abhilasha

reaching to the sky

প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যু

আজি ২৩ নবেম্বৰ ২০২০ৰ বিয়লি ৫ বাজি ৩৪ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱে ইহলীলা সম্বৰণ কৰে। অসমৰ স্বনামধন্য শিল্পী ড০ ভূপেন হাজৰিকাদেৱৰ বিয়োগৰ পাছত ইমান দুখ অনুভৱ কৰিছোঁ। তেখেত মোৰ বাবে সৰ্বকালৰ প্ৰিয় ৰাজনৈতিক নেতা হৈ থাকিব। চিৰ বিদায় চিৰ তৰুণ, তৰুণ গগৈ ডাঙৰীয়া। আমৃত্যু আপুনি আমাৰ অন্তৰত থাকিব। ঔঁম শান্তি। 😢🙏

Leave a comment »

২০২০ চনৰ দ্বীপান্বিতা

এইবছৰ দ্বীপান্বিতা চিৰ স্মৰণীয় হৈ ৰ’ব সকলোৰে। যোৱা সাত মাহৰ পৰা পৃথিৱীত কৰো’না মহামাৰীৰ আতংকই সকলোকে দিশহাৰা কৰিছে। মানুহ আৰ্থিক অনাটনত জুৰুলি জুপুৰি দিছে। সেয়ে কেইগছ মান মাটিৰ চাকিৰে সকলো সুহৃদলৈ দিপাৱলীৰ শুভেচ্ছা জনালোঁ।

Leave a comment »

ডিপ্ৰেশ্যন

দুবছৰৰ আগত ময়ো মানসিক ভাৱে ভাগি পৰিছিলো ৷ সম্পূৰ্ণ তিনিমাহ মই এটা ৰাতিও শুব পৰা নাছিলো ৷ গুৱাহাটীৰ বিভিন্ন হস্পিটেলত স্বামীক লগত লৈ পাগলীৰ দৰে ঘুৰি ফুৰিছিলো ৷ কোনো এখন হস্পিটেলৰ পৰা ভাল ফলাফল নাপাই আমি দিল্লীলৈ গুছি গৈছিলো ৷ তাত ডাক্তৰৰ লগত সাক্ষ্যাৎ হোৱাৰ পিছত মাত্ৰ চাৰিদিনতে আমি গুৱাহাটীলৈ ঘুৰি আহিছিলো ৷ তাৰ পিছত মই মোৰ বান্ধৱীসকলৰ লগত সঘনাই লগ হোৱা কৰিলো ৷ বেছিদিন লগ নাপালে ভিডিঅ কল কৰি সিহঁতৰ লগত কথা পাতো ৷ মন গ’লেই কোনোবাজনীৰ ঘৰলৈ যোৱা কৰিলো ৷ তাৰ মাজত মই মোৰ কামবোৰো নিয়াৰিকৈ কৰি গ’লো ৷

সেই সময়তেই মই বিবেকানন্দ কেন্দ্ৰত পুৱা যোগা আৰু প্ৰাণায়ম কৰিবলৈ ল’লো ৷ দুমাহমান যোগা আৰু প্ৰাণায়ম কৰাৰ পাছত মই মোৰ মনোবল সম্পূৰ্ণকৈ ঘুৰাই পাবলৈ সমৰ্থ হ’লো৷  ক্ৰমশ:

 

Leave a comment »

মোৰ বাণী

“প্ৰত্যেকজন মানুহেই নিজৰ মুখখনৰ আৰত আন এখন মুখ লৈ ফুৰে যিখন আনে কেতিয়াও নেদেখে ৷ যদি কোনোবাই দেখে সেইজনে বুজিবলৈ চেষ্টা নকৰে বা বুজাৰ প্ৰয়োজন বোধ নকৰে ৷”

 

Leave a comment »

শঙ্কৰদেৱৰ তিৰোভাৱ তিথিত

“শ্ৰী শঙ্কৰদেৱৰ বৈকুন্ঠ প্ৰয়াণৰ খবৰ পায়
শ্ৰী মাধৱদেৱে বিৰহৰ গীত কৰি গায় “।
গীত
ধ্ৰুং ।। আলোমঞি কি কহবো দুখঃ ।
পৰাণ নিগড়ে নাদেখিয়া চান্দ মুখ ।।
পদ
কতপূণ্যে লভিলো গুণেৰ নিধিশ্যাম ।
বঞ্চিয়া নিলেক নিকৰুণ বিধিবাম ।।
শ্যামকাণু বিনে মোৰ নৰহে জীৱন ।
হা স্বামী বুলিতে আকুল কৰে মন।।
দিবস নযায় সুখে নযায় ৰজনী ।
চান্দ চন্দন মন্দ পবন বৈৰিণী ।।
কোথা যাও কোথা থাকোঁ কিবাকৰে মন ।
কানাইৰ নেওচনি দেওঁ সব বন্ধু জন ।।
শ্যাম বন্ধুবিনে জীৱনেৰ কিবা কাজ ।
বিৰহ অনল জ্বলে হৃদয়ৰ মাজ ।।
নজানো দাৰুণ বিধি কি কৰে বিপত্তি ।
কহয় মাধৱ ৰাঙ্গা পদে মোৰ গতি ।।

সংগ্ৰহঃ স্বৰ্গীয় দীননাথ বেজবৰুৱাদেৱৰ বৰ চৰিত্ৰ পুথিৰ ১৫২ পৃষ্ঠাৰ পৰা ।

Leave a comment »

প্ৰেম হেনো এনেকুৱাই

প্ৰেম হেনো এনেকুৱাই

মন গ‘লেই মাত বিচাৰি যায়,

মন গ‘লেই খিৰিকি খুলি

জুমি জুমি চাই

কিজানিবা তেওঁ আছেহি

কাষতে লুকাই ।

প্ৰেম হেনো এনেকুৱাই ।

 

Leave a comment »

অনুভূতি মাথো তোমাৰ বাবে –

অনুভূতি মাথো তোমাৰ বাবে কিনো হ‘ব পাৰে ?

