা ৯ নবেম্বৰত বৰদেউতাৰ বছেৰেকীয়া সকাম পাতিবৰ বাবে যো-জা কৰি থাকোতেই ৬ নবেম্বৰৰ দিনা হঠাতে সি অসুস্থ হৈ পৰিছিল ।  লগে লগে ডাঙৰ বৰদেউতাহঁতৰ চুৰেণদাদায়ে তাক মাজে মাজে আনি দেখুৱাই থকাৰ দৰেই তেজপুৰলৈ লৈ আনিছিল । পিছে তেজপুৰত ডাক্তৰে তাৰ পেটটো হানি-খুচি পানী এটুপিও উলিয়াব নোৱাৰি গুৱাহাটীলৈ পঠিয়াই দিলে । তেতিয়া সময় সন্ধ্যা ৭ বাজিছে । মই সিহঁত আহি পোৱাৰ কিছু সময় পিছতে গৈ হস্পিটেল পালোগৈ । কানুনত যিখিনি কাম কৰিব লাগে সেইখিনি কৰি ৰাতি ৯-৩০ বজাত মই ঘৰলৈ ঘুৰি আহিলো । পিছদিনা পুৱা ৬-৩০ বজাতে গৈ আকৌ হস্পিটেল পালোগৈ । ডাক্তৰৰ লগত সাক্ষাৎ কৰি কৰিদিব পৰা সকলো কৰিবৰ বাবে প্ৰস্তুত হ‘লো কাৰণ ডাক্তৰে মোক আৰু চুৰেণদাদাক সকলো খোলাকৈয়ে কৈ দিছিল তাৰ আয়ুসৰ কথা । তাৰ জীৱনটো ইমান ক্ষন্তেকীয়া বুলি জানিব পাৰি মই দুখত ভাগি পৰিলো । ঘৰত ছোৱালীজনীক প্ৰয়োজনীয় সময়খিনিতকৈ কমাই দি বেছি সময় তাক দিলো । শুনি হয়তো বিশ্বাস কৰিবলৈ টান পাবি সেই ১৩ দিন অৰ্থাৎ ৬ নবেম্বৰৰ পৰা ১৮ নবেম্বৰলৈ মোৰ বাবে দিনটোত ২৪ ঘন্টা কিমান কম যেন লাগিছিল । পুৱা ৫-৩০ বজাৰপৰা ৬ টা বজালৈ প্ৰাতঃ ভ্ৰমণৰ পৰা আহি ঘৰত একাপ লালচাহ খাই তাৰ বাবে ৰুটি আৰু চাহ লগতে বৌৰ বাবেও পুৱাৰ আহাৰ গোটাই ৭ টা বজাত গৈ হস্পিটেল পাইছিলোগৈ । পুণৰ ৮ টা বজাত হস্পিটেলৰ পৰা আহি মৌক ৮-৩০ বজাত স্কুললৈ লৈ যোৱা । ৯-৩০ ত ঘৰৰ পৰা যাত্ৰা কৰোঁ অফিচলৈ বুলি গধুলি  ৬-৩০ ত অফিচৰ পৰা ওলাই চিধা হস্পিটেল তাৰ পৰা ৮ টা বজাত আহি ঘৰ পাই ৮-৩০ ৰ পৰা ৯ টালৈকে মৌক পঢ়ুৱাও কাৰণ ১৯ তাৰিখৰ পৰা তাইৰ বছেৰেকীয়া পৰীক্ষা । ৯ তাৰ পৰা ১০ টালৈকে তাইক যিখিনি পাৰো সময় দি মই তাইৰ পৰাও আঁতৰি আহো ফোনটোৰ বাবে । কাৰণ ঘৰৰ মানুহখিনিয়ে আগ্ৰহেৰে বাট চাই থাকে মোৰ ফোনটোৰ বাবে । এনেদৰে ১৩ দিন কেনেকৈ পাৰ হৈছিল মই গ‘মেই নাপালোঁ । লাহে লাহে মই তাক চাব নোৱাৰা হৈ আহিছিলো । হঠাতে মোৰ মনত খেলালে ইটো বেছি দিন নাথাকেই যিকেইদিন থাকে তাক ঘৰলৈকে পঠাই দিও অন্ততঃ বৰমা আৰু ছোৱালীদুজনীৰ লগত কিছুসময় থাককগৈ । সেয়ে ১৮ তাৰিখৰ দিনা আমি ৮ জন মানুহৰ সিধান্ত মৰ্মে তাক হস্পিটেলৰ পৰা উলিয়াই নিয়াৰ সিধান্ত লৈ ৰবিবাৰে তাকেই কৰিলোঁ ।