প্ৰেম কিম্বা ভালপোৱা এয়াই নেকি ?
যদি নহয় তেন্তে কিনো এই অনুভূতি
যাক মাথো তোমাৰ বাবেহে অনুভৱ কৰিব পাৰি ?

মোৰ তোমাৰ বাবে অনুভূতি কি
সেয়া তুমি নুবুজিবা
কাৰণ তোমাৰ মনত মোৰ প্ৰতি
কি  অনুভূতি সেয়া মই নাজানো !

আছে কিন্তু আত্মাত মিলিত হৈ
এক অবুজ অনুভৱৰ বিস্মৃতি ।

যি অনুভৱে মাজে মাজে
শিহৰিত কৰে মোক,
মাজে মাজে কম্পিত কৰি তোলে
হৃদয়ৰ গোপন কোঠালি ।
য‘ত মোৰ আত্মাই তোমাৰ আত্মাৰ লগত
মিলিত হয় নিৰিবিলি জোনাক ৰাতি ।

Leave a comment »

“মোৰ হৃদয়ৰ কুঠৰীবোৰ”

“মোৰ হৃদয়খনো আকাশৰ দৰেই বিশাল”

তোমাৰ জানো মন নাযায়

কেতিয়াবা ইয়াত ক্ষন্তেক জিৰণি লবলৈ !

 

মোৰ হৃদয়ৰ কুঠৰীবোৰ

ভাগ ভাগ কৰি ৰাখিছোঁ ।

 

এটি কুঠৰীত কেতিয়াবা

আইৰ লগত বহি গোপনে পাতো

সুখ-দুখৰ টুকুৰা কথাবোৰ।

 

আন এটি ৰাখিছো পিতাইৰ বাবে।

পিতায়ে হেনো জীৱনৰ বিয়লি বেলা

মোৰ লগত পাতিব বহুতো নোকোৱা কথা।

 

আৰু এটা কুঠৰীত সদায় মই সংগোপনে

কথা পাতো মোৰ মৰমৰ বন্ধু/বান্ধৱীৰ সৈতে;

তাত সুখ-দুখ, হাঁহি-কান্দোন সকলো

একাকাৰ হৈ পৰে ক্ষন্তেকতে ।

বিষাদবোৰে মেঘৰ লগত লুকা-ভাকু খেলিবলৈ দৌৰে

আৰু হাঁহিবোৰ মোৰ চকুৱে-মুখে

আন্ধাৰতো প্ৰস্ফুতিত হৈ পৰে।

 

তাত আছে আৰু এটি কুঠৰী,

সেইটো মোৰ আৰু মোৰ আজন্ম প্ৰেমিক তোমাৰ বাবেই ।

তাতেই তুমি মোক চুই চাবলৈ দিয়া প্ৰতিটো নিশা

তোমাৰ বুকুৰ স্পন্দন ;

আৰু সেই স্পন্দনত

মই হেৰুৱাও মোৰ বলিয়া যৌৱন ।

 

অঞ্জনা তামুলী

গুৱাহাটী

১৮/০৬/২০১৪

Leave a comment »

বৰ্তমান সময়ত শিশু সাহিত্যৰ প্ৰয়োজনীয়তা

বৰ্তমান সময়ত শিশু সাহিত্যৰ প্ৰয়োজনীয়তা আছে নে ? প্ৰশ্নটো বৰ জটিল। কাৰণ বৰ্তমান অভিজাত্যৰ পিছে পিছে দৌৰি থকা এচাম মধ্যবৃত্ত লোকে তেওঁলোকৰ শিশু সকলোকো দৌৰাইছে প্ৰতিযোগিতাৰ পিছে পিছে। প্ৰতিযোগিতা সকলোতে আছে আৰু থাকিবও লাগে । সেইবুলি কণ কণ শিশুহঁতৰ মনৰ বিৰুদ্ধে গৈ অভিভাৱক সকলে ডাঙৰ ভুল কৰিছে । সত্যেন্দ্ৰ নাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তত লিখিছে-‘শিশুৰ মন কল্পনাপ্ৰৱণ। এখন নিজৰ মানস ৰাজ্যত সিহঁতে বিচৰণ কৰে। তাত কালৰ প্ৰভাৱ নাই, সম্ভৱ-অসম্ভৱৰ সীমাৰেখা নাই, ল‘ৰা বুঢ়াৰ প্ৰভেদ নাই, গছেও কথা কয়, পুতলাই অভিমান কৰি অসহযোগ কৰে।‘ গতিকে শিশুৰ এনে এখন মানসিক জগতৰ মাজলৈ প্ৰৱেশ কৰি সাহিত্য ৰচনা কৰা সিমান সম্ভৱো নহয় । তথাপি অসমৰ শিশু সাহিত্যিক সকলৰ যি অৱদান তাক আমি নতশিৰে স্বীকাৰ কৰিবই লাগিব।

 