১৮ তাৰিখৰ দিনা দেওবাৰ । সেয়ে পুৱা ৮-৩০ বজাতে আমাৰ ঘৰলৈ সাতগাওঁত থকা নীলদাদা আহিল আৰু আমি দুয়ো একেলগে হস্পিটেললৈ ৰাওনা হ‘লো । তাত গৈ পোৱাত সকলোৱে ক‘লে সি মোক কেনেকে বিচাৰি আছে । ইফালে ১২ বজাৰ আগত কোনো কাৰণতে আই চি ইউ ত সোমাব নিদিয়ে । মোৰ কিবা মনটোৱে তাক সিদিনা চাব বিচৰা নাই দেখোন । এবাৰ আই চি ইউৰ পৰা কেবিনলৈ ফোন আহিল মোক বিচাৰি । পলম নকৰি লগে লগে তাত পালোগৈ । মোক কাষত দেখিয়ে সি কান্দিবলৈ ধৰিলে – ক‘লে মোক সোনকালে ইয়াৰ পৰা লৈ ব‘ল । তোৰ বাদে মোক কোনেও নিব নোৱাৰে । মই অলপ অস্বস্তিবোধ কৰিলো । কি হ‘ল যিটো ল‘ৰাই মোক প্ৰতিদিনে এষাৰেই কথা কয় – মই বাৰু ৫ বছৰ আৰু জীয়াই থাকিব পাৰিম নে ? তেতিয়া চুমকিয়ে মেট্ৰিক দিব আৰু চিতলিজনীয়ো অলপ ডাঙৰ হ‘ব । সি আজি কিয় যাব বিছাৰিছে ? তাৰ চকুত চকু থৈ কথা পাতিবলৈ মোৰ ভয় লাগিল । তাক হেৰুৱাৰ ভয় । তথাপি তাক শান্তনা দিলো তোক আমি এতিয়াই ইয়াৰ পৰা লৈ যাম । কথামতে কাম । সকলোৱে মিলিজুলি হস্পিটেলৰ যাৱতীয় কামখিনি কৰি আবেলি ৩-৩০ বজাত তাক আমি গুৱাহাটীৰ পৰা বিদায় দিলোঁ । বিদায়ৰ মূহুৰ্তত সি মোক ক‘লে ছোৱালীৰ পৰীক্ষা শেষ কৰি সোনকালে তই আহিবি আমি বহুত কথা আলোচনা কৰিব লগীয়া আছে আৰু জলফাইৰ মিঠা আঁচাৰো বনাব লাগিব । মই তাক হয়ভৰ দি ক‘লো যা – মই ডিচেম্বৰৰ ৩-৪ তাৰিখৰ ভিতৰত গৈ আছোঁ । তাক পঠিয়াই আহি ঘৰ পোৱাৰ লগে লগে ভন্টিয়ে কৈ উঠিল – সি হস্পিটেলতে থাকিলে ভাল আছিল কিজানি আৰি কিছুদিন বাছি থাকিলে হয় ! আৰু কিবা কৈছিল তাই মোৰ কাণত একো সোমোৱা নাছিল। একাপ চাহ খাই বিচনাখনত অলস ভাৱে বাগৰি দিলো। কেতিয়া টোপনি আহিল গ‘ম নাপালো । সাৰ পাই দেখো মৌৱে কাষতে বহি পঢ়ি আছে ।মনটো বৰ দোষী যেন অনুভৱ হ‘ল । পিছদিনাৰ পৰা তাইৰ পৰীক্ষা । উঠি মুখহাত ধুই তাইক পঢ়ুৱাবলৈ বহিলো। ঠিক ৯ বজাৰ লগে লগে ভন্টিয়ে জনালে দাদাৰ গা বেয়া লাগিছে বোলে আৰু যাব নোৱাৰে । আকৌ বিমোৰত পৰিলো কি কৰা যায় । সিহঁতি নগাঁৱতে হোটেল এখনত থকাৰ ব্যৱস্থা কৰিলে । ৰাতিটো শোৱা ন‘হল মোৰ । প্ৰতি আধা ঘন্টাৰ মুৰে মুৰে বৌলৈ ফোন কৰি থাকিলো। পিছদিনা মানে ১৯ তাৰিখে পুৱা ৩-৩০ বজাতে সিহঁতি যাত্ৰা আৰম্ভ কৰিলে । একো বিঘিনি নোহোৱাকৈ গৈ আছিল । ৭ বজাত বৌয়ে ফোন কৰি জনালে তেওঁলোক গৈ ভালে ভালে গহপুৰ পাইছেগৈ । তাতে দাদায়ে একাপ লাল চাহ খালে আৰু বৌক ক‘লে সি শুৱ ঘৰ পালেহে তাক যেন মাতে ।  ময়ো মৌক পৰীক্ষাৰ বাবে সাজু কৰি তাইক স্কুলত থৈ আহিলোঁ । ভাত কেইটা খাই অফিচলৈ আহিবলৈ ধৰোতেই মোৰ দাদায়ে ফোনকৰি জনালে ঘৰত কন্দা-কটা লাগিছে ফোন কৰিব লাগে তাক কোনেও একো কোৱা নাই । মই লগত যোৱা দাদাক ফোন কৰিলো সি কান্দি কান্দি জনালে সোনদাই চকু মেলিব বিচৰা নাই । একো কথাও কোৱা নাই । মই লগে লগে গাঁৱৰ দুজনমানক ক‘লো তঁহতি সোনকালে তাক অক্সিজেন দিয়াৰ ব্যৱস্থা কৰ । পিছে আমি আলোচনা কৰি থাকোতেই হুৱা-দুৱা বেছিকৈহে লাগিলে । ফোনত ব্যস্ত হৈ থাকোতেই এটা ফোন আহিলে সোনদাদাক বাহিৰলৈ উলিয়াইছে । মই লগে লগে বহি পৰিলোঁ । ফোনটো লাইনতে আছিল – কান্দোনৰ বিকট শব্দবোৰে মোক কান্দিবলৈ পাহৰাই পেলাইছিল । কিছু সময়ৰ বাবে মৌন হৈ বহি থাকিলো । মনে মনে ভগৱানক গালি পাৰিলো – ইমান নিষ্ঠুৰ কিয় তুমি ? কিয় তুমি বৰমাক দাদাৰ এষাৰ মাত নুশুনালা ? কিয় তুমি তাক ১২ বছৰীয়া আৰু ৭ বছৰীয়া ছোৱালী দুজনীক এষাৰ মাত মাতিবলৈও নিদিলা ? উত্তৰ একো নাই । এটা শূণ্যৰ বাহিৰে একো দেখা নোপৱা হ‘লো । হঠাৎ মণত পৰিল এওঁলৈ । লগে লগে ফোন কৰি জনালোঁ সোনদাদাৰ কথাটো । সেইদিনা উজনি অসম বন্ধ আছিল বাবে এওঁলোকৰ কাম বন্ধ আছিল । বাইকখন লৈ ৪৮ কিলোমিটাৰ পথ আহি এওঁ সোনদাদাৰ সৎকাৰত ভাগ ল‘লেহি । মনত অলপ স্বস্তি পালো ,মই নাথাকিলেও মোৰ জীৱনৰ এফালজনে অন্ততঃ বৰমা আৰু বৌক এষাৰ মাত দিব পাৰিলে ।