আমি কিমানজনে শিশু সাহিত্যৰ অধ্যয়ণ কৰিছোঁ সেয়া এতিয়া আঙুলিৰ মুৰত গণিব পৰা অৱস্থা । অপ্ৰিয় হ‘লেও সত্য যে বৰ্তমান আমি শিশুক এখন কিতাপৰ সলনি এখন খেলৰ চিডি কিনি দিয়াত হে বেছি গুৰুত্ব দিছোঁ । সাধু কথা কোৱা বা পঢ়ি শুনোৱাৰ সলনি টিভিত কাৰ্টুন চাবলৈ দিছোঁ। কাৰ্টুনো চাব লাগিব কিন্তু তাৰে কিছু সময় আমি সিহঁতক সাধু কিতাপ পঢ়িবলৈ বা মহৎলোকৰ জীৱনী বা ভ্ৰমণ কাহিনী পঢ়িবলৈও দিব লাগিব। প্ৰাচীন ভাৰতৰ সাধুকথাবোৰ গোটেই বিশ্বতে পৰিচিত বুলিব পাৰি। উদাহৰণ স্বৰূপে জাতকমালা, পঞ্চতন্ত্ৰৰ সাধু, কথা সৰিৎ সাগৰ আদি। অসমৰ দুজনা মহাপুৰুষেও শিশু সাহিত্য ৰচনাত গুৰুত্ব দিছিল। শ্ৰীমন্ত শঙ্কৰদেৱৰ ‘শিশু-লীলা, মাধৱদেৱৰ শিশু কৃষ্ণক কেন্দ্ৰ কৰি লিখা নাটক আৰু গীত সমুহ তাৰ উদাহৰণ।

 

বিংশ শতিকাৰ মাজভাগত শিশু-পাঠকৰ বাবে চিন্তা কৰি কেইবাখনো শিশু-গ্ৰন্থ লিখি উলিয়াইছিল গোলাঘাটৰ স্বৰ্গীয় পূৰ্ণচন্দ্ৰ গোস্বামী দেৱে। আমি প্ৰায় সকলোৱে বেজবৰুৱাৰ শিশু-সাহিত্য, ভবেন্দ্ৰনাথ শইকীয়াৰ শিশু সাহিত্য, নবকান্ত বৰুৱাৰ শিশু সাহিত্যকে ধৰি ভালেকেইজন লেখকৰ কথা জানিলেও পূৰ্ণচন্দ্ৰ গোস্বামীৰ শিশু-সাহিত্যৰ কথা কমেইহে জানোঁ। গোস্বামীদেৱে চৈধ্যখন শিশু-গ্ৰন্থ লিখি অসমীয়া শিশু সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে। তেখেতৰ মৃত্যুৰ পিছত সেই চৈধ্যখন গ্ৰন্থৰ একত্ৰ সংকলন প্ৰকাশ হৈছে ক্ষীৰোদ কুমাৰ গোস্বামী আৰু দুগ্ধচন্দ্ৰ গোস্বামীৰ সম্পাদনাত ‘শিশু-লেখা মালঞ্চ‘ নামেৰে। শিশু সাহিত্যৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত আছে নে নাই এই গ্ৰন্থখন পঢ়িলে আপোনালোকে নিশ্চয় গম পাব।

 

‘শিশু-লেখা মালঞ্চ‘ত আছে ভিন্নধৰ্মী সাধুকথা, কেইজনমান লোকৰ জীৱনী, নীতি শিক্ষা ইত্যাদি। ইয়াত সন্নিবিষ্ট কৰা শিশু-পুথি কেইখন হৈছে- ১) জিলিংখাপৰ সাধু ২) আজিৰ দিনৰ সাধু ৩) পাহাৰী সাধু ৪) সুৱদি সাধু ৫) এচকুৱা ভাটৌৰ সাধু ৬) নতুন সাধু ৭) উৰণীয়া সৈনিকৰ জুৰণীয়া উপাখ্যান ৮) আজিৰ দিন উপাখ্যান ৯) ফুল কোঁৱৰৰ উপাখ্যান ১০) তাহানিখনৰ কথা ১১) এই সকল কোন বাৰু? ১২) জনা গাভৰুৰ গীত ১৩) তাই মাই  আৰু ১৪) সামাজিক আচৰণ।

 

‘জিলিংখাপৰ সাধু‘ খনত পাঁচটা সাধু আছে । জিলিংখাপৰ সাধু, ধনশিৰিৰ সাধু, বুঢ়া-বুঢ়ীৰ সাধু, থৈয়া-নথৈয়া ৰণৰ সাধু আৰু যেনে কুকৰ তেনে টাঙোনৰ সাধু। ‘জিলিংখাপ‘ এটা খঁৰা শিয়ালৰ নাম। চিপচিপীয়া বৰষুণৰ বতৰত এঘৰৰ চুৱা-পাতনিত কিবা খোৱা বস্তু পোৱাৰ আশাত জোপলৈ থাকোতেই ঘৰৰ ভিতৰত কেঁচুৱাৰ কান্দোন শুনি তাক কেনেকৈ লগত লৈ গৈ লাটুমকোঁৱৰ নাম দি শিয়াল-শিয়ালীয়ে লগত ৰাখি ডাঙৰ-দীঘল কৰি কেনেকৈ ৰজাৰ জীয়েকক লাটুমকোঁৱৰলৈ বিয়া কৰাই শিয়ালৰ বুদ্ধিৰে ৰজাৰ ৰাজ্য লাভ কৰিলে তাৰ বৰ্ণনা পোৱা যায়। ‘ধনশিৰি‘ সাধুটোত ধনশিৰি নদীখনে দৈয়াঙৰ সৈতে বিয়া হৈ গোলাঘাট নগৰৰ মাজেদি যে বৈ গৈছে তাৰে ভৌগোলিক পাঠ শিশু সকলক সাধুকথাৰ ছলেৰে দিছে।

 

‘এচকুৱা ভাটৌৰ সাধু‘ পুথিখনতো ছটা সাধু আছে। তাৰ ভিতৰত ‘ভীমৰ ভাও দিমেই‘ সাধুটোৱে শিশুৰ মনোজগতৰ এখন চিনাকি ছবি ডাঙি ধৰিছে। অসমীয়া সমাজৰ ভাওনাৰ যি সংস্কৃতি সেইয়া প্ৰতিফলিত কৰাৰ লগতে এখন ভাওনা অনুষ্ঠিত কৰিবলৈ যাওঁতে কেনে ধৰণৰ সমস্যাত পৰিব লগা হয় তাৰ সুন্দৰ বৰ্ণনা দিছে। চৰায়ে মানুহক হিংসা নকৰে কিন্তু মানুহে চৰাইক হিংসা কৰে – এচকুৱা ভাটৌৰ সাধুৰ মাজেৰে এই ধৰণৰ হিংসা পৰিহাৰ কৰিবলৈ বাৰ্তা জনাইছে। একগোট হৈ থাকিলে কোনো বিপদত নপৰে, সাধুটোৱে সেই কথাকেই কৈছে।