তাৰ পিছতে আকৌ মণত পৰিল সোনদাদাৰ ডাঙৰ ভনীয়েক আৰু জোৱাঁয়েক ইয়াতে গ্লবেল হস্পিটেলত থকাৰ কথা । তাইৰ বা কি অৱস্থা হৈছে ? আগদিনা ভিনদেউৰ গ‘ল্ড ব্লাডাৰৰ অপাৰেচন হৈ গৈছে । ভিনদেউৰো হাই প্ৰেচাৰ আছে । সেয়ে অলপো পলম নকৰি যাত্ৰা কৰিলোঁ গ্লবেল নাৰ্ছিংহোমলৈ । তাত গৈ পোৱাৰ লগে লগে ভিনদেউৰ ভতিজাক জনীয়ে ক‘লে – আপুনিহে মাহী খুড়ীক উঠাব পাৰে নেকি ! তেতিয়াৰ পৰা একেৰাহে কান্দি কান্দি অৱস হৈ পৰিছে তথাপি কান্দিয়ে আছে । মই প্ৰত্যুত্তৰ নিদি চেমি আই চি ইউৰ কোঠালৈ সোমাই গ‘লো । মোক দেখাৰ লগে লগে তাই চিয়ঁৰি চিয়ঁৰি আৰু কন্দিবলৈ ধৰিলে । ভতিজাকে মানা কৰিবলৈ আহবাঢ়ি অহা দেখি মই চকুৰে একো ন‘কবলৈ ইংগিত দিলোঁ । মই মাথো ক‘লো কান্দ হেপাহ পলোৱাই কান্দ তই । প্ৰায় আধাঘন্টা মোৰ কোলাতে মুৰ থৈ কান্দি কান্দি তাই শুই পৰিল । চকুৰে আৰু এটা শূণ্য দেখিলোঁ । একমাত্ৰ ককায়েকক মৃত্যুৰ সময়ত বা মৃত্যুৰ পিছতো নেদেখা ভনীয়েকৰ দুখ কিমান হ‘ব পাৰে উপলব্ধি কৰিলোঁ । এঘন্টাৰ মুৰত তাইক উঠাই মুখ-হাত ধুৱাই একাপ লাল চাহ জোৰ কৰি খুৱাই মই এটা ভাৰাক্ৰান্ত মন লৈ ঘৰ পালোহি । বেয়া লাগিছে কিয় জান ? ডিচেম্বৰৰ ৩/৪ তাৰিখে মই তাৰ লগত কি কথা পাতিম এতিয়া ? তাৰ দেখোন ৪ তাৰিখে শ্ৰাৰ্দ্ধহে । এতিয়া মই কৰ্মৰ খাতিৰত তাৰ শ্ৰাৰ্দ্ধতো উপস্থিত থাকিব নোৱাৰিম ।

আৰে ইমান কি লিখিছো বাৰু মই ? তই জানো পঢ়িবলৈ সময় পাবি ? তহঁতৰ বিদেশৰ ব্যস্ততাবোৰে আমাৰদৰে অন্তৰবোৰৰ বেদনাবোৰ জানো আজিকালি বুজিব পাৰিবি ? চেষ্টা কৰিবি বুজিবি । সোনদাক হেৰুৱাই যি মানসিক আঘাট পাইছো বুজি পাইছ কিজানি ! ঘৰলৈ নাহিলেও তোৰ নামত মা-পিতাৰ বাদেও মই সদায়ে পুৱা ধুপডাল জ্বলাই আহিছো। মনত ৰাখিবি তই য‘তেই নাথাক কিয় মোৰ আত্মাই সদায় তোৰ পিছে পিছে সাৰথি হৈ ঘুৰি ফুৰে । আবেগিক হৈছো নিলিখো আৰু । মন গ‘লে অহা মাহত লিখিম ন‘গলে নিলিখো ।

তোৰ ভনী

গুৱাহাটী


Leave a comment