 

এতিয়া পৰিবেশ অধ্যয়ন, পৰিবেশ সংৰক্ষণ, বন্যপ্ৰাণীৰ প্ৰতি মমতা আদি বিষয় সমূহে বিশেষ গুৰুত্ব লাভ কৰিছে আৰু ইয়াক আনুষ্ঠানিক অধ্যয়নৰো বিষয় কৰি তোলা হৈছে। কিন্তু আচৰিত কথা এয়ে যে পূৰ্ণাচন্দ্ৰ গোস্বামীয়ে অৰ্দ্ধ শতিকাৰ আগতেই এনে দায়িত্ববোধৰ সজাগতা বৃদ্ধিৰ বাবে সাধুৰ জৰিয়তে প্ৰচেষ্টা চলাইছিল। বিশেষকৈ শিশুৰ মনত প্ৰকৃতি প্ৰেম আৰু পৰিবেশজ্ঞান জগাই তুলিবলৈ সাধুবোৰ উপযোগী আছিল।

 

আন এখন সাধু কিতাপ ‘নতুন সাধু‘ত থকা ‘বোন্দা আৰু ভটুৱা‘ এক মনোৰম সাধু। বেঙা-বেঙীয়ে কেনেকৈ ৰজাঘৰীয়া বিষয়বাব লৈছিল, নদীৰ ঢৌ গণনা কৰাৰ অজুহাতত কনেকৈ সাউদৰ পৰা ধন লৈছিল সেই বৰ্ণনাৰে ঠগ-প্ৰৱঞ্চকৰ দ্বাৰা সমাজ এখনৰ অপকাৰিতাৰ বিষয়ে কৈছে। ‘হামদৈ কুঁৱৰী‘ নামৰ আন এটা সাধুত গোলাঘাটৰ দৈয়াঙ নদীৰ এটি এৰাসূঁতিৰ সৃষ্ট বিল আৰু তাৰ প্ৰাকৃতিক শোভাৰ বৃতান্তই শিশু পাঠকক প্ৰত্যয় জন্মায়। ‘ভেকুলী আৰু বিয়া‘ হৈছে লোক সংস্কৃতিমূলক সাধু। ‘ফুলকোৱঁৰৰ উপাখ্যান‘ খনি এখন অপূৰ্ব সংগ্ৰহ সংকলন। ইয়াত পদ্যৰ লগে লগে গদ্যৰ ব্যৱহাৰ কৰি শিশুৰ মনত পঢ়াৰ প্ৰতি ধাউতি বঢ়াই তুলিব পৰাকৈ লিখা হৈছে। ‘তাহানিখনৰ কথা‘ কিতাপখনি হৈছে নিচুকনি আৰু ওমলা গীতৰ। শালিকি এ ৰতৌ টৌ, হয় কলি, জাক লৌ লৌ আদিয়ে অসমীয়া ভাষাৰ মৌখিক সাহিত্যৰ বিশাল ভাণ্ডাৰৰ উমান দিছে যিবোৰ পঢ়ি শিশু আপ্লুত হয়। ‘চুটি সাধু‘খিনিয়ে লৌকিক-অলৌকিক তথা বিজ্ঞানসন্মত একোটা বতৰা কঢ়িয়াই আনিছে। তাত থকা সাঁথৰখিনিয়ে শিশুৰ বৌদ্ধিক বিকাশত সহায় কৰিছে।

 

‘এই সকল বাৰু কোন?‘ কিতাপখনিত আঠগৰাকী মহান অসমীয়াৰ চমু জীৱনী আছে। শ্ৰীমন্ত শঙ্কৰদেৱ, শ্ৰী শ্ৰি মাধৱদেৱ, মহাৰাজ নৰনাৰায়ণ, লাচিত বৰফুকন, হেমচন্দ্ৰ বৰুৱা, গোপীনাথ বৰদলৈ , নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন দেৱৰ চুটি জীৱনী শিশুসকলে পঢ়িব পৰাকৈ সুন্দৰকৈ বৰ্ণনা কৰিছে। ‘তাই-মাই‘ পুথিখনত খুহুতীয়া কথাৰে , হাঁহিৰ মাধ্যমেৰে শিশু-সকলক নীতি-কথা শিকাব খুজিছে। ‘সামাজিক আচৰণ‘ নামৰ পুথিখনত শিশুসকলে সৰুতেই যাতে সামাজিক পৰিবেশৰ লগত চিনাকি হৈ নীতিশিক্ষা গ্ৰহণ কৰিব পাৰে, সমাজৰ আচৰণ বিধি কিছু কিছুকৈ আয়ত্ব কৰিব পাৰে সেই যত্ন কৰা হৈছে।

 

শিশু সাহিত্যিক সকলে শিশুৰ মনৰ গভীৰলৈ প্ৰৱেশ কৰে। তেওঁলোকে শিশুমনবোৰ আগতে নিজে পঢ়ি তাৰ পিছত সিহঁতৰ মনৰ লগত মিল হোৱাকৈ সাহিত্যৰ সৃষ্টি কৰে। ইয়াত মাথো এজন শিশু সাহিত্যিকৰ ৰচনাৰ কথা আলোচনা কৰা হৈছে আৰু দেখা গৈছে যে প্ৰতিটো সাধু কথাই একো একোটা নতুন জ্ঞান দিবলৈ সক্ষম হয়। শিশুৱে যেতিয়া অঙ্ক কৰিবলৈ টান পাব তাক জোৰ কৰি কৰাব কেতিয়াও নোৱাৰে। কিন্তু কিছু সময় শিশুটোৰ লগত সাধুকথাৰ মহলা মাৰি যেতিয় আকৌ তাল অঙ্কটো কৰিবলৈ দিব সি যত্ন কৰিব কাৰণ সি শিকি উঠিব যত্ন কৰিলেহে ৰত্ন পায় কথাষাৰ। ইয়াত অভিভাৱকৰ দায়িত্ব অপৰিসীম । শিশু সকল সাহিত্যৰ পৰা আঁতৰি অহাত শিশু কেতিয়াও দায়ী নহয় তাৰ বাবে দায়ী আমি অভিভাৱক আৰু বৰ্তমানৰ আধুনীক জীৱন পৰিক্ৰমা য‘ত আছে মাথো যান্ত্ৰিকতা। আমি যদি এই যান্ত্ৰিকতাৰে ভৰা জীৱনত কিছুপল শিশুসকলৰ সৈতে মত-বিনিময় কৰি অতিবাহিত কৰোঁ তেন্তে নিসন্দেহে শিশুৱে অভিভাৱকৰ মতৰ বিৰুদ্ধে গৈ ভিডিঅ‘ গেম অথবা কাৰ্টুনৰ ৰাজ্যৰ পৰা কিছুসময় আঁতৰি সাধুকথা বা অন্য কিতাপ পঢ়িবলৈ আগ্ৰহী হ‘ব । শিশুসকল নীতি-শিক্ষাৰ পৰা যিমানে আঁতৰি আহিছে সিমানে সমাজখন বিশৃংক্ষল হৈ গৈ আছে। ই অপ্ৰিয় সত্য। এখন সুস্থ্ সবল সমাজ গঢ়িবলৈ আজিৰ শিশুৱে সাহিত্যৰ চৰ্চা তথা অধ্যয়ন কৰা অতি প্ৰয়োজন।

 

 

অঞ্জনা তামুলী

গুৱাহাটী, ৭/৫/২০১৪

Leave a comment »

অসমৰ জাতীয় উৎসৱ বিহুৰ অন্যতম অঙ্গ “জেং বিহু”

 জেং বিহুৰ উৎসৰ সন্ধান কৰিলে দেখা যায় যে, বিহুৰ এই বিভাগটি প্ৰাচীন কালৰে পৰা অসমৰ কৃষি-জীৱনৰ সৈতে জড়িত হৈ আছে। বিশেষকৈ কৃষি-জিৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত মহিলা আৰু গাভৰুসকলে এই বিহুটোক অনন্য পৰিৱেশন কলাৰে জীয়াই ৰাখিছে।

ইতিহাসৰ বুকুত গাভৰু বিহুৰ প্ৰকৃত ৰূপ-ৰসে কেনেদৰে স্থান লাভ কৰিছিল তাৰ সঠিক তথ্য পাবলৈ নাই। অতীজৰ ৰাতি বিহুত ডেকা আৰু গাভৰুৱে হাবিৰ মাজৰ ডাঙৰ ডাঙৰ গছৰ তলত বেলেগ বেলেগ বিহু খোলা জুৰিছিল। ইখন খোলাৰ পৰা ডেকা সকলৰ ৰিণিক ৰিণিকি ভাহি অহা প্ৰেম প্ৰকাশক নাম বোৰৰ উত্তৰ দিছিল সিখন খোলাৰ গাভৰুহঁতে। ৰাতি বিহুৰ নামৰ মাজেদিয়ে বিশেষ এগৰাকী গাভৰুক বিশেষ এজন ডেকাই যুৰীয়া জীৱনৰ বাবে বাচনি কৰাৰ ইংগিত দিছিল। ডেকা-গাভৰুৰ যথা-যথ উত্তৰ প্ৰত্যুত্তৰে দুয়োকো কাষ চপাই আনিছিল আৰু সময়ত সাংসাৰিক জীৱনৰ পাতনি তৰিছিল। মনৰ ভিতৰত গোপনে উক-মুকাই থকা চেনাইৰ মাত , গগনাৰ সুৰৰ প্ৰেমসিক্ত আবেদন চকুৰে নেদেখাকৈয়ে চেনেহীয়ে বুজি পায়–

দূৰৈতে শুনিলোঁ মাততে বুজিলোঁ
মোৰ ধনে গগনা বায়
কিনো অমাতৰে মাত ঐ লগৰী
বুকুৱে সৰকি যায়।

মহ‘ৰ শিঙৰ পেঁপাৰ মাত শুনিলে প্ৰতিজন অসমীয়াৰে মন-প্ৰাণত অনামী জোৱাৰ উঠে। সেয়েহে গাভৰুৰ আবেদনত পেঁপোৱা ডেকাই গাভৰু বিহুৰ খোলাত বিহুৱতীহঁতক পেঁপাৰ লগৰত নচুৱাইছিল। পিছলৈ ঢোলৰ ছেৱত নাচিবলৈ লৈছিল। এনেদৰে ডেকা-গাভৰুৰ দূৰে দূৰে থকা বিহুৰ খোলা কালক্ৰমত একেখন হৈ পৰিছিল। সেয়াই সম্ভৱত ‘মুকলি বিহু‘ নামেৰে ওলাই আহি জনমানসত সোমাই পৰিল; য‘ত ডেকাৰ ঢোলৰ চেৱত , পেঁপাৰ লহৰত নাচি নাচনী গাভৰুহঁতে আপোন পাহৰা হ‘বলৈ ধৰিলে।  এনেদৰে মুকলি বিহুলৈ নহাকৈ থকা বা এবেলা ইয়ালৈ , এবেলা তালৈ গৈ বিহুৱতী গাভৰুসকলৰ মাজত ৰৈ যোৱা বিহুখনেই মাইকী বিহু। মাইকী বিহুৱেই সময়ত গাভৰু বিহু আৰু জেংবিহু নামেৰে প্ৰচলন হৈ আহিছে। বিহুৰ উলহ-মালহ , প্ৰেম-পিৰীতিসূচক নাম-নাচ যৌৱনৰ উপাদান। বয়স ভাটি দিলে বিহুৰ অন্তৰ্নিহিত তাৎপৰ্য্যৰ প্ৰতিফলন নঘটে। সেয়েহে বিহুৰ প্ৰতি ৰাগ থাকিলেও জাল কমি আহে, গাভৰু বয়সতহে ইয়াৰ ৰং-ৰহইচৰ পূৰ্ণ প্ৰতিফলন ঘটে। সেইবাবে জাক জাক জীয়াৰীৰ বুকুৰ আবেদন আৰু আবেগৰ বাহক এই বিহুক জেং বিহু বুলি কোৱা হয়।

জেং বিহুৰ নামৰ বৈশিষ্ট্য :

নামেই বিহুৰ ইতিহাস , বিহুৰ পৰম্পৰা আৰু জনজীৱনৰ প্ৰতিফলন ঘটা ৰূপৰ আধাৰ। গাভৰু মনৰ আবেগ-অনুভৱ, আশা-আকাঙ্খা , অভাৱ-অনাটন, দুখ-বেজাৰ সকলোবোৰ সৰল অথচ তীব্ৰভাৱে প্ৰকাশ পায় জেং বিহুৰ নামবোৰৰ মাজেদি। আপোন মনৰ মাধুৰী ঢালি মৰ্মস্পৰ্শীভাৱে প্ৰকাশ কৰা গীতসমূহত সাৰ্বজনীন আবেদন নিহিত হৈ থাকে। এগৰাকী পাটগাভৰুৰ দৈহিক বিকাশৰ সমুত প্ৰকাশ পোৱা আৱেগিক পৰিবৰ্তন, ভৱ-শংকা ইত্যাদি এই নামবোৰৰ মাজেৰেই প্ৰকাশ পায়।

সখি ৰহিমলা          উঠে পানী জলা

ৰিহাৰ আঁচলেৰে ঢাকোঁ

এবাতি পিৰিতি        সাঁচি মই ৰাখিছোঁ

কাকেনো উলিয়াই যাচোঁ।

জীৱনৰ প্ৰাণ-প্ৰাচুৰ্যেৰে ভৰপূৰ উজান-ভাটি সময়ৰ আবেগ ভৰা অনুভৱৰ ঠুনুকা গোপন কথাবোৰ প্ৰাণখুলি বিনিময় কৰিবলৈ গাভৰুহঁতে বাচি লয় এগৰাকী মনে মিলা লগৰী। কেতিয়াবা চেনাইৰ বাতৰি গোপনে অনা-নিয়া কৰা মুহুৰ্তত, বিৰহ কাতৰ লহমাবোৰত তেনে এগৰাকী লগৰীয়ে। সান্তনা দি লগৰীক শান্ত কৰে। যেতিয়া তেনেগৰাকী লগৰী যুগ্ম জীৱনলৈ অগ্ৰসৰ হয় তেতিয়া লগৰীহঁৰ শোক উঠলি উঠে এইদৰে-

লগ ফালি লগৰী          যাবলৈ ওলালি

চকু ফালি বোৱালি শোক

ধনৰে বাতৰি               পামে কেনেকৰি

কোনো দিব শান্তনা মোক।

কেতিয়াবা কোনো গৰাকী গাভৰুৰ বয়স ভটিয়াই যায়, সংসাৰ যাত্ৰা নহয় হে নহয়। তেনে গাভৰুৰ মনৰ মণিকোঠাত দুখবোৰ নৈৰ পানী বঢ়াদি বাঢ়ে, ভাই-ককায়েকে দেখিব নোৱাৰা হয়, নিম নিম বুলি চেনাইধনেও আশা দি নিৰাশ কৰে। তেনে গাভৰুৱে খোলাত লগৰীহঁতৰ আগত মনৰ দুখ প্ৰকাশ কৰে এনেদৰে-

লগৰ সমনীয়াই          পো জী তুলিলে

কোলাত ল‘লে মৰমৰ নাতি

নৈৰ পানী বঢ়াদি          মোৰে দুখ বাঢ়িছে

ককায়ে পাৰিছে গালি।

আকৌ–

নৈ পানী বঢ়িলে            ফেনে-ফুটুকাৰে

নৈ গৰা পৰিছে খহি

নিজেও নিনিলা             আনকো নিদিলা

ঘৰতে কৰিলা বুঢ়ী।

 

জেং বিহুৰ নাচোন :

জেং বিহুৰ বিহুৱতীৰ নাচোন ভঙ্গীতো স্বকীয়তা বিদ্যমান। ইয়াৰ নাচোন শৈলী মুকলি বিহুৰ নাচৰ দৰে যৌনগন্ধী নহয়। জেং বিহুৰ নাচনীৰ নাচোন ভঙ্গীত প্ৰাণ-চঞ্চলতা আছে কিন্তু প্ৰদৰ্শনৰ স্পৃহা নাই। ভৰিৰ গিৰিপনিত পৃথিৱী উৰ্বৰা কৰাৰ উদ্দেশ্যে গাভৰুহঁতে প্ৰাণখুলি প্ৰাণৰ গীত গাই প্ৰাণঢালি নাচে। গাভৰুহঁতে বিহুৰ খোলাত ঘূৰণীয়াকৈ নাচিছিল। সাধাৰণতে দুজনী-চাৰিজনী নাচনী-বৃত্তৰ মাজলৈ গৈ মুখামুখিকৈ হাত মেলি, কঁকাল ভাঙি, ভৰি চলাই , হাতৰ তলুৱা ইলুটি-সিলুটি কৰি হালি জালি নাচিছিল। লগতে ভৰিৰে গিৰিপ গিৰিপ টিপনি ৰাখি নচাটোৱেই আছিল গাভৰু বিহুৰ নাচোন ভঙ্গীৰ পৰম্পৰা। জেং বিহুৰ নামবোৰৰ গায়ন শৈলীত শান্ত সমাহিত ৰূপৰ সুৰ এটি শ্ৰবণ কৰা যায়। নামৰ প্ৰকৃতি অনুসৰি নাচোনৰ লয়লাস ভঙ্গী ধীৰ অথবা খৰ হয়।

বিহু নামৰ গঠন-ৰীতি অনুসৰি তাৰ আগে পিছে কিছুমান জাত লগাই গোৱা হয়। নামবোৰৰ জাত বোৰে গায়ন শ্ৰুতিমধুৰ কৰাৰ লগতে অন্তৰ্নিহিত অৰ্থকো স্পষ্ট কৰি তোলে। নামৰ আগত বা পিছত লগোৱা জাতবোৰ একোটা শব্দ নাইবা খণ্ড বাক্যৰ দৰে হয়। যেনেকৈ- ঐ জান ঐ, জিপ জিপ ঐ, মইনা শৰীল ঐ, মোৰ ধন চেনাইটি, এ দেহা জান ইত্যাদি । উদাহৰণ স্বৰূপে-

১) ঐ জান ঐ- নৈৰ পাৰে পাৰে

ঐ জান ঐ-চৰে ক‘লা গৰু

ঐ জান ঐ-নলৰে গজালি খাই

ঐ জান ঐ-সেইনো ক‘লা গৰু

ঐ জান ঐ-মৰিবৰে পৰা

ঐ জান ঐ, নিজান ঐ – ধনে মৰকীয়া বায়।

২) জিপ জিপ ঐ-

ধনে আনি দিয়া-জিপ জিপ ঐ

পোৱাল সূতা মণি-জিপ জিপ ঐ

গাঁঠি পহুৰ শিঙত-জিপ জিপ ঐ থ‘লোঁ

নিগনি শলিয়াই-জিপ জিপ ঐ

শতৰু শালিলে-জিপ জিপ ঐ

ধনৰে এতাৰি-জিপ জিপ ঐ হ‘লোঁ।

 

জেং বিহুত ব্যৱহৃত হোৱা বাদ্য :

জেং বিহুৰ প্ৰধান বাদ্য হৈছে টকা। ইয়াৰোপৰি গগনা গাভৰুহঁতৰ অন্যতম বাদ্য। এই দুইবিধ বাদ্যকলৈ যৌৱনৰ সপোন ভঙা-পতাৰ অলেখ বিহু নাম ৰচনা হৈছে। বৰ্তমান কোনো কোনোৱে জেং বিহুত সুতুলি বাদ্যও ব্যৱহাৰ কৰিবলৈ লৈছে।

টকা– টকা হৈছে বিহুৰ প্ৰাচীন পৰম্পৰাগত বাদ্য। টকা দুবিধ- মাটি টকা আৰু হাত টকা। মাটি টকা দীঘল ।এই টকা মাটিত খোপনি ধৰি বজোৱা হয়। কিন্তু হাত টকা বাঁহৰ আগৰ পাব এটাৰ পৰা সজা হয়। টকাতো আচলতে তাল ৰাখিবৰ বাবেই ব্যৱহাৰ কৰা হয়। টক্ টক্ শব্দ কৰে বাবেই এই বাদ্যৰ এই বাদ্যৰ নাম টকা। বিহুলৈ যাবলৈ ভনীয়েকে ককায়েকক অথবা চেনেহীয়ে চেনাইক টকা সাজি দিবলৈ কোৱা নিদৰ্শন বিহু নামত পোৱা যায়-

ঔৰে গছতে         মৌৱে বাহেঁ ল‘লে

ককাই পাৰি দিয়া খাওঁ

জাতি বাহঁৰ টকাটি   সাজি দিয়া ককাইটি

বিহু মাৰিবলৈ যাওঁ।

গহনা : গগনা বাঁহেৰে সজা হয়। ইয়াক অতি সূক্ষ্মভাৱে নিৰ্মাণ কৰিব লগা হয়। বাহঁৰ গগনা অসমৰ বাহিৰে অন্য ঠাইত বজোৱাৰ ৰীতি নাই। গগনাও দুবিধ- এবিধ লাহৰী গগনা আৰু আনবিধ ৰামধন গগনা। লাগৰী গগনা ছোৱালীয়ে বগায় আৰু ৰামধন গগনা ল‘ৰাই বজায়। গগনা বাদ্যৰ “তি তাওঁ” ,”তি তাওঁ” সুৰধ্বনি ভেকুলিৰ টোৰ-টোৰনিৰ সৈতে মিল থকা। সেয়ে এই বাদ্য বজালে বৰষুণ দিয়ে বুলি জনবিশ্বাস আছে। চেনাইধনে মৰমৰ উপহাৰ স্বৰূপে বিহুৱতী গাভৰুক সাজি দিয়া গগনাই ডেকা-গাভৰুৰ মনৰ ভাৱ প্ৰকাশক নামসমূহত বহলভাৱে আত্ম প্ৰকাশ কৰিছে।

আগলি বাহঁৰে         লাহৰি গগনা

বহি তাঁতৰ পাতত বাওঁ

আহে কি নাহে ঐ     মোৰে ধন চেনাইটি

চিৰি পাতি মঙলখন চাওঁ।

 

সুতুলি :  সুতুলি মৃন্ময় বাদ্য। এই বাদ্যৰ নিৰ্মাণ সুতুলি  পিঠাৰ আকৃতিৰে কৰাৰ বাবেই ইয়াক সুতুলি বোলা হয়। অৱশ্যে কাঁচিজিনটোৰ দৰে , টেকেলিৰ দৰে গঢ় দিও সুতুলি সজা দেখা যায়। ইয়াৰ গাত এটা সামান্য ডাঙৰ বিন্ধা আৰু বিপৰীত ফালে দুটা সৰু বিন্ধা ৰখা হয়। ডাঙৰ বিন্ধাটোৰে ফুঁৱাই দি সৰু বিন্ধা দুটাত আঙুলিৰে বতাহখিনি নিয়ন্ত্ৰণ কৰি ধ্বনি নিৰ্গত কৰা হয়।

বিহুৱতীৰ সাজ-পাৰ :

অসমৰ সংস্কৃতিত সাজ-পাৰে এটি বিৰল স্থান দখল কৰি আছে। ৰেচমী কাপোৰৰ বাবে বিখ্যাত অসমৰ শিপিনীৰ হাতৰ সূতলাহী, চেলেং-ছকঠিয়া, গামোচা, ৰিহা-মেখেলা আদিৰ যি চমক সেয়া পৃথিৱীৰ আন ক‘তোৱেই পাবলৈ নাই।বিহুৱতী বুলিলে সোণবৰণীয়া মুগা সূতাৰে তৈয়াৰ কৰা ৰিহা-মেখেলাযোৰ পৰিহিতা এগৰাকী উঠন গাভৰুৰ ছবিয়েই হয়তো আমাৰ চকুত ভাহি উঠে। খামুচীয়া কঁকালত মেৰিয়াই পিন্ধা ৰিহাখনে যেন বিহুৰ কেঁচাধাতুৰ সৈতে অব্যভিচাৰী বহু কথাই বুজাই দিয়ে।বিহুৰ বতৰত বিহুৱতীৰ গাত ৰিহাখন নেদেখিলে বিহুৱাৰ মনো যেন পৰিতৃপ্ত নহয়। সেইবাবেই বিহু গীতত গাইছে এনেদৰে-

ৰুণু-জুনু-জুনুমাই তোমাক আজি ভাল লগা নাই

আজি বহাগৰ বিহুত তোমাৰ গাত ৰিহা নাই

ৰুণুমাই মৰম লগা নাই

পিন্ধি আহাগৈ মুগা ৰিহাখন

খোপাতে কপৌফুল

গাত পিন্ধিবা ৰঙা চোলাটো

হাতত জেতুকাৰ বোল জুনুমাই

নকৰিবা ভুল।

 

মুগাৰ মেখেলা, ৰিহা , ৰঙা এটি কপাহী কাপোৰৰ ব্লাউজ, হাতত জেতুকাৰ বোল আৰু খোপাত কপৌফুল নাচনীৰ মৌলিক সাজ-পাৰ। ৰিহাত সাধাৰণতে দবোৱা পাৰি কেচ বছা হয়। তাতে মকৰা দাঁতৰি পাৰি সৰু এটি আঙঠি ফুল বছা পুৰণা ৰিহা বোৰত দেখিবলৈ পোৱা যায়। তদুপৰি কেচবছা আৰু বুটাবছা ৰিহাও অসমীয়া জীয়াৰী-বোৱাৰীৰ অতি হেঁপাহৰ। নাচনীয়ে ৰঙা ব্লাউজ পৰিধান কৰিলে দেখিবলৈ চকুত লগা হয়। বিহুৱতী নাচনীয়ে সোঁমাজত সেওঁতা ফালি কলডিলীয়া খোপা, উধনীয়া খোপা আৰু ঘিলা খোপা বান্ধিছিল। তেনে উদাহৰণ বিহু নামত পোৱা যায়-

দীঘলকৈ চুলিটাৰি

কলডিলীয়া খোপা বান্ধি

গলধনতে পেলাই তুমি

কালৈ চাই মাৰিলা হাঁহিটি ঐ।

ঘিলাৰ আকৃতিৰ খোপাৰ চাৰিওফালে কপৌফুল মেৰিয়াই বান্ধিলে খোপাৰ সৌন্দৰ্য পৰিস্ফুট হয়। খোপাত বিহুৱতীৰ চেনেহৰ বাদ্য লাহৰী গগনাটি গুজি অনা দেখা যায়।

অসমীয়া সংস্কৃতিত সোণ-ৰূপৰ মিনাকৰা আৰু বাখৰ পটোৱা বহু গহনা আছে। কেঁৰু, মাকৰি, গলপতা, ডুগডুগি, জোনবিৰি, বেনা,মালামণি, নলক, গামখাৰু ইত্যাদি অনেক গহনা থাকিলেও বিহুৱতীয়ে কাণত কেঁৰু বা কেঁৰুমুখৰ কাণফুলি, ডিঙিত ঢোলবিৰি বা মাদলি, জোনবিৰি বা ডুগডুগি যিকোনো এবিধ গহনা আৰু হাতত গামখাৰু বা মুঠিখাৰু পৰিধান কৰে। গছতলত বিহু মাৰিবলৈ যাওঁতে নাচনী গাভৰুহঁতে হাতত হাঁচতি আৰু দবোৱা কটাৰী একোখন লৈ গৈছিল। হাঁচতিত বান্ধি নিছিল থুৰীয়া-তামোল।

জেং বিহু অসমৰ জাতীয় উৎসৱ বিহুৰ এটা অন্যতম অঙ্গ। ইয়ে মহিলা সকলৰ মনৰ আনন্দ আৰু দুঃখ-বেদনা প্ৰকাশৰ মাধ্যম। প্ৰকৃতি আৰু জন-জীৱনৰ ছবি অংকিত হোৱা জেংবিহুৰ নামবোৰে সুকীয়া তাৎপৰ্য বহন কৰি আহিছে।

1801392_616846981737526_8946203171407556380_o10313911_616856598403231_8582516699203992735_o

 

 

 

*******************

 

 

2 Comments